চিনেমাৰ ৰাজনীতি…

চিনেমাৰ ৰাজনীতি…

মৃদুল কুমাৰ সন্দিকৈ

৯০'ত কাশ্মীৰ উপত্যকাত কাশ্মীৰী পণ্ডিতৰ ওপৰত চলোৱা সেই ভয়াবহ নিৰ্যাতনক ইতিহাসে পাহৰি যাব নিদিয়ে। পণ্ডিত সকলৰ পৰিয়ালৰ ওপৰত কি স্তৰত নিৰ্যাতন চলিছিল সেই কথাবোৰ বিভিন্ন কাৰণত তেতিয়া চৰ্চা হোৱা নাছিল বা আজিও সেই পৰিয়ালবোৰে ন্য়ায় নাপালে।

পুষ্কৰ নাথ, সেই সময়ত কাশ্মীৰত নিৰ্যাতিত হোৱা পণ্ডিত সকলৰ ভিতৰত অন্যতম। তেতিয়া তুংগত আছিল কাশ্মীৰত বিচ্ছিন্নতাবাদী আন্দোলন। হত্যা-হিংসাই ছানি ধৰা সন্ত্ৰাস জৰ্জৰ কাশ্মীৰৰ কথা কোনোবাই ভৱাৰ অৱকাশে পোৱা নাছিল। এক কথাত কাশ্মীৰত তেতিয়া চলিছিল সন্ত্ৰাসবাদীৰ শাসন।

কাশ্মীৰ স্বাধীনতা আৰু উগ্ৰ সাম্প্ৰদায়িকতা একাকাৰ হোৱাৰ পৰিণতিতেই যি বিদ্বেষৰ ভাৱ সৃষ্টি হৈছিল তাৰ বলি হৈছিল কাশ্মীৰত থকা পণ্ডিত সকল।ধৰ্মীয় সংখ্যালঘু এই পণ্ডিতৰ পৰিয়াল সকলক অতি নিৰ্মম ভাৱে হত্যা, বলাৎকাৰ কৰাৰ লগতে কাশ্মীৰৰ পৰা খেদি পঠিওৱা হৈছিল।

বিবেক অগ্নিহোত্ৰীৰ সদ্য মুক্তিপ্ৰাপ্ত ছবি "দ্যা কাশ্মীৰ ফাইলচ"ত সেই পটভূমিকেই আধাৰ কৰি লৈ এটা হিন্দু পৰিয়ালৰ দুখ দুৰ্দশা ছবিখনৰ জৰিয়তে দাঙি ধৰা হৈছে। সাম্প্ৰতিক সময়ৰ সৈতে ৩০ বছৰ পূৰ্বৰ কাহিনী ৰাজনৈতিক ধ্যান ধাৰণাৰে তুলি ধৰোতে কেৱল ঘটনাকে প্ৰতিফলিত নকৰি আজিৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ সৈতে সানমিহলি কৰি পেলোৱা হৈছে ছবিখনত।

ছবিখনৰ এটা চৰিত্ৰ কৃষ্ণা পণ্ডিত। যিটো চৰিত্ৰত অভিনয় কৰিছে দৰ্শন কুমাৰে। জেএনইউ ছাত্ৰ কৃষ্ণ আৰু তাতেই এই পণ্ডিতৰ নিৰ্যাতিত পৰিয়ালৰ সন্তানে কাশ্মীৰক লৈ তাৰ এগৰাকী অধ্যাপিকাৰ জৰিয়তে যি পাঠ লাভ কৰিছিল সেয়া আছিল কাশ্মীৰৰ স্বাধীনতাৰ সাপক্ষে। ছবিখনৰ জৰিয়তে তথাকথিত বাঁওপন্থী চিন্তাধাৰাৰ নামত প্ৰলেপ দিয়া একাংশলোকৰ প্ৰগতিশীল দৃষ্টিভংগীকো তুলি ধৰাৰ যত্ন কৰা হৈছে।

'দ্যা কাশ্মীৰ ফাইলচ' কেৱল এখন ছবি নহয়। ই এক পলিটিকেল নেৰেটিভ নেকি? সেই চিন্তাও উত্থাপন হ'ব আৰু হৈছে। ছবিখনৰ কাহিনীৰ মাধ্যমেৰে সত্যক উপস্থাপনৰ জৰিয়তে কৌশলপূৰ্ণভাৱে কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে প্ৰৰোচিত কৰাৰ চেষ্টা কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হ'ব পাৰে।

ৰাজনীতিত ধুমুহা সৃষ্টি কৰিছে ছবিখনে। কাৰোবাৰ মতে এইখন বাস্তৱৰ প্ৰতিফলন, আন কাৰোবাৰ মতে ছবিৰ মাধ্যমেৰে ৰাজনৈতিক লাভা লাভাৰ কাৰচাজি।গোষ্ঠীগত বা সাম্প্ৰদায়িক সংঘৰ্ষই ভাৰতক কোঙা কৰিছে। সেই বাস্তৱক তুলি ধৰাৰ সলনি হিন্দু-মুছলমানক পৃথক কৰাৰ বাৰ্তাৰে পুৰণি ঘাঁ চিকুটি কাশ্মীৰ পণ্ডিতৰ নিৰ্যাতনৰ বিষয়টোক আঁৰত থাকি যদি কোনোবাই ৰাজনীতিৰ সমীকৰণ কৰিছে সেয়া শুভ লক্ষণ নহয়।

হয়। কাশ্মীৰত গণ হত্য হৈছিল। সেই ঐতিহাসিক বাস্তৱক কোনো কাৰণতেই সমৰ্থন কৰিব নোৱাৰি। তেতিয়া কেন্দ্ৰত কাৰ চৰকাৰ আছিল? সেই চৰকাৰক সমৰ্থন কোনে দিছিল? কিয় তেতিয়া এই সকল পণ্ডিতক ৰক্ষণা-বেক্ষণ দিয়াত ব্যৰ্থ হৈছিল।

কাশ্মীৰত বহু সলনি হ'ল। উগ্ৰ সাম্প্ৰদায়িকতাক কেৱল একপক্ষীয়ভাৱে বিচাৰ কৰি অগ্ৰাসী ৰাষ্ট্ৰবাদৰ ভুল সিদ্ধান্তকো সমালোচনা কৰাৰ ধৃষ্টতা আমাৰ থাকিব লাগে। দ্যা কাশ্মীৰ ফাইলচে ভাল ব্যৱসায় কৰিছে কিন্তু যেন এই ব্যৱসায়তকৈ বেছি ৰাজনীতি কৰাত সফল হৈছে এই ছবিখন।

ছবিখনৰ প্ৰশংসাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পঞ্চমুখ। বলিউডৰ কেইবাগৰাকী অভিনেতাই আহ্বান জনাইছে ছবিখন চাবলৈ। হিন্দু সকলক ছবিখন চাবলৈ জনোৱা আহ্বানৰ আঁৰত তাৰ উদ্দেশ্য লুকাই আছে নেকি। এতিয়া ৰাজনীতি ধৰণ কৰণ সলনি হৈছে। সাহিত্য়, সংস্কৃতি, ৰাজনীতি সকলো একাকাৰ হৈ পৰিছে।

১৯৯০ চনত কাশ্মীৰ উপত্যকাত সংঘটিত এই ক'লা অধ্যায়ৰ বা ঘটনা প্ৰৱাহৰ মাধ্যমেৰে নতুনকৈ পাৰস্পৰিক ক্ষোভ আৰু ঘৃণা বিয়পোৱা সলনি নিৰপেক্ষভাৱে বাস্তৱক তুলি ধৰি মানুহৰ মাজলৈ অন্য ধৰণেও স্বচ্ছ বাৰ্তা দিব পৰা বহু অৱকাশ আছিল। সেই সুযোগ যেন গ্ৰহণ কৰিব নিবিচাৰিলে পৰিচালকে।

বিজেপি শাসিত ৰাজ্যবোৰত ছবিখন লৈ প্ৰচণ্ড উচাহ। কোনো কোনোৱে আৰক্ষী বিভাগত নিয়োজিত লোকক চাবৰ বাবে ছুটি দিছে। এই ঢৌৱে অসমতো চুই গৈছে। ব্যস্ত মুখ্যমন্ত্ৰীও ছবিখন চাবলৈ আগ্ৰহী হৈ পৰিছে। ছবিগৃহ বুক কৰি ছবি চাবলৈ যোৱাৰ কথা আগতীয়াকৈ ঘোষণা কৰিছিল। কিয়নো এইখন কেৱল এখন ছবিয়েই নহয়…

পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে ইয়াৰ পূৰ্বে বনাইছিল দ্য়া টাচখান্দ ফাইলচ, তাৰ পাছত দ্যা কাশ্মীৰ ফাইলচ, ফাইলচৰ ধাৰাবাহিকতা ৰক্ষা কৰি তেওঁ ২০০২ চনত গুজৰাটত সংঘটিত হোৱা সংঘৰ্ষৰ কাহিনীয়ে নিশ্চয় বনাব পাৰে আন এখন ছবি দ্যা গুজৰাট ফাইলচ। অপেক্ষা এতিয়া সেই ছবিখনলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in