তেতিয়াৰ ‘বেড বয়’ ছানি বৰুৱা এতিয়া ‘কোটিপতি’ হয়..

তেতিয়াৰ ‘বেড বয়’ ছানি বৰুৱা এতিয়া ‘কোটিপতি’ হয়..

author-image
asomiyapratidin
New Update
তেতিয়াৰ ‘বেড বয়’ ছানি বৰুৱা এতিয়া ‘কোটিপতি’ হয়..

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

৪ বছৰৰ আগৰ কথা। জীৱনৰ বহু পতনৰ অন্তত আৰম্ভ হৈছিল উত্থানৰ এক কাহিনী। এই উত্থান চকুৰ সন্মুখত হোৱা উত্থান। স্খলিত জীৱনলৈ ঘূৰি অহা ছন্দময় সময়ৰ দলিল। ৪ বছৰৰ আগৰ কথা আৰু আজিৰ বাস্তৱৰ মাজত আকাশ পাতাল পাৰ্থক্য।

এটা বেয়া ল'ৰা। সুৰাৰ দৰে নিচা জাতীয় দ্ৰব্যই আছিল তেওঁৰ জীৱন। অষ্টম, নৱম শ্ৰেণী মানত থকাৰ পৰাই ল'ৰা জনে সেই বেয়া পথ বাছি লৈছিল। সুৰা নহ'লে থাকিব নোৱাৰা হৈ পৰিছিল। ঘৰতো ল'ৰাটোক লৈ অভিভাৱকৰ দুচিন্তাত হৈছিল। মাদক দ্ৰব্য খাবৰ বাবে ধনৰ যোগাৰ কৰিবলৈ বিক্ৰী কৰিছিল নিজৰেই তেজ।

সুৰা হেনো এৰিব নোৱাৰে। এবাৰ যি মুখত দিয়ে, তেওঁৰ বাবে সেইবোৰই হৈ পৰে সকলো। মেট্ৰিক পাছ কৰি ল'ৰাজনে এই বেয়া কাম বোৰৰ মাজেৰে নিজৰ জীৱন ধ্বংসৰ পথলৈ আগুৱাই দিছিল। সেই বাটৰ পৰা তেওঁ যে ঘূৰি আহিব পাৰিব সেয়া সপোনৰ অগোচৰ আছিল পৰিয়ালৰ বাবে।

এদিন ল'ৰাজনে আত্মহত্যাৰ পথ বাছি লোৱাৰ সিদ্ধান্ত লৈছিল। শ্লিপিং টেবলেট সেৱন কৰি শেষ কৰি দিব বিচাৰিছিল নিজক। সেই ল'ৰাজন কিন্তু বাছি গ'ল। আত্মহত্যা কৰিব বিচৰা ল'ৰাজনৰ চিকিৎসা চলিল আই চি ইউত। হঠাৎ যেন ন-জীৱন পালে ল'ৰা জনে।

জীৱনত নতুনকৈ উপলব্ধি কৰিলে।জীৱন কি নতুনকৈ বুজিলে। সলনি কৰিলে সিদ্ধান্ত। কিবা এটা কৰাৰ চিন্তাৰে ঘৰৰ চৌহদতে আৰম্ভ কৰিলে নতুন কাম। ব্যৱসায় কৰাৰ এটা মন আছিল সৰুৰে পৰা। ভঙাগড়ৰ ঘৰৰ চৌহদত থকা পুখুৰী সদৃশ এক ঠাই পুতি আৰম্ভ কৰিলে ভাতৰ এখন দোকান।

নাম দিলে 'আখল ঘৰ'।সেয়াই পৰিৱৰ্তনৰ আধাৰ হ'ল। আন হোটেলৰ দৰে নহয় এইখন হোটেল। নাই কোনো কেছ কাউন্টাৰ। হোটেল খনৰ প্ৰৱেশৰ মূল দুৱাৰ খনত থিয় হৈ সকলো তদাৰক কৰে তেওঁ। ভাত খাবলৈ ক'ৰ পৰা মানুহ নাহে। সম্পূৰ্ণ থলুৱা খাদ্যৰে সকলোকে অপ্যায়ন কৰে।

আখল ঘৰৰ খাদ্য সম্ভাৰ আৰু তাৰ মূল্যৰ তালিকা…

সেই দুৱাৰ মুখত তেওঁ থিয় হৈ থকাৰ কাৰণ কেইবাটাও। তাৰ পৰা হেনো তেওঁ ৩৬০ ডিগ্ৰীত সকলো দেখি থাকে। ভিতৰত কোন গ্ৰাহকে কি পোৱা নাই, কিটচেনত কি চলি আছে, নতুনকৈ ভাত খাবলৈ বাহিৰত জুম বান্ধি ৰৈ থকা কোনজন গ্ৰাহক আগত আহিছে, ভাত খাই উঠা গ্ৰাহকৰ পৰা ধন লোৱা আদি সকলো কাম তেওঁ সেই ঠাইৰ পৰাই কৰে।

এখন ভাতৰ হোটেলৰ পৰা বছৰি কিমান টকা উপাৰ্জন হ'ব পাৰে? যোৱা ৪ টা বছৰত তেওঁ টাৰ্ণ অভাৰ ৪ কোটিৰো অধিক হ'ব।কোভিডৰ সময়ত ব্যৱহায় কিছু বেয়া হ'লেও মানুহৰ হোটেল খনৰ প্ৰতি খকা বিশ্বাসে সেই প্ৰত্যাহ্বান দূৰ কৰিলে। এই বছৰ টাৰ্ণ অভাৰ ডেৰ কোটিৰো অধিক হ'ব।

হোটেল খুলিছে বুলি দিনটো তেওঁ হোটেলতে নিদিয়ে। দিনে গড়ে চাৰি ঘন্টা সময় তেওঁ দিয়ে হোটেলত। গ্ৰাহকে হোটেল খনলৈ আহি এক নতুন স্বাদ পায়। সেয়েহে এবাৰ যি আহে আখলৰ ঘৰলৈ দ্বিতীয় বাৰলৈ নহাকৈ থাকিব নোৱাৰে।

ল'ৰা জনৰ নাম ছানি বৰুৱা। এতিয়া তেওঁ প্ৰতিষ্ঠিত ব্য়ৱসায়ী। এই হোটেল খনৰ উপৰিও তেওঁ ষ্ট্ৰীট ফুডৰ ব্যৱসায়টো হাত দিছে। কিছুদিনৰ পূৰ্বে তেওঁ এখন ছুটি ছবিও নিৰ্মাণ কৰিছে। 'ডাৰ্লিং ডকাইত' নামৰ এই ছবি খনত কেইবাগৰাকীও নতুন অভিনেতা-অভিনেত্ৰীক অভিনয় কৰাইছে। কাদাম্বৰী ক্ৰিয়চনৰ বেনাৰত নিৰ্মাণ কৰিছে এই ছবি।

চিন্তা-চৰ্চাত তেওঁ সদায় ব্যতিক্ৰম। হোটেল খনলৈ অহা প্ৰতিজন গ্ৰাহকক তেওঁ সমানেই গুৰুত্ব দিয়ে। চিনা পৰিচয় বুলি কথা নাই। যি জনে প্ৰথম আহে সেইজনেই প্ৰথমে খোৱাৰ সুযোগ পায়। ২৩ আগষ্ট ২০২২ ত আখল ঘৰৰ ৪ বছৰ পূৰ্ণ হ'ল।

হোটেলৰ সন্মুখৰ ভাগ বেলুনেৰে সজাই পৰাই তেওঁ উদযাপন কৰিলে তেওঁ চতুৰ্থ বৰ্ষপূৰ্তি। সেইদিনা ব্যস্ততা আগতকৈ আৰু বাঢ়িল। শুভেচ্ছা জনাবলৈও বহু মানুহ হোটেল খনৰ গ্ৰাহক হ'ল। এনেই তাত বহু গ্ৰাহক। ঘন্টাৰ পাছত ঘন্টা বাহিৰত ৰৈ থাকে খাবৰ বাবে। গ্ৰাহকক বৰ হেঁপাহেৰে কয় এই ভোট জলকীয়াৰ আচাৰ খিনি খাব চোন, ঘৰতে বনোৱা।

নিৰামিষ ভাত ৬০ টকা, লোকেল মুৰ্গী মাংসৰ সৈতে ১৭০ টকা, ছাগলীৰ মাংস ১২০ টকা, লোকেল মাছ ৫০ টকা, , অমলেট ১০ টকা আদি। কম দামত উতকৃষ্ট খাদ্য আৰু আন্তৰিকতাৰে এসাঁজ ঘৰত খোৱাৰ দৰে স্বাদ পাই গ্ৰাহকে। অসমৰ লাখ লাখ যুৱকে নিৱনুৱা । সেই সকলৰ বাবে ছানি বৰুৱা সদায় অনুপ্ৰেৰণা।

কি জীৱন এৰি তেওঁ নিজৰ জীৱনটোক নতুনলৈ গঢ়িলে ভাৱিলেই সপোন সপোন লাগে। এতিয়া তেওঁ মুখত কোনো মাদক দ্ৰব্য নিদিয়ে। মাদ্ৰক দ্ৰব্যত আসক্ত যুৱক সকলৰ প্ৰতি তেওঁ কয় জীৱন এবাৰেই, জীৱনত কিবা এটা কৰা। ৰাজ্যত চাকৰিৰ বাবে হাহাকাৰ লাগিছে। ৩০-৪০ হাজাৰ যুৱক-যুৱতীয়ে বাৰু চৰকাৰী চাকৰি পাব।

১৪-১৫ লাখ নিবনুৱাৰ মাজৰ পৰা ৩০-৪০ হাজাৰ যুৱক-যুৱতীয়ে সংস্থাপন পাব। বাকী সকলৰ কি হ'ব? ছানি বৰুৱাই দেখুৱাইছে সেই আত্ম সংস্থাপনৰ পথ। নিজৰ লগতে তেওঁ আন ১০ জনকো সংস্থাপন দিছে। মন কৰিলেই ছন।

এতিয়া সু প্ৰতিষ্ঠিত ছানি বৰুৱা।আগৰ দৰেই আখল ঘৰকলৈ তেওঁ সজাগ। নীৰৱে তেওঁ অকলে গঢ়ি তুলিছে অৰ্থনৈতিক বিপ্লৱ তথা স্বাৱলম্বিতাৰ নিদৰ্শন। এইবোৰ সমাজৰ বাবে উদাহৰণ। হাজাৰ হাজাৰ লোকক এই খবৰবোৰে অনুপ্ৰাণিত কৰে।

সুৰাৰ লগতে বিভিন্ন মাদক দ্ৰব্যত আসক্ত সমাজখনকলৈ ছানি বৰুৱাৰ দৰে উদাহৰণে আশাৰ বাট কাটে। অসম চৰকাৰে অসম বৈভৱ,অসম গৌৰৱ আদি বঁটা দি বিভিন্ন ক্ষেত্ৰৰ লোকসকলক উৎসাহিত কৰাৰ উদ্যোগ লৈছে।এদিন এনে সন্মান ছানি বৰুৱাইও পোৱাৰ যোগ্য। তেওঁৰ একাগ্ৰতাৰ স্বীকৃতিয়ে এই কথাৰ বহল প্ৰচাৰ কৰিব। গভীৰ আত্ম বিশ্বাসেৰে জীৱনৰ পথ সলনি কৰি ৰত্নাকৰৰ পৰা বাল্মিকী হোৱা আধুনিক কাহিনী এয়া। অভিনন্দন ছানি বৰুৱা।

আৰু পঢ়ক: ৮ জনহে অসমীয়া আই এ এছ! মানুহ কিন্তু আমি ৩ কোটি…

assam guwahati