লুকাল নে ঢুকাল? আজিও আমেৰিকাক লাগে অসমৰ ইফটিকাৰৰ খবৰ…

লুকাল নে ঢুকাল? আজিও আমেৰিকাক লাগে অসমৰ ইফটিকাৰৰ খবৰ…

author-image
asomiyapratidin
New Update
লুকাল নে ঢুকাল?  আজিও আমেৰিকাক লাগে অসমৰ ইফটিকাৰৰ খবৰ…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

অসমৰ একালৰ এজন অতি মেধাৱী ছাত্ৰ হেৰাইছে। ২০১৬ চনৰ পৰা সন্ধানহীন হৈ আছে এই ছাত্ৰ গৰাকী। তেওঁৰ সৈতে একেলগে পঢ়া গুৱাহাটীৰ স্কুলীয়া আৰু কলেজীয়া দিনৰ বন্ধুবোৰে তেওঁৰ স্মৃতি এতিয়াও সজীৱ কৰি ৰাখিছে। কোনোৱে নাজানে ক'ত এতিয়া তেওঁ। আছে নে নাই এই সংসাৰত।

১৯৮৭ চনৰ কথা। তেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল মানেই বিৰাট উৎসাহ। মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱায়েই ডাঙৰ কথা। ল'ৰাটোৱে কিন্তু তেতিয়াই গুৱাহাটী পান বজাৰত থকা ড'নবস্কৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ ৰাজ্য়ৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছিল।

বাতৰি কাকতত ফটো ওলাইছিল আন স্থান পোৱা ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে। বাতৰিৰ শিৰোণাম হৈছিল- ড'নব'স্কৰ ইফটিকাৰ ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখল । সম্পূৰ্ণ নাম আছিল ইফটিকাৰ আলী আহমেদ। তেতিয়া তেওঁলোক আছিল অসম সচিবালয়ৰ কৰ্মচাৰী সকল থকা লাষ্টগেটৰ চৰকাৰী কোৱাৰ্টাৰত।

পঢ়া-শুনাত অত্যন্ত মেধাৱী আছিল ইফটিকাৰ। মাতৃ আছিল গুৱাহাটীৰ এখন সন্মানীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী। সচিবালয়ত কাম কৰিছিল ইফটিকাৰৰ পিতৃয়ে। পঢ়া-শুনাৰ উপৰিও তৰ্ক, কুইজতো পাৰ্গত আছিল ইফটিকাৰ। মেট্ৰিকত দ্বিতীয় স্থান দখল কৰি উত্তীৰ্ণ হোৱা ইফটিকাৰে উচ্চতৰ মাধ্যমিক শ্ৰেণী অধ্যয়ন কৰিছিল তেতিয়াৰ কটন কলেজত।

১৯৮৯ চনত কটনৰ পৰা ইফটিকাৰে বিজ্ঞান শাখাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰিছল। পৰৱৰ্তী সময়ত অধ্যয়নৰ বাবে ৰাজ্য়ৰ বাহিৰলৈ গৈছিল ইফটিকাৰ। আই আই টি দিল্লীৰ পৰা অভিযান্তিক শিক্ষা গ্ৰহণ কৰি ইফটিকাৰে বিশ্বৰ ভিতৰতে সন্মানীয় হাৱাৰ্ড বিজনেছ স্কুলৰ পৰা এম বি এ ডিগ্ৰী লৈছিল।

পৰৱৰ্তী সময়ত বিশ্বৰ বহু প্ৰতিষ্ঠিত কোম্পানীত কাম কৰি প্ৰতিষ্ঠিত হৈছিল আমেৰিকাত। জয় জয়, ময় ময় অৱস্থা আছিল ইফটিকাৰৰ। টেকনলজি চেক্টৰত কনজিউমাৰ ইন্টাৰনেট, কমিউনিকেশ্যন কৰ্পাৰেট আদিত কাম কৰা ইফটিকাৰে আমেৰিকাৰ পৰা গুৱাহাটীলৈ আহিলে তেতিয়াই ব্যক্তিগত জেট বিমান লৈ আহিছিল।

সেইজন ইফটিকাৰৰ এতিয়া সন্ধান নাই। পৰিয়ালৰ সৈতেও নাই কোনো যোগাযোগ। গুৱাহাটীৰ এটা এপাৰ্টমেন্টত বাস কৰে তেওঁৰ মাতৃ। পুত্ৰৰ বিষয়ে তেওঁ নাজানে কোনো কথা। ইমান সু-প্ৰতিষ্ঠিত ইফটিকাৰ জীৱনৰ ছন্দ পতন হোৱাৰ কাৰণ কি তাক লৈ বন্ধু বৰ্গৰ মাজতো চলে আলোচনা।

আমেৰিকাৰ এগৰাকী প্ৰতিষ্ঠিত লোক হিচাপে ইফটিকাৰে ভাৰতৰ নাগৰিকত্ব এৰি আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল। ইফটিকাৰে স্থাপন কৰিছিল ওক ইনভেছমেন্ট পাৰ্ক নামৰ ব্যক্তিগত খণ্ডৰ ইকুইটি ফাৰ্ম। এই ফাৰ্মৰ জৰিয়তে ইফটিকাৰে প্ৰায় ৫৪ মিলিয়নতকৈ অধিক ধনৰ এক কেলেংকাৰীৰে জড়িত হৈ পৰাৰ অভিযোগ উঠিছিল।

ভাৰতীয় টকাৰ হিচাপত সেই কেলেংকাৰীৰ পৰিমান ৪৩১ কোটিতকৈও অধিক। ভুৱা তথ্যৰে এই ফাৰ্মৰ জৰিয়তে জালায়াতিৰ আশ্ৰয় লৈ ধন আত্মসাৎ কৰাৰ অভিযোগ উঠাৰ পাছত ইফটিকাৰ কিছুদিন পলাই আছিল। ২০১৫ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰত গ্ৰেপ্তাৰ হোৱা ইফটিকাৰ বষ্ট'নৰ ফেডাৰেল কোৰ্টত হাজিৰ কৰা হৈছিল।

সেই সময়ত এইবোৰ খবৰে আমেৰিকাৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল। বে আইনী উপায়েৰে ধন আত্মসাৎ কৰা আৰু আয়কৰ জালায়াতি আদি কেইবাটাও গোচৰ তেওঁৰ ওপৰত ৰুজু হৈছিল। ২০০৪ চনৰ পৰা ২০১৫ চনলৈ ইফটিকাৰে ওক ইনবেছমেন্ট পাৰ্কৰ জৰিয়তে সাধাৰণ অংশীদাৰ সকলৰ পূঁজি ব্যৱস্থাপক ৰূপে ৫৪ মিলিয়ন আত্মসাৎ কৰা বুলি অনুসন্ধান চলিছিল তেওঁৰ বিৰুদ্ধে।

আমেৰিকাত পত্নী আৰু ৩ সন্তানৰ সৈতে বাস কৰিছিল তেওঁ। আমেৰিকাৰ গ্ৰীণৱিছত ৯.৬ মিলিয়ন ডলাৰেৰে এটা ঘৰ কিনিছিল ইফটিকাৰে। নিউয়ৰ্কত আছিল তেওঁৰ ৮.৬ মিলিয়ন ডলাৰৰ এটি বিলাসী এপাৰ্টমেন্ট। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিবক্তা এম আৰ্টিজে সেই সময়ত মাৰ্কিন সংবাদ মাধ্যমক জনাইছিল দীঘলীয়া পৰিকল্পনাৰে তেওঁ এই ধন আত্মসাৎ কৰিছিল।

ভ্ৰমণৰ নামত ভুৱা বিল, আন্তৰাষ্ট্ৰীয় বজাৰত শ্বেয়াৰ অধিক দামত ক্ৰয়, ভুৱা বেংক একাউন্টলৈ তেওঁৰ প্ৰতিষ্ঠানৰ পৰা ধন সৰবৰাহ কৰা তথ্য লাভ কৰিছিল আমেৰিকা আৰক্ষীয়ে। ২০১৪ চনৰ নৱেম্বৰত ওক ইনভেচমেন্ট পাৰ্কক এটা আন্তজাৰ্তিক ব্যৱসায় প্ৰতিষ্ঠানৰ ২০ মিলিয়ন ডলাৰ বিনিয়োগ কৰিবলৈ চুক্তি কৰা হৈছিল।

কিন্তু কেৱল ২ মিলিয়ন ডলাৰ সেই কোম্পানীত বিনিয়োগ কৰি বাকী ১৮ মিলিয়ন ডলাৰ ইফটিকাৰে তেওঁৰ ব্যক্তিগত একাউন্টত জমা কৰি বিলাসী বাসগৃহ আৰু গাড়ী ক্ৰয় কৰিছিল। ইফটিকাৰক অবৈধ ধন সৰবৰাহৰ বাবে জৰিমণা বিহা হৈছিল। সেই ধন তেওঁ জমা দিয়াৰ লগতে কাৰাবাসো খাটিছিল।

তাৰ পাছত ইফটিকাৰ ক'ত গ'ল সেই খবৰহে কাৰো হাতত নাই। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভিছা বাতিল হোৱাৰ সমান্তৰাল ভাৱে ভাৰতে দ্বৈত নাগৰিকত্ব ব্যৱস্থা উঠাই দিয়াত ভাৰতীয় ভিচাও তেওঁৰ অবৈধ হৈ পৰিছিল। তেওঁক লৈ বিভিন্ন জনৰ বিভিন্ন ধাৰণা।

সঠিক খবৰ কাৰো হাততে নাই। বহু দিনলৈ তেওঁ মেইল যোগে এখন মাৰ্কিন সংবাদ পত্ৰৰ সৈতে যোগাযোগ ৰাখিছিল। সঁচাকৈয়ে ইফটিকাৰে এই কেলেংকাৰীৰ খলনায়ক আছিল, নে আমেৰিকাত হঠাৎ প্ৰতিপত্তি হৈ পৰা ইফটিকাৰৰ বিৰুদ্ধে চলিছিল যড়যন্ত্ৰ।

তেওঁৰ লগৰবোৰে কয় এক প্ৰতিভাৰ অপচয় হ'ল এইদৰে। কৰ্কট ৰোগতো আক্ৰান্ত হোৱা বুলি হেনো তেওঁ কাৰোবাক খবৰ দিছিল। আমেৰিকাৰ পৰা ভাৰতলৈ উভতি আহি কোনোবা চহৰত বাস কৰা বুলিও দুই একে ধাৰণ কৰে। আন একাংশৰ মতে ইফটিকাৰ কোনোবা ইছলামিক দেশত আত্মগোপন কৰি আছে।

অসমৰ একালৰ এই মেধাবী ছাত্ৰ জনৰ উত্থান আৰু পতন এনেদৰেই আঁৰতেই ৰৈ গ'ল। অধিক লোভেই কাল হ'ল নেকি ইফটিকাৰৰ? ইফটিকাৰে বহু দান বৰঙণিও দিছিল। এনে কথাও শুনা যায় যে ড'নব'স্ক ইনষ্টিটিউটৰ পুথিভঁৰালটো পিতৃৰ নামত প্ৰায় ৪০ লাখ টকা ব্যয়ৰে ইফটিকাৰে সাজি দিছিল।

বহু মেধাৱী ছাত্ৰ এনেদৰেই হেৰাই যায়। ফলাফল ঘোষণাৰ দিনা আমি তেওঁকলৈ ব্যস্ত হৈ পৰো। তাৰ পাছত কি কৰে বা কি হয় সেইবোৰৰ খবৰ কোনোৱে নাৰাখে। যেনেদৰে ৰখা নাই ইফটিকাৰৰ খবৰ কোনোৱে। বন্ধৰ মহলত কেৱল চৰ্চা হয় ইফটিকাৰৰ কথা। কোনোবাই কয়- কিয় এনে কৰিলে সি।

যোৱা ৭ বছৰ ধৰি ইফটিকাৰৰ ঠিকনা কাৰো হাতত নাই। আমেৰিকাৰ সম্ভৱ আটাইতকৈ ধনী অসমীয়া গৰাকী, ৰাজ্যৰ একালৰ অতি মেধাবী ছাত্ৰ গৰাকী হেৰাই গ'ল সময়ৰ হাতত। লোভেই বাৰু তেওঁৰ বাবে কাল হ'ল নেকি? সেই প্ৰশ্ন বন্ধু মহলে ইফটিকাৰৰ কথা ওলালে ইজনে সিজনক এতিয়াও কৰে।

assam america