কৰিছেনে মন, ছাৰৰ এই জাননী খন !

কৰিছেনে মন, ছাৰৰ এই জাননী খন !

author-image
asomiyapratidin
New Update
কৰিছেনে মন, ছাৰৰ এই জাননী খন !

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

লংকালৈ গ'লে সকলো ৰাৱণ হয়। জনপ্ৰতিনিধি নিৰ্বাচিত হোৱাৰ পাছত আমাৰ জনপ্ৰতিনিধি সকলে তেওঁলোকৰ ৰাইজৰ প্ৰতি দায়ত্ববোধ পাহৰি যায়। নিৰ্বাচনৰ সময়ত ৰাইজৰ অভাৱ অভিযোগকলৈ সৰৱ হৈ পৰা একেজন নেতাই বিধায়ক বা সাংসদ হোৱাৰ পাছত ৰাইজলৈ পিঠি দিয়ে।

এগৰাকী জনপ্ৰতিনিধিৰ দায়িত্ব আৰু কৰ্তব্য জন সাধাৰণে সোৱৰাই দিব লগা হয়। কিন্তু সেই সতৰ্কবাণী লৈ কাণসাৰ দিয়ে কেইজন জনপ্ৰতিনিধিয়ে। ৫ বছৰৰ বাবে বিধায়ক, সাংসদ হিচাপে নিৰ্বাচিত হৈ তেওঁলোক হৈ পৰে ৰাইজৰ বাবে একো একোজন ভিভিআইপি।

সকলো জনপ্ৰতিনিধিয়ে অৱশ্যে একে নহয়। কিন্তু গৰিষ্ঠ সংখ্যক জনপ্ৰতিনিধিৰ বিৰুদ্ধে সাধাৰণ ৰাইজৰ বহু অভিযোগ থাকে। ৰাইজৰ ভোটেৰেই ৰাইজৰ প্ৰতিনিধি ৰূপে নিৰ্বাচিত হোৱাৰ পাছত সাধাৰণ ৰাইজৰ প্ৰতি কৰা আচৰণ গ্ৰহণযোগ্য নহয়।

কোনো এক নিৰ্দিষ্ট ৰাজনৈতিক দলৰ পৰা নিৰ্বাচন জয়ী হৈ ৰাতিটোৰ ভিতৰতে লুটি বাগৰ মৰা নেতা বা জনপ্ৰতিনিধিৰ বিশ্বাসযোগ্যতাক লৈ এতিয়া কাৰো ভৰসা নাই। গণতন্ত্ৰত অৱক্ষয় আৰু স্খলিত হোৱা পৰিৱশৰ মাজত ক্ষমতা কেন্দ্ৰিক প্ৰৱণতাই আমাক জন প্ৰতিনিধি সকলৰ মান মৰ্যদা লাঘৱ কৰিছে।

দিছপুৰ অসমৰ ৰাজনীতিৰ অভিকেন্দ্ৰ। অসম বিধান সভালৈ নিৰ্বাচিত হৈ অহা বিধায়ক সকলে তেওঁলোকৰ সমষ্টি অভাৱ-অভিযোগ আৰু আন ৰাজনৈতিক, অৰাজনৈতিক বিষয়বোৰক লৈ ব্যস্ত হৈ থাকিব লগা হয়। সমষ্টিৰ ৰাইজ মানেই এই জনপ্ৰতিনিধি সকলৰ বাবে ভগৱান স্বৰূপ।

এটা দিন আছিল শ্বিলঙত ৰাজধানী থকাৰ সময়ত অসমৰ বহু পুৰোধা ৰাজনীতিবিদক লগ কৰিবলৈ দিনে ৰাতিয়ে একাকাৰ কৰি তেতিয়াৰ বৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ গৈছিল। সমষ্টি বা আন কাৰণত মন্ত্ৰী-বিধায়কক লগ কৰিবলৈ যোৱা দৰ্শনাৰ্থী সকলে কাম হ'লেও, নহ'লেও নেতা সকলৰ সাক্ষাতৰ মধুৰ স্মৃতি লৈ উভতিছিল।

কোনো দিনেই নেদেখা এজন মানুহৰ প্ৰতি বিধায়ক-মন্ত্ৰী সকলে যি আন্তৰিকতা প্ৰদৰ্শন কৰিছিল তাত দৰ্শনাৰ্থী সকল অভিভূত হৈছিল। এতিয়া নেতা-মন্ত্ৰী, বিধায়কক সকলক লগ কৰিবলৈ দৰ্শনাৰ্থী যায়। খাচ মানুহ নহ'লে তেওঁলোকক সাক্ষাৎ কৰি দুটা কথা পাতিব পৰাতো বহুতৰ বাবে সৌভাগ্য বিবেচিত হয়।

নেতা, মন্ত্ৰী-বিধায়কৰ আজিকালি চোন সাধাৰণ লোকৰ সৈতে কথা পাতিবলৈ আজৰিয়েই নাথাকে। তেওঁলোক ইমান ব্যস্ত আৰু ভিভিআইপি যে তেওঁলোকক কেন্দ্ৰ কৰি এক শ্ৰেণীৰ লোক সৃষ্টি হয়, যি সকলে সাধাৰণ ৰাইজ আৰু তেওঁলোকৰ মাজত এখন অভেদ্য প্ৰাচীৰ থিয় কৰি ৰাখে।

কেতিয়াবা কোনোবা মন্ত্ৰী বা বিধায়কক সাক্ষাৎ কৰিবলৈ যাঁওতে সাক্ষাতৰ বাবে দিয়া সময়তকৈ এক দুই মিনিট সময় আগতে যোৱাৰ অভ্যাস আছে নেকি? সাক্ষাতৰ বাবে যোৱা লোক সকলৰ বাবে থকা অপেক্ষাগৃহত এক দুই মিনিট সময় পূৰ্বে গৈ বহেগৈ নেকি ?

এই কথা খিনি কোৱাৰ কাৰণ আছে। অসমৰ এজন জ্যেষ্ঠ বিধায়কৰ এখন জাননী হয়তো বহুতেই পঢ়িছে। বিধায়ক জনে তেওঁৰ সাক্ষাতৰ বাবে যোৱা লোক সকলক উদ্দেশ্যি এই জাননী আৰি থৈছে। জাননী খনত কি লিখা আছে এবাৰ পঢ়ি লোৱাৰ পাছত তাৰ সাৰমৰ্ম বুজা জনে অনুভৱ কৰিব।

বৰ্তমানৰ এই বিধায়ক জন শাসকীয় পক্ষৰ । আৰু তেওঁ লিখি থোৱা জাননী খনৰ কথা এয়া। জাননী খনৰ ওপৰত লিখা আছে- "মোৰ কাম বন ঢেৰ"। তাৰ পাছত লিখিছে- "৯ বজাত যদি কাৰোবাক সময় দিও তাৰ ১ মিনিটৰ আগতে নাহিব। একো কাম বন নাই যেতিয়া তাতেই বহি থাকোগৈ ব'ল- বহুতেই এনে কৰে বাবে এই জাননী"।

এই জাননী খন পঢ়াৰ পাছত আপোনাৰ কি উপলব্ধি হ'ব? সমষ্টিৰ কোনোবা এজন মানুহ, বিধায়কক সাক্ষাতৰ বাবে যোৱা কোনোবা এজন লোকক উদ্দেশ্যি এই জাননী? যিমান পাৰি মানুহৰ মাজত জনপ্ৰতিনিধি সকলে থাকিবলৈ চেষ্টা কৰিব লাগে। কিন্তু মোৰ কাম বন ঢেৰ বুলি কোনোবা ১ মিনিটৰ আগতেও নাহিবলৈ এনেদৰে জাননী আঁৰি থব পৰা জনপ্ৰতিনিধি জনৰ ধৃষ্টতা কি পৰ্যায়ৰ হ'ব পাৰে ?

দিছপুৰত এতিয়া শাসকীয় দলৰ এজন বিধায়কৰ এই জাননী পঢ়াৰ পাছত কেনেকৈ ক'ব এই ধৰণৰ জনপ্ৰতিনিধি সকলে জনতা জনাৰ্দনলৈ পিঠি দিয়া নাই। তেওঁ কাৰোবাক সাক্ষাৎ কৰে নকৰে সেয়া তেওঁ নিজৰ বিষয়। কিন্তু তেওঁৰ সাক্ষাতৰ বাবে যোৱা প্ৰতিজন দৰ্শনাৰ্থীক উদ্দেশ্যি আঁৰি থোৱা এই জাননী কাৰোবাৰ বাবে হাস্যকৰ হ'লেও বাস্তৱত এয়াই এচাম জনপ্ৰতিনিধিৰ মানসিকতাৰ চানেকি।

এই জাননী খন যি জন বিধায়কে আঁৰি থৈছে তেওঁৰ নিশ্চয় শুভ বুদ্ধি উদয় হ'ব। নিৰ্বাচনৰ সময়ত ভোট বিচাৰি তেওঁলোক যাঁওতে সাধাৰণ ৰাইজৰো বহু কাম থাকে। সেই সকলো কাম একাষৰীয়া কৰি নেতা সকলৰ বৰ বৰ ভাষণ শুনে। নিৰ্বাচনৰ দিনা ৰ'দ বৰষুণ একাকাৰ কৰি বহুমূলীয়া ভোটদান কৰে।তাৰপাছত সেই নেতা জনে জনপ্ৰতিনিধি হৈ কৰা এনে আচৰণ অসন্মানজনক।

যি গৰাকীয়ে এই কাম কৰিছে তেওঁৰ বিচাৰ বুদ্ধিৰে নিজক এজন সাধাৰণ দৰ্শনাৰ্থী ৰূপে ধৰি লৈ সেই পৰিৱেশৰ কথা ভাৱক। জনপ্ৰতিনিধি গৰাকীক লগ কৰিবলৈ গৈ এই জাননী পঢ়াৰ পাছত মনলৈ কি ভাল আহিব পাৰে তাকো চিন্তা কৰক। তাৰ পাছত নিশ্চয় তেওঁৰ বিবেকে ক'ব এই ধৰণৰ জাননীৰে সাধাৰণ জনতাক বা দৰ্শনাৰ্থীক অসন্মান কৰাতো গণতন্ত্ৰত অনুচিত। সেই চিন্তা আৰু বিবেকৰ তাড়নাৰ পাছত তেওঁ নিশ্চয় নিজ হাতেৰেই এই জাননী খন জাবৰলৈ দলিয়াই দিব। কাৰণ গণতন্ত্ৰত ৰাইজেই ৰজা!

আৰু পঢ়ক: লুকাল নে ঢুকাল? আজিও আমেৰিকাক লাগে অসমৰ ইফটিকাৰৰ খবৰ…

assam mla assam govt bjp