/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/bikhekh-lekha.jpg)
মৃদুল কুমাৰ সন্দিকৈ
সংকটত মহাৰাষ্ট্ৰৰ চৰকাৰ। চুৰাটৰ পৰা আহি বুধবাৰৰ পুৱা ৪০ জন বিসম্বাদী বিধায়কে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পতাৰ পাছত মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ গুৱাহাটী হৈ পৰিছে। বিসম্বাদী ৰাজনীতিৰ ৰাজধানী গুৱাহাটী হৈ পৰিল নেকি? ইয়াৰ পূৰ্বেও গুৱাহাটীৰ পৰা আন কেইবাখনো ৰাজ্যৰ ৰাজনীতিৰ উত্থান-পতন নিয়ন্ত্ৰণ হৈছিল।
শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্ধেৰ নেতৃত্বত উদ্ধৱ থাকৰে চৰকাৰৰ বিৰুদ্ধে চলা চৰকাৰ হটাও এই অভিযানত হয়তো বিজেপিয়ে শেষ হাঁহি মাৰিব। কিন্তু ই আকৌ এবাৰ গণতন্ত্ৰৰ প্ৰতি চৰম আঘাত সানিলে। মহাৰাষ্ট্ৰৰ দৰে এখন ৰাজ্যৰ ৰাজনীতি শিৱসেনাৰ নেতৃত্বত এন চি পিৰ সহযোগত নিয়ন্ত্ৰিত হৈছিল।
ৰাজ্যখনত মুঠ বিধানসভাৰ আসন আছিল ২৮৮ খন।২০১৯ ৰ ২১ অক্টোবৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপিয়ে ১০৫ খন আসন লাভ কৰিছিল, শিৱসেনাই ৫৬ খন, এন চি পিয়ে ৫৪ খন কংগ্ৰেছে ৪৬ খন আৰু অন্যান্যই ১৩ খন আসন লাভ কৰিছিল।
তাৰপাছত বহুজন বিকাশ আঘাৰী চৰকাৰ গঠন কৰিছিল উদ্ধৱ থাকৰেৰ নেতৃত্বত। মহাৰাষ্ট্ৰ দৰে এখন ৰাজ্যত বিজেপিৰ এই পতন দলটোৱে সহজভাৱে ল'ব পৰা নাছিল। বিশেষকৈ শিৱসেনাৰ সৈতে বিজেপিৰ সংঘাত সেই সময়ত স্পষ্টৰূপত থকা পৰিছিল। সেয়েহে চৰকাৰ গঠন কৰিও ক্ষমতাত থাকিব নোৱাৰা পোতক তুলিবলৈ বিজেপিয়ে সদায় চেষ্টা চলাই আহিছে।
চৰকাৰ গঠন কৰিবলৈ বিজেপিক প্ৰয়োজন হোৱা বিধায়কৰ সংখ্যা তাকৰ নাছিল। এক প্ৰকাৰৰ উলম্ব বিভাজন কৰি শিৱসেনাৰ গৰিষ্ঠ সংখ্যক বিধায়কক নিজৰ পক্ষলৈ অনাত সফল হ'ল বিজেপি। দলত্যাগ আইনৰ আওতাত নপৰিবলৈ নুন্যতম ৩৭ জন বিধায়কে দল এৰিব লাগে যদিও শিৱসেনাৰ বিসম্বাদী মন্ত্ৰী তথা দলটোৰ প্ৰাক্তন মুখ্য সচেতক একনাথ সিন্ধেৰ দাবী তেওঁৰ সৈতে শিৱসেনাৰ ৪০ জন বিধায়কৰ সমৰ্থন আছে। ইয়াৰ উপৰিও নিৰ্দলীয়া ৭ জন বিধায়কে তেওঁক সমৰ্থন দিব বুলি দাবী কৰিছে।
গুৱাহাটীলৈ অহা বিসম্বাদী বিধায়ক সকলৰ ভিতৰত ৩৩ জন শিৱসেনাৰ আৰু ৭ জন নিৰ্দলীয় বিধায়ক আছে। যিকোনো মুহুৰ্ততে শিৱসেনাৰ চৰকাৰ পতন হৈ শিৱসেনাৰ বিদ্ৰোহী বিধায়কৰ সমৰ্থনত বিজেপিয়ে মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিব বুলিয়েই এতিয়া চৰ্চা চলিছে।
শেহতীয়াকৈ ৰাজনীতিত প্ৰমূল্যবোধৰ অভাৱ ঘটিছে। ধন আৰু ক্ষমতা সৰ্বস্ব ৰাজনীতিয়ে গিলি পেলাইছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু চৰকাৰ বচাবলৈ চেষ্টা চলাই আছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। চুৰাটলৈ মধ্যস্থতাকাৰী হিচাপে মিলন নাভেকাৰক প্ৰেৰণ কৰিছিল যদিও সফল নহ'ল। তেওঁলোকৰ দাবী বিদ্ৰোহী বিধায়ক সকলে এন চি পি কংগ্ৰেছ এৰি বিজেপিৰ সৈতে লগ লাগি চৰকাৰ গঠন কৰিব লাগিব।
এতিয়া গুৱাহাটীৰ ৰেডিশ্বন ব্লুৰ তৎপৰতা লৈ সতৰ্ক দৃষ্টি ৰাখিছে মুম্বাই। ৰেডিশ্বন ব্লুতে মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনৰ মন্ত্ৰনা চলিব । কিন্তু সুস্থ গণতন্ত্ৰৰ বাবে ই এক চৰম আঘাত। বিজেপি শাসিত এখন ৰাজ্য হিচাৰে অসমত এই পট পৰিৱৰ্তনৰ ঘাটি পতা হৈছে।
সঘন যোগাযোগ ৰাখিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই। সুশান্ত বৰগোহাঁই আৰু পল্লৱ লোচন দাসে এই বিদ্ৰোহী বিধায়কসকলৰ সংগ দিছে। বিদ্ৰোহী শিৱসেনা বিধায়ক সকলৰ দাবী শিৱসেনাৰ বৰ্তমানৰ নেতৃত্বই হিন্দুত্ব এজেণ্ডাক বিসৰ্জন দিছে। এতিয়া সিন্ধে হৈছে উদ্ধৱ থাকৰে চৰকাৰৰ বাবে মুৰৰ কামোৰণি।
বিসম্বাদৰ এনে অসুস্থ অপ সংস্কৃতিৰ সৈতে নাম সাঙুৰ খালে গুৱাহাটীৰ। মহাৰাষ্ট্ৰৰ নগৰ উন্নয়ন বিভাগৰ দায়িত্বত থকা সিন্ধেৰ সৈতে আছিল দেৱেন্দ্ৰ ফাৰ্নাবিজৰ সু সম্পৰ্ক। খবৰ এনেদৰেও পোৱা গৈছে যে আৰু কেইবাজনো বিধায়ক আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাছতেই গোপন বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব।
বিসম্বাদী ৰাজনীতিত অসমত কংগ্ৰেছ থকা সৰকা হৈছিল। সেই বিসম্বাদী ৰাজনীতিৰ নেতৃত্ব দিছিল হিমন্ত বিশ্ব শৰ্মাই। তেওঁ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী । আৰু এতিয়া যেন তেওঁৰ পৃষ্ঠপোষকতাতেই পুনৰ আৰম্ভ হৈছে মহাৰাষ্ট্ৰৰ দৰে ৰাজ্য়ৰ চৰকাৰ ভঙা-পতা খেল।
বিদ্ৰোহী মন্ত্ৰী একনাথ সিন্ধে পৰৱৰ্তী মুখ্যমন্ত্ৰ হ'ব পাৰে নেকি? কি চৰ্তত এই চৰকাৰ গঠন হ'ব তাৰো দিশত আলোচনা চলিব গুৱাহাটীত। শিৱসেনাৰ নেতৃত্বৰ দাবী ধন আৰু ক্ষমতাৰ প্ৰলোভন দি বিজেপিয়ে এই ষড়যন্ত্ৰ ৰচিছে। কেইটামান মুহুৰ্তৰ বাবে হ'লেও মহাৰাষ্ট্ৰৰ ৰাজনীতি অভিকেন্দ্ৰ গুৱাহাটী হৈ পৰাৰ পাছত ৰাষ্ট্ৰীয় সংবাদ মাধ্য়ম বোৰৰ বাবেও গুৱাহাটী হঠাৎ গুৰুত্বপূৰ্ণ হৈ পৰিছে।
ৰাইজে নিৰ্বাচন কৰি দিয়া এখন চৰকাৰৰ স্থিৰতা এতিয়া এনে ভঙা-পতা খেলবোৰে নাইকীয়া কৰিছে। সাধাৰণ জনতাই গণতন্ত্ৰৰ এই পৰ্যায় অনুভৱ কৰি স্খলিত ৰাজনীতিক চেতনাবোধৰ বিপৰীতে থিয় দিয়াটো অত্যন্ত প্ৰয়োজন হৈ পৰিছে। অসমৰ বিজেপি নেতা মন্ত্ৰী গৈ ৰেডিশ্বন ব্লুত উপস্থিত হৈছেগৈ।
হোটেল পলিটিক্সত হঠাৎ গুৰুত্বপূৰ্ণ স্থান ৰূপে গুৱাহাটী আৰু ইয়াৰ কিছু সংখ্যক নেতাৰ নাম চৰ্চা হৈছে। এতিয়া অপেক্ষা সেই কথাবোৰ পোহৰলৈ অহাৰ। ইয়াৰ মাষ্টাৰ মাইণ্ড কোন আৰু এনে কামত অভ্যস্ত সকলৰ ভূমিকা কি ইয়াত?
আৰু পঢ়ক: " আমি হিন্দুত্ববাদক অনুসৰণ কৰিম" গুৱাহাটীত মহাৰাষ্ট্ৰৰ প্ৰায় ৪০ মন্ত্ৰী-বিধায়ক
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us