সহ্য-অসহ্য

সহ্য-অসহ্য

author-image
asomiyapratidin
New Update
মহাভাৰত

♦ ৰুবু বৰা

Advertisment

কি হৈছে তাইৰ? কিয় আজিকালি তাই এনেকুৱাখন কৰিব লৈছে? তাই আচলতে বিছাৰিছিল কি? আৰু প্ৰকৃতাৰ্থত পালে কি?
‌এইবোৰ ভাবি ভাবিয়েই ৰোহিণীৰ ৰাতিটো টোপনি নাহিল। জীয়েকৰ কথাটো বাৰে বাৰে মনলৈ আহি থাকিল। তাই বাৰু অম্লানৰ লগত সুখী হ'ব পৰা নাই নেকি? নে তাই বিছৰাখিনি পোৱা নাই?

বিছনাখনতে ছটফটাই কোনোমতে নিশাটো পাৰ কৰিলে। পুৱা বিছনাৰ পৰা উঠিয়ে তাই থিৰাং কৰিলে যে দুপৰীয়া ১ বজাৰ বাছখনতে পাণবজাৰলৈ যাব আৰু জীয়েকৰ সকলো সমস্যাৰ অন্ত পেলাইহে ঘৰলৈ উভতিব। বাহী বনবোৰ ততাতৈয়াকৈ সামৰি তাই ঢেকীশালখনৰ ফালে দৌৰ দিলে। শুকুৱাই থোৱা চাউল কেইটা মোনা এখনত ভৰাই ল'লে মৰমৰ জোৱাইটোলৈ বুলি।

১ বজাৰ বাছ আহিল। ঠিক সন্ধিয়া ৫ মান বজাত ৰোহিণী ভাৰ্গৱীৰ ঘৰ পালেগৈ। কিন্তু ভাৰ্গৱীৰ ঘৰখনত আন দিনাৰ দৰে কোনো হাই-হুলস্থূল নাই। চৌদিশ নিমাও-মাও। আতৰৰ পৰাই ৰোহিণীয়ে দেখা পালে চোতালত বগাকৈ কিবা এটা জিলিকি আছে।

চোতালৰ মাজমজিয়াত এটা মৃতদেহ। তুলসীৰ তলত ধূপৰ ধোৱাবোৰে কুণ্ডলী পকাই উৰি গৈছে। ৰোহিণীয়ে বগা কাপোৰখন দাঙি দিয়াত তাইৰ মূৰত সৰগ ভাগি পৰাৰ দৰে হ'ল। এয়া কি? ভাৰ্গৱীক কিয় বগা কাপোৰেৰে ঢাকি থৈছে। হৈছে কি? ৰোহিণীৰ চকুপানীবোৰ গোট মাৰি ৰৈ গ'ল পতাযুৰিৰ দাতিঁত। তেনেতে ৰোহিণীৰ কাণত বাজি উঠিল কাষৰ মানুহজাকৰ মুখৰ পৰা ওলাই অহা কথাবোৰ।

‌: জীয়েকলৈ ধনী ল'ৰা বিছাৰিছিল, পালে বাপ্পেকে মজাতো।

‌: তেনেকৈ নক'বিছোন ৰহিলী। বেছেৰীজনীলৈ বেয়াই লাগে পাই। এজনীয়ে ছোৱালী আছিল, তাইয়ো আত্মহত্যা কৰিলে।

‌: আৰে ৰোহিণীয়েনো কি জানিছিল জোৱায়েঁকতো এনেকুৱা হ'ব বুলি। দেখাই-শুনাইতো সি ভালেই আছিল।

: তাইতো নাজানিছিল যে অম্লান আছিল এটা দেহব্যৱসায়ী নৰপিশাছ বুলি। কুকুৰটোৱে নিজৰ মানুহজনীকো শেষ কৰি পেলালে। ধৰিব পৰা হ'লে তাক মুচৰি পেলালোহেতেন।

ৰোহিণীৰ দুকাণ বন্ধ হৈ গ'ল। আৰু শুনিব নোৱাৰে তাই। তাইৰ সোণবাখৰুৱা সপোনবোৰ পানীবেলুনটোৰ দৰে হ'ল। কি হৈ গ'ল এইবোৰ?

আজিৰ পৰা ৩৫ বছৰ আগত ৰোহিণীৰ লগত হোৱা নাটখনেই আকৌ কিয় পোখা মেলিলে? শেষ! ৰোহিণীৰ সৰ্বস্ব শেষ। জীৱনে তাইক বৰ বেয়াকৈ হৰুৱালে। তাই আৰু ভাৰ্গৱীৰ মাজত এটাই পাৰ্থক্য ৰ'লগৈ যে তাই সকলো সহি জীয়াই থাকিল। অসহ্যকৰ যন্ত্ৰণা লৈ ভাৰ্গৱী গুছি গ'লগৈ।তাকো চিৰদিনলৈ। অপূৰ্ণ হৈয়ে ৰ'ল সেই ভাৰ্গৱীজনীৰ জীৱনৰ আশাবোৰ।

⇒ চুটি গল্প প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ হ'লঃ

১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।

২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।

৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ'লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।

৪. ইউনিক'ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।

৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।

৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।

৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব।

৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।

৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ'ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।

১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।

১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ'ব।

১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই।

১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ'ব।

১৪. চুটি গল্পসমূহ পূৰ্বতে ক'তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।

১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।

১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ'ব।