/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/editorial-image-1.jpg)
গণতন্ত্ৰত নির্বাচনী ব্যৱস্থাটোৰ ভূমিকা অতীব মহত্বপূর্ণ। আন এক কথাত ক'বলৈ হ'লে নির্বাচনী ব্যৱস্থাট্যে আছে বাবেই গণতান্ত্রিক ব্যৱস্থাটোও সুৰক্ষিত হৈ আছে। কিন্তু কেতিয়াবা যে গণতান্ত্রিক কোনো দেশ নির্বাচন জনতাৰ বাবে বিড়ম্বনাৰো কাৰণ হৈ উঠিব পাৰে, সেই কথা গণতন্ত্রৰ জন্মদাতাসকলে হয়তো কল্পনাও কৰিব পৰা নাছিল। অসম মুলুকত পিচে সেয়াই হৈছে। ৰাজ্যখনত কেউদিশে অস্থিৰ অৰাজক অৱস্থা, তাৰ মাজতে আজি নির্বাচন।
মহামাৰীয়ে আঁকুহি নিয়া জনজীবন এতিয়াও হ্রাস-উদ্বিগ্নতাৰ পৰা মুক্ত হ'ব পৰা নাই, দেশৰ অৰ্থনীতি ভাগি পৰিছে, তীব্ৰ অৰ্থ সংকটে জুৰুলা কৰিছে মধ্যবিত্ত আৰু দৰিদ্র শ্ৰেণীটোক। তাৰ মাজতে আকাশলাৰী হৈ পৰা মূল্যবৃদ্ধি। ইফালে হত্যা-হিংসাৰ দৰে নানান ভয়াবহ অপরাধ-অপকর্মই সমাজত বিয়পাই দিছে অনিশ্চয়তা আৰু নিৰাপত্তাহীনতা। আপামর জনতাই ত্রাহি মধুসূদন সুৱৰিবলগা হোৱা এনে বিষম পৰিস্থিতিৰ মাজতে ৰাজ্যখনৰ পাঁচটা বিধানসভা সমষ্টিত আজি উপ-নির্বাচন। এই নির্বাচন বিমানে অবাঞ্ছিত নহওক কিয়, আমি আওকাণ কৰিব নোৱাৰো।
গণতন্ত্র ৰক্ষাৰ দায়িত্ব পুনৰ মূৰ পাতি ল'বই লাগিব ৰাইজে। সা-সমস্যাক পাহৰি, মহামানীৰ ভয় নেওয়া দি হ'লেও ৰজা পাতিবলৈ বাইজওলাই আহিবই লাগিব। আমি জানো যে আমাৰ হাতত নির্বাচনর কোনো বিকল্প নাই। খালী হোৱা আসন সাংবিধানিক বিধি-বিধানেৰেই পূৰাব লাগিব। দুটাকৈ সমষ্টিৰ বিধায়কৰ অকাল মৃত্যুত অভিভাবকহীন হৈ পৰিছে উষ্ণ সমষ্টি দুটাৰ সমষ্টিবাসী। আন তিনিটা সমষ্টিৰ বিধায়ক তিনিগৰাকীক ভোটাৰ ৰাইজে বিপুল ভোটেৰে জয়ী কৰি তোলাৰ পিচতো হঠাৎ দল ত্যাগ কৰি চামিল হৈছে শাসকীয় দলত। ফলত খালী হৈ পৰিছে উক্ত আসনসমূহো। নির্বাচন হৈ পৰিছে অবধাৰিত।
বিধায়কৰ আকস্মিক মৃত্যুত খালী হৈ পৰা তামুলপুৰ আৰু গোসাইগাঁও বিধানভা সমষ্টি দুটাৰ কথা বাদ দি বাকী ভবানীপুর, পাওনা আৰু মৰিয়ানী সমষ্টিত যি পৰিস্থিতিৰ মাজেৰে উপ-নির্বাচন অনিবার্য কৰি তোলা হ'ল, দিয়ে গণতন্ত্র নামৰ শাসন ব্যৱস্থাটোকে প্রহসনত পৰিণত কৰিছে। এটা নির্দিষ্ট দলন প্রার্থীরূপে সমষ্টিৰ বাইতে অকুণ্ঠ সমর্থন জনাই জয়ী কৰি তোলাৰ পিচতো তিনি মাহ নৌহওঁতেই মোট সলাইছে নেতাই।
দল, দলীয় আদর্শ বা ৰাজনৈতিক মতাদর্শ নেতাই সলনি কৰিবই পাৰে, তাৰ বাবে তেবাসবে বাইক যে কাৰণ দর্শাব লাগিব তাৰো কোনো ধৰা-বন্ধা কথা নাই, কিন্তু তাৰ পিচতো এই প্রশ্ন কৰাৰ ৰাইজৰ অধিকাৰ আছে এই যে তেওঁলোকে দল বা আদর্শ সলনি কৰাৰ নামত নির্বাচন অনুষ্ঠিত কৰোৱাই দেশৰ এনে মহতা দিনত ৰাজকোষৰ ধন ব্যয় কৰিবলৈ বাধা কৰোৱা হ'ল, ইয়াৰ উৰণি ৰাইজে ল'ব লাগে কিয়? নির্বাচনী ব্যয়বোৰ জানো ৰাইজে আদায় দিয়া কৰ-কাটলবে ধন নহয়। বিষয়ক হৈ থকা কালতে বিৰোধী দলটো এৰি শাসকীয় দগত চামিল হোবা আদ শাসকীয় দলৰ হৈ পুনৰ নিৰ্বাচন খেলাৰ এনে অপ্রত্যাশিত ঘটনাই নেতাৰ যি গত একট কৰি তুলিলে, গিয়ে যে এক অশুভ পৰম্পৰাৰ সূচনা কৰিলে তাক বেলেগকৈ ব্যাখ্যা কৰাৰ প্রয়োজন নাই।
এয়া আৰম্ভণি। পিচলৈ আমি হয়তো আৰু দেখিন। দেখিম ব্যাপক ৰূপত। সংসদীয় গণতপুৰ নির্বাচনী ব্যৱস্থাৰ মাজেৰে যি ৰাজনৈতিক মূল্যবোধ আৰু পৰম্পৰা বৰ্তি আছিল, সেয়া সকলো আকি তীব্ৰ প্ৰত্যাহ্বানৰ মুখত। ইয়ে দেশৰ গণতন্ত্রত ইমানদিনে বর্তি থকা বিৰোধী ৰাজনৈতিক শক্তিৰ গুৰুত্ব বা ভূমিকাকো অসাৰ কৰি তুলিশ বুলি জাগি উঠিছে। অসমৰ এই উপ-নিৰ্বাচনৰ মৰ্মনো আচলতে কি বহুতেই বুজি উঠিছে। বাইজে অনুভৱ কৰিছে এক নতুন নির্বাচনী বিধিৰ প্ৰয়োজনীয়তা, যাৰ জৰিয়তে এনে সুযোগসন্ধানী ক্ষমতা বঁকুৱা নেতাক ভেটা দিব পৰা যায়।
কিয়নো এনে নেতাই কেবল সমর্থক ভোটাৰ ৰাইজকে বিশ্বাসঘাতকতা নকৰে, বিশ্বাসঘাতকতা কৰে দেশৰ গণতান্ত্রিক ব্যবস্থা আৰু গণতান্ত্রিক প্ৰমুলাকো। ৰাজ্যৰ অসহায়-উপাত্ত দৰিদ্ৰ ভোটাৰক হিতাধিকাৰীলৈ ৰূপান্তৰিত কৰি নিৰ্বাচনক লৈ আত্মবিশ্বাসী হৈ আছে শাসকীয় দলটো। ভাত-কাপোৰৰ সমস্যাৰে জৰ্জৰিত ভোটাৰ ৰাইজক চৰকাৰৰ অনুগ্ৰহ নিৰ্ভৰশীল হ'বলৈ বাধ্য কৰাই আয়োজন কৰা এই নির্বাচন হৈ পৰিছে প্ৰহসনৰ নামান্তর। গণতন্ত্ৰৰ বিড়ম্বনা। ইয়াত সাৰ-পানী দিছে লোভী-ভ্ৰষ্টাচাৰী নেতাই।