/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিবনুৱাক কৰ্মসংস্থান দিয়া, কৃষকৰ সমস্যা দূৰ কৰা, অত্যাৱশ্যকীয় সা-সমগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা আদি বিষয়ৰ প্ৰতি পিঠি দি শাসকীয় বিজেপিয়ে কেৱল অযোধ্যাৰ ৰাম মন্দিৰৰ ইছ্যুটোক অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। বিৰোধীয়ে ৰাফেল চুক্তি, চি বি আই, বিমুদ্ৰাকৰণ, জি এছ টি আদিৰ প্ৰশ্নত যিধৰণেৰে মোডী চৰকাৰক জবাবদিহি কৰিবলৈ লৈছে, তেনে পৰিস্থিতিত 'ভগৱান শ্ৰীৰাম'ৰ ওচৰত শৰণ লোৱাৰ বাহিৰে বিজেপিৰ গত্যন্তৰ নাই বুলি বহুতে শ্লেষাত্মক মন্তব্যও কৰিছে।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে একেবাৰে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি-পত্নীক লগত লৈ অযোধ্যা নগৰীত মহাড়ম্বৰেৰে দীপাৱলী উদযাপন কৰিলে। কেৱল সেয়াই নহয়, অযোধ্যাত শ্ৰীৰামৰ নামত বিমান বন্দৰ, ৰজা দশৰথৰ নামত মেডিকেল কলেজ স্থাপনৰ কথাও ৰাজহুৱাভাৱে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীজনে। তদুপৰি অযোধ্যা নগৰীস্থিত ফৈজাবাদ জিলাখনকে অযোধ্যা জিলা হিচাপে নতুনকৈ নামকৰণ কৰিলে যোদী আদিত্যনাথে।
উল্লেখ্য যে কিছুদিন আগতে উত্তৰপ্ৰদেএশৰ প্ৰখ্যাত এলাহাবাদ চহৰখনৰ নামো প্ৰয়াগৰাজ কৰা হৈছিল। এতিয়া হেনো যোগী আদিত্যনাথৰ অনুকৰণত গুজৰাটৰ আহমেদাবাদ চহৰকো কৰ্ণাৱতী নাম দিয়াৰ পৰিকল্পনা কৰিছে ৰাজ্যখনৰ বিজেপি চৰকাৰে। অৰ্থাৎ পুৰণি চহৰ, ঐতিহাসিক স্থানবোৰৰ নাম হিন্দু নামলৈ পৰিৱৰ্তন কৰি বিজেপিয়ে জনসাধাৰণক এই বাৰ্তাই দিব বিচাৰিছে তেওঁলোকে দেশৰ প্ৰায় ৮০ শতাংশ হিন্দু ধৰ্মাৱলম্বী লোকৰ পক্ষত আছে।
এই মুহূৰ্তত বিজেপি শাসিত সকলো ৰাজ্যতে অথবা শ্ৰীৰামৰ নামত একোখনকৈ চহৰ নিৰ্মাণ কৰিবলৈ তেওঁলোকে আঁচনি ঘোষণা কৰিলেও আচৰিত হ'বলগা একো নাথাকিব। মুঠতে বিজেপিৰ এই বাৰ্তাই পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত, বিশেষকৈ ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ দৰে হিন্দী-হিন্দু বলয়ৰ প্ৰধান তিনিখনকৈ ৰাজ্যৰ ভোটাৰকো প্ৰভাৱিত কৰিব বুলি তেওঁলোক নিশ্চিত। ইফালে ২০১৯চনৰ লোকসভা নিৰ্বাচনলৈ মাজলে আছে মাত্ৰ চাৰিটা মাহ।
এনে এক গুৰুত্বপূৰ্ণ সময়ত বিজেপিয়ে নিজকে হিন্দুত্ববাদী দল হিচাপে সাব্যস্ত কৰাৰ ৰাজনৈতিক তাৎপৰ্যও আছে। প্ৰথম কথা- মোডী চৰকাৰৰ প্ৰায় চাৰে চাৰি বছৰীয়া কাৰ্যকালত দেশৰ জনসাধাৰণৰ 'অচ্ছে দিন'ৰ সপোন ফলিয়াব নোৱাৰিলে। প্ৰতি বছৰে দুই কোটি নিবনুৱাক কৰ্মসংস্থান দিয়াৰ প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিশ্ৰুতিও ইতিমধ্যে অথলে গ'ল। বিমুদ্ৰাকৰণ, জি এছ টি, ডিজিটেল ইণ্ডিয়াৰ কৰ্মসূচীয়ে দেশৰ গৰিব-দুখীয়াৰ কল্যাণ সুধিব বুলি যি শ্ল'গান দিয়া হৈছিল, সেইবোৰো লাহে লাহে অকামিলা হৈ পৰিল।
'মেক ইন ইণ্ডিয়া'ৰ শ্ল'গান দি ভাগৰি পৰা প্ৰধানমন্ত্ৰী মোডীক এতিয়া কৰ্প'ৰেটৰ বিশ্বস্ত বন্ধু হিচাপে বিৰোধীয়ে প্ৰক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে। ৰাছিয়াৰ সৈতে যুদ্ধবিমান ক্ৰয়ৰ চুক্তি কৰাৰ আগতে ফ্ৰান্সৰ পৰা ৰাফেল যুদ্ধিবিমান চুক্তি সম্পন্ন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে অনিল আম্বানিৰ নতুন কোম্পানীক অবৈধভাৱে ত্ৰিশ হাজাৰ কোটি টকাৰ ঠিকা দিয়াৰ দৰে গুৰুতৰ অভিযোগে সম্প্ৰতি দেশৰ ৰাজনীতি উত্তাৰ কৰি ৰাখিছে। তাৰ মাজতে আকৌ চি বি আইৰ সঞ্চালকক অপসাৰণ কৰা বিষয়টোৰ সৈতে ৰাফেল কেলেংকাৰী, বিজেপিৰ অধ্যক্ষ অমিত শ্বাহৰ পুত্ৰৰ কোম্পানীৰ দুৰ্নীতিৰ অভিযোগবোৰো সাঙোৰ খাই পৰিছে।
চিবিআইৰ অপসাৰিত সঞ্চালক জনে হেনো এইবোৰ বিষয় তদন্ত কৰিব বিচাৰিছিল বাবেই তেওঁক কেন্দ্ৰই আঁতৰাই পঠিয়াইছে। ইফালে দেশৰ পৰা হাজাৰ হাজাৰ কোটি টকা লৈ বিদেশত আশ্ৰয় লোৱা নীৰৱ মোডী, বিজয় মালিয়া কাণ্ডবোৰেও অস্বস্তিত ৰাখিছে কেন্দ্ৰীয় চৰকাৰক। বিজেপিৰ শীৰ্ষ নেতৃত্বই বিৰোধীৰ এই সমস্ত অভিযোগ অস্বীকাৰ কৰিছে যদিও সেইবোৰৰ সত্যাসত্য এতিয়ালৈকে প্ৰমাণ হোৱা নাই।
চিবিআইৰ বিষয়টো ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। মুঠতে লোকসভা নিৰ্বাচনৰ আগতে এই অভিযোগবোৰৰ পৰা মোডী চৰকাৰ অথবা বিজেপিয়ে হাত সৰাৰ কোনো লক্ষণেই পৰিলক্ষিত হোৱা নাই। গতিকে সামগ্ৰিকভাৱে বিব্ৰত হৈ পৰিছে মোডী চৰকাৰ তথা বিজেপিৰ শীৰ্ষতম নেতৃত্ব। কিছুদিন আগতে উত্তৰপ্ৰদেশৰ দৰে ৰাজ্যতো আনকি মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিয়ে বিৰোধীৰ হাতত শোচনীয় পৰাজয় স্বীকাৰ কৰিবলগা হৈছিল।
দুদিন আগতে ঘোষিত কৰ্ণাটকৰ উপ-নিৰ্বাচনৰ ফলাফলেও বিজেপিক সচকিত কৰি তুলিছে। ২০০৪চনৰ পৰা বিজেপিৰ দখলত থকা বেলাৰীৰ দৰে সংসদীয় সমষ্টিও কংগ্ৰেছ আৰু জনতা দল ছেকুলাৰৰ মিত্ৰ গোষ্ঠীয়ে কাঢ়ি ল'বলৈ সক্ষম হৈছে। স্বাভাৱিকতে এনেবোৰ ঘটনা-পৰিঘটনাই বিব্ৰত কৰা বিজেপিয়ে অযোধ্যাৰ ৰাম মন্দিৰ ইছ্যুক সাম্প্ৰদায়িক মেৰুকৰণৰ বাবে প্ৰক্ষেপ কৰিবলগাত পৰিছে।