‘অচ্ছে দিন’ৰ সপোন

‘অচ্ছে দিন’ৰ সপোন

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

দেশবাসীক 'অচ্ছে দিন'ৰ সপোন দেখুওৱা মোডী চৰকাৰৰ কাৰ্যকালৰ অন্তিমটো বছৰত সদ্যহতে প্ৰতিটো ডলাৰ বিপৰীতে টকাৰ মূল্য ৭০টকা অতিক্ৰম কৰা আৰু পেট্ৰ'ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ মাজত যেন প্ৰতিযোগিতাহে চলিছে। অৰ্থাৎ টকাৰ মূল্য যি হাৰত অৱনমিত হৈছে, সেই হাৰত পেট্ৰ'ল-ডিজেলৰ মূল্যও আকাশলংঘী হোৱা পৰিলক্ষিত হৈছে।

Advertisment

তথাপি কেন্দ্ৰ ফালৰ পৰা কোৱা হৈছে যে দেশত বিকাশৰ হাৰ বৃদ্ধি পাইছে! দেশ উন্নতিৰ পথত অগ্ৰসৰ হৈছে! স্মাৰ্ট চিটি নিৰ্মাণ কৰা, বিদেশৰ ক'লা ধন ওভতাই অনা, খেতিয়কৰ আয় দুগুণ কৰা- এনে অলেখ প্ৰতিশ্ৰুতিৰ কেন্দ্ৰীয় চৰকাৰে যে দেশৰ কোটি কোটি গৰিব দুখীয়াক আভুৱা ভাঁৰিছে, সেই কথা আৰু লাইক থকা নাই।

বিমুদ্ৰাকৰণ, জি এছ টিৰ নেতিবাচক ফলাফলবোৰো ইতিমধ্যে ওলাই পৰিছে। সৰ্বসাধাৰণ লোকক হাৰাশাস্তি কৰি চৰকাৰে যেন বিকাশ-উন্নয়নৰৰ খেলহে খেলিছে! লাখ লাখ নিবনুৱাৰ কৰ্মসংস্থাপন দিয়াৰ সপোন দেখুৱাই চৰকাৰে জিডিপিৰ চমক সৃষ্টি কৰিছে। অলপতে প্ৰকাশিত এক তথ্য অনুসৰি দেশৰ বিভিন্ন ৰাজ্যৰ চৰকাৰবোৰে অতিকমেও ২০ লাখ চাকৰিৰ খালী পদ পূৰণ কৰিবলৈ সক্ষম হোৱা নাই।

এই ভয়াৱহ সন্ধিক্ষণত মূল্যবৃদ্ধিয়ে দেশৰ অৰ্থনীতি বিপৰ্যস্ত কৰাই নহয়, ৰাইজৰ জীৱনলৈও নমাই আনিছে চৰম বিপৰ্যয়। ক'বলৈ গ'লে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত সৰ্বকালৰ অভিলেখ ভংগ কৰিবলৈ ওলাইছে মোডী চৰকাৰে। তথাপি বিৰোধীৰ কাণসাৰ নাই। দুই এক শ্ৰমিক সংগঠনে ৰাজপথত বিক্ষিপ্ত প্ৰতিবাদ কৰিছে যদিও বিৰোধীয়ে ঐক্যবদ্ধভাৱে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংঘবদ্ধ হ'ব পৰা নাই। এই ক্ষেত্ৰত প্ৰাক্তন বিত্তমন্ত্ৰী তথা বিজেপিৰে একালৰ বৰ্ষীয়ান নেতা যশৱন্ত সিনহাই যোৱা মঙলবাৰে টুইটাৰযোগে দাঙি ধৰা মন্তব্য অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

তেওঁ কৈছে যে পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্যই সৰ্বকালৰ সীমা অতিক্ৰম কৰিছে যদিও বিৰোধীয়ে এইবিষয়ে ৰাজপথত প্ৰতিবাদ নকৰাটো চিন্তনীয় বিষয়। তেওঁ বিৰোধীয়ে কিহৰ অপেক্ষাত আছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে। যশৱন্ত সিংহাৰ এই ব্যক্তব্যৰ পিছতে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ মুখপাত্ৰই অৱশ্যে ঘোষণা কৰিছে যে তেওঁলোকে অচিৰেই ৰাজপথত মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ সাজু হৈ উঠিছে।

বিড়ম্বনাৰ কথাটো হ'ল- ক্ষমতাসৰ্বস্ত ৰাজনীতিত মূল্যবৃদ্ধিৰ দৰে ইছ্যুবোৰ প্ৰতিষ্ঠিত শাসকীয় ৰাজনৈতিক দলবোৰৰ বাবে তুলনামূলকভাৱে অন্য ইছ্যুবোৰতকৈ গুৰুত্বহীন হৈ পৰিছে। কেৱল শ্ৰমিক-কৰ্মচাৰী সংগঠন আৰু বাওঁপন্থী দলবোৰেহে মূল্যবৃদ্ধিক লৈ ৰাজপথত তাল-আফাল লগাই থকা পৰিলক্ষিত হয়। দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী এজনৰ ভাষ্যই তেনে দৃষ্টান্তই আমাৰ আগত প্ৰকাশ কৰা নাই জানো?

উল্লেখ্য যে, ২০০৮চনৰ জুন মাহত পেট্ৰ'লৰ দাম ৪৫টকাৰ পৰা ৫০ টকালৈ বৃদ্ধি হোৱাৰ সময়ত সেই সময়ৰ বিৰোধী দল বিজেপিয়ে তাক অৰ্থনৈতিক সন্ত্ৰাসবাদ আখ্যাদি ইউ পি এ চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিছিল। তেতিয়া খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেলৰ মূল্য আছিল প্ৰায় ৩৮ ডলাৰ। আজিৰ তাৰিখত সেই মূল্য প্ৰতি বেৰেলত ৭০ ডলাৰ হৈছেগৈ। আৰু পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৮০ টকাৰ ঘৰ চুইছেগৈ।

কিন্তু এতিয়ালৈকে তেওঁলোক যুদ্ধক্ষেত্ৰত নমাই নাই। এয়াই হৈছে দেশৰ প্ৰতিষ্ঠিত শাসকীয় ৰাজনীতি। জনসাধাৰণক অথাই সাগৰত পেলাই সকলোৱে কেৱল শাসন ভাগ-বাটোৱাৰাত ব্যস্ত। পেট্ৰ'ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিক লৈ বিৰোধী দলৰ শাসনত থকা ৰাজ্য চৰকাৰবোৰে কেন্দ্ৰক দোষাৰোপ কৰিছে আৰু কেন্দ্ৰই আন্তঃৰাষ্ট্ৰীয় বজাৰৰ দোহাই দি সাৰিব বিচাৰিছে। মোডী চৰকাৰে ২০১৪চনত ক্ষমতা পিছত নবাৰকৈ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি কৰিছে।

এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'ল-ডিজেলৰ ওপৰত ঘনাই আবকাৰী শুল্ক বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, পঞ্জাৱৰ দৰে ৰাজ্যই পেট্ৰ'ল-ডিজেলৰ ওপৰত উচ্চ হাৰত ৰাজ্যিক কৰ আৰোপ কৰি আহিছে। অৰ্থাৎ কেৱল বিজেপিশাসিত ৰাজ্যবোৰেই নহয়, কংগ্ৰেছ অথবা বিৰোধীশাসিত ৰাজ্যবোৰতো পেট্ৰ'ল-ডিজেলৰ ওপৰত অত্যধিক কৰ আৰোপ কৰি মূল্যবৃদ্ধিত অৰিহণা যোগাই আহিছে।

গতিকে নীতিগতভাৱে মূল্যবৃদ্ধিৰ বাবে সকলোৱেই জগৰীয়া। এইক্ষেত্ৰত শাসক-বিৰোধী সকলোৱেই মিলি জনসাধাৰণক শ'লঠেকত পেলাইছে। আমি ভাবো, ইয়াৰ বিৰুদ্ধে ৰাইজ ঐক্যবদ্ধ হ'লেহে সমস্যাৰ সমাধানৰ বাট মুকলি হ'ব।