গুৰু নিন্দা

গুৰু নিন্দা

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

অসমৰ দুজনা জাতীয় গুৰু মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱক পতঞ্জলি যোগপীঠৰ এগৰাকী দায়িত্ববাহীয়ে অসমৰ মাটিতেই বহুজনৰ সন্মুখত নিন্দা কৰা, অসমৰ জাতীয় ধৰ্মপুথি কীৰ্ত্তন-নামঘোষাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা, নামঘৰৰ পবিত্ৰতাক উপলুঙা কৰাক লৈ সম্প্ৰতি প্ৰত্যাশিতভাৱেই প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। ৰাজ্যৰ সৰ্বস্তৰৰ লোক এই বিষয়টোক লৈ ক্ষুণ্ণ হোৱাৰ লগতে গুৰু দুজনাৰ ধৰ্ম-মতবাদৰ চৰ্চা-প্ৰসাৰত ব্ৰতী হৈ থকা শ্ৰীমন্ত শংকৰদেৱ সংঘ, অসম সত্ৰ মহাসভাৰ দৰে সংগঠনে এই স্পৰ্ধাক ধিক্কাৰ দি এক আন্দোলন গঢ়ি তুলিছে, পতঞ্জলি যোগপীঠৰ দায়িত্ববাহীগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাই থানাত গোচৰো তৰিছে।

Advertisment

দাবী উঠিছে পতঞ্জলিৰ সামগ্ৰী বৰ্জন, পতঞ্জলিক অসমৰ মাটিৰ পৰা অপসাৰণৰ। অৱশ্যে পতঞ্জলি যোগপীঠৰ মুৰব্বী যোগগুৰু ৰামদেৱে পৰিস্থিতি অনুধাৱন কৰি তাৎক্ষণিকভাৱে এই ঘটনাৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাই নহয়, সতীনাথ বাৰাল নামৰ তেওঁৰ অনুগত যোগগুৰুজনক পতঞ্জলিৰ পৰা বহিষ্কাৰ কৰা বুলিও ৰাজহুৱাভাৱে ঘোষণা কৰিছে। কিন্তু প্ৰশ্ন উঠিছে যে অসমৰ মাটিত যোগ শিক্ষা দিবলৈ আহি মহাপুৰুষ দুজনাৰ ধৰ্ম-সংস্কৃতিৰ আদৰ্শত দীক্ষিত অসমীয়া থলুৱা সমাজ এখনৰ সন্মুখত জাতীয় গুৰু দুজনাক আৰু তেওঁলোকৰ আদৰ্শ-অৱদানক অপমান কৰাৰ, তাচ্ছিল্য কৰাৰ সাহস সতীনাথ নামৰ ব্যক্তিজনে ক'ৰ পৰা পালে?

পৰিৱৰ্তনৰ সমান্তৰালকৈ দেশত সম্প্ৰতি যি ধৰ্মীয় উন্মাদনাৰ অভাৱনীয় পৰিৱেশ গঢ় লৈ উঠিছে, তাৰ পৰিপ্ৰেক্ষিতত সতীনাথ নামৰ ব্যক্তিজনৰ উক্ত বক্তব্যক কেৱল অজ্ঞানতাৰ প্ৰতিফলন বুলি উপেক্ষা কৰিব নোৱাৰি।যোগগুৰু ৰামদেৱে তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ক্ষমা খুজিলেও বা সতীনাথক বহিষ্কাৰ  কৰা বুলি ঘোষণা কৰিলেও এই কৰ্ম-কাণ্ডৰ আঁৰত এক গভীৰ ষড়যন্ত্ৰ অন্তৰ্নিহিত হৈ থাকিব পাৰে বুলি সন্দেহ কৰাৰ যথেষ্ট থল আছে। কিয়নো সতীনাথ পতঞ্জলি যোগপীঠ নামৰ হৰিদ্বাৰৰ যি যোগ তথা আধ্যাত্মিক প্ৰতিষ্ঠানৰ প্ৰতিনিধি সেইটো উলা-মূলা প্ৰতিষ্ঠান নহয়।

সমগ্ৰ বিশ্বত ইয়াৰ প্ৰভাৱ যেনেকৈ আছে, তেনেকৈ দেশৰ সাম্প্ৰতিক ৰাজনৈতিক ব্যৱস্থাটোৰেও ৰামদেৱৰ এই প্ৰতিষ্ঠানৰ সম্পৰ্কৰ গাঢ়তা কিমান তাক সকলোৱে জানে। এই সম্পৰ্কৰ সুবাদতে অসম চৰকাৰে পতঞ্জলি যোগপীঠক তেওঁলোকৰ ব্যৱসায়ৰ বাবে বিশাল ভূ-খণ্ড নিমিষতে আৱণ্টন দি চমক দেখুৱাই থৈছে। হাগ্ৰামা মহিলাৰীৰে দৰে নেতাও পতঞ্জলিক মাটি দিবলৈ উদবাউল হৈ আছে। এনে এটা প্ৰতিষ্ঠানৰ দায়িত্বত থকা সতীনাথৰ দৰে ব্যক্তিৰ কোনো বক্তব্যৰ বিশেষ আধাৰ নাথাকিব বুলি ভাবিব নোৱাৰি। উত্তৰ ভাৰতৰ ধৰ্মক্ষেত্ৰসমূহৰ পৰিমণ্ডলত হোৱা আধ্যাত্মিক চৰ্চাৰ আবহাৱাৰ মাজত উত্থান ঘটা পতঞ্জলি যোগপীঠৰ চেলা-চামুণ্ডাসকলে সেই আৱৰ্তৰ ভাব-ভাষাকেই আওৰাব।

উত্তৰ ভাৰতৰ সেই ধৰ্মীয় চক্ৰই ভাৰতৰ বিভিন্ন প্ৰান্তত যুগান্তৰত বিকাশ ঘটনা স্বকীয় ধৰ্মীয়-সাংস্কৃতিক বৈশিষ্ট্যবিলাকক অনুধাৱন কৰিব নোৱাৰে বা কৰিবলৈ ইচ্ছাও নকৰে। বৈচিত্ৰ্যৰ মাজত ঐক্যৰ ভাৰতীয় মূলমন্ত্ৰ এওঁলোকৰ হৃদয়ংগম নহয়। সেই কাৰণেই এই ধৰ্মীয় চক্ৰটোৱে শংকৰদেৱৰ মহত্ত্বক উপলব্ধি কৰিব নোৱাৰে। মহাপুৰুষ শংকৰদেৱৰ প্ৰজ্ঞাৰ গভীৰতা, সৃষ্টিৰ মাধুৰ্য, ধৰ্মৰ উদাৰতা আৰু আদৰ্শৰ বিশালতাক এওঁলোকে গ্ৰাহ্য কিম্বা অনুসৰণ কৰিব নোখোজে। কিয়নো এনে কৰিলে এওঁলোকৰ ধৰ্মীয় ব্যৱসায়ৰ মুদা মৰিব, সান্দহ খোৱা বালি তল যাব। ইতি পৰিব কৰ্তৃত্বৰ। গতিকে শংকৰদেৱ, মাধৱদেৱক এওঁলোকে হেয় প্ৰতিপন্ন কৰিব খোজে, গুৰুত্বহীন কৰিব খোজে।

কীৰ্ত্তন-নামঘোষাৰ মহত্ত্বক, উপহাস কৰিব খোজে নামঘৰক।এনে প্ৰৱণতাৰ বাবেই কিছুদিন পূৰ্বে বিজেপিৰ মুধাফুটা নেতা এজনে মহাপুৰুষজনাক 'শংকৰ বাবা' বুলি সম্বোধন কৰি একপ্ৰকাৰ তাচ্ছিল্য কৰিছিল। হয়তো মহাপুৰুষজনাক গাত ছাই-ভস্ম সনা, জঁটাধাৰী 'বাবা' বিলাকৰ মাজৰে এজন বুলি প্ৰতিপন্ন কৰিব খুজিছিল। সম্প্ৰতি ৰাজনৈতিক 'পৰিৱৰ্তন'ৰ ধামখুমীয়াত পৰি অসমৰো বহু নেতা-পালিনেতা উত্তৰ ভাৰতীয় সেই 'ধৰ্মাধিকাৰ'সকলৰ তোষণত ব্যস্ত হৈ পৰা দেখা গৈছে, ব্ৰহ্মপুত্ৰত চলাইছে গংগাৰ আৰতি, কোনো কোনো সত্ৰাধিকাৰেও আহি হাত চাপৰি বজাইছেহি।

এইসকলেও মহাপুৰুষজনাৰ ধৰ্ম-আদৰ্শৰ স্বকীয় বৈশিষ্ট্যক ৰাজনৈতিক স্বাৰ্থত লঘু কৰি গুৰুজনাক ভাৰতীয়কৰণৰ গড্ডলিকা প্ৰবাহত একাকাৰ কৰি দিয়াৰ প্ৰয়াস কৰিছে। কিন্তু এনে কোনো অপচেষ্টায়েই সফল নহয় এইবাবেই যে মহাপুৰুষজনাই প্ৰৱৰ্তন কৰা একশৰণ ভাগৱতী নামধৰ্মৰ পথটো অসমৰ বায়ু-পানী-মাটিৰে সম্পৃক্ত নিজস্ব পথ। ইয়াৰ আধাৰত গঢ় লৈ উঠিছে অসমীয়া সমাজ।

গতিকে কোনোবা সতীনাথ, বদ্ৰীনাথে, ৰাম-ৰাৱণে আহি ফৰ্মুটি মাৰিলেও গুৰুজনাৰ মহত্ত্ব ম্লান নহয়, গৰিমা লাঘৱ নহয় কীৰ্ত্তন-নামঘোষা-নামঘৰৰ। কিন্তু সমাজখন সচেষ্ট হৈ থকা প্ৰয়োজন। সতীনাথৰ দৰে বান্দৰামি কৰিবলৈ অহা তথাকথিত যোগগুৰু, ধৰ্মগুৰুসকলক কেতিয়াও প্ৰশ্ৰয় দিব নালাগে। তেওঁলোকক শিক্ষা দিয়া উচিত অসম-অসমীয়াৰ ভাবাৱেগক লৈ ধেমালি খেলাৰ পৰিণাম কিমান ভয়াৱহ হ'ব পাৰে।