/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
ইতি-নেতি মিলিয়েই সমগ্ৰটোৰ সৃষ্টি হয়। যুক্তি বিজ্ঞানৰ মৌলিক নীতিকেইটাৰ এইটোও এটা। দ্বন্দ্ববাদক বিজ্ঞানসন্মত হিচাপে স্বীকৃতি দিয়াৰ যুক্তিও এইটোৱেই। সকলো বস্তুৱেই বিপৰীতৰ ঐক্য। সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ দুটা দিশ একেটা বস্তুতেই থাকে বাবে প্ৰতিটো বস্তুতে দ্বন্দ্বৰ উপস্থিতি অনিবাৰ্য। তাৰ মাজৰ নেতিবাচক আৰু ইতিবাচকখিনিক বাছি উলিয়াই ইটোৰ পৰা সিটোক পৃথক কৰি বস্তুটোৰ নেতিবাচকখিনিক আঁতৰাই ইতিবাচকখিনিক অধিক উজ্বল কৰাৰ প্ৰচেষ্টাই প্ৰগতিৰ গতি।
নেতিবাচকখিনি তৰল আৰু চকু গ'লেই ধৰা পৰে। সহজেই অনুকৰণ কৰিব পৰা বিধৰ। তাৰ বিপৰীতে ইতিবাচকখিনি বিচাৰি উলিওৱাৰ কষ্টখিনি কৰিব লগা হয় আৰু সেইবোৰ অনুকৰণ কৰাও কষ্টসাধ্য। কিন্তু যিমানেই কষ্টসাধ্য নহওঁক লাগে ইতিবাচকখিনি বিচাৰি উলিওৱা আৰু সেইবোৰক প্ৰেৰণাৰ উৎস কৰাটোৰ ওপৰতেই সমাজৰ মংগল তথা প্ৰগতি সম্পূৰ্ণ নিৰ্ভৰ কৰে। সমাজ যিহেতু ব্যক্তিৰেই সমষ্টি সেয়ে ব্যক্তিৰ মংগল তথা প্ৰগতিও নিৰ্ভৰ কৰে ইয়াৰ ওপৰতেই।
এইক্ষেত্ৰত বৰং দেখা যায়- ইতিবাচক ব্যক্তিগত প্ৰতিভাৰ গুণেৰে সমাজ আকাশ উজলাই তুলি প্ৰখৰ প্ৰতিভাধৰসকলে নিজকে সমাজত প্ৰেৰণাৰ আলোকস্তম্ভ হিচাপে প্ৰতিষ্ঠা কৰে আৰু প্ৰেৰণাৰ সেই আলোকেৰে অন্ধকাৰে আৱৰি থকা পাদদেশৰ সমাজক আন্ধাৰ নিশাৰ বিজুলীৰ চমকনিৰ দৰে পোহৰাই তুলি সেই প্ৰগতিৰ বাটেৰে খোজ দিবলৈ সমাজখনৰ আনসকলক অনুপ্ৰাণিত কৰে। দুৰ্যোগৰ ক'লীয়া মেঘৰ মাজত জিলিকি উঠা আশাৰ বিজুলী- এই দিশৰ সৰ্বোৎকৃষ্ট দৃষ্টান্ত। অসমবাসীৰ বাবে পৰম সৌভাগ্যৰ কথা যে আজিৰ অতি বিষময় পৰিস্থিতিৰ চেপাত পৰি থকা আমাৰ চিৰচেনেহী অসম মাতৃৰ সংকটৰ ক'লীয়া ডাৱৰে ভৰা সমাজ আকাশ প্ৰেৰমাৰ বিজুলীৰে সদ্যহতে জিলিকি উঠিছে।
আন্ধাৰ নিশাৰ বিজুলীৰ চমকনিৰ দৰে দুৰ্যোগৰ আন্ধাৰে আৱৰা আমাৰ বৃহত্তৰ অসমীয়া জাতীয় জীৱন তথা অসমবাসীৰ জীৱন বিৰল ব্যক্তিগত সুকীৰ্তিৰে অতি সম্প্ৰতি উজলাই তুলিছে অসমী আইৰ তিনিগৰাকী মহান সন্তানে। তেওঁলোক তিনিগৰাকী হ'ল- আজিৰ দিনটোত ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্বভাৰ গ্ৰহণ কৰা মাননীয় ন্যায়াধীশ ৰঞ্জন গগৈ, মহিলাৰ চাৰিশ মিটাৰ দৌৰৰ বৰ্তমানৰ জুনিয়ৰ বিশ্ব চেম্পিয়ন তথা সদ্যসমাপ্ত এছিয়াডত এটা সোণৰ, দুটা ৰূপৰ পদক অৰ্জন কৰা আমাৰ ধিঙৰ কান্ধুলিমাৰী গাঁৱৰ বোকাৰ সন্তান 'অসম এক্সপ্ৰেছ' অৰ্জুন হিমা দাস আৰু আমাৰ ছয়গাঁৱৰ পথৰুৱা বোকাসনা মুকুতা 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ স্ৰষ্টা চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস।
হিমা দাসৰ অতি উজ্বল সুকীৰ্তিৰ বিষয়ে বিতংভাৱে নজনা কোনো সচেতন ব্যক্তি অসমহে নালাগে সমগ্ৰ দেশতেই বৰ্তমান নাই। প্ৰতিভা আৰু মনোবল থাকিলে আমাৰ যুৱক-যুৱতীয়ে কান্ধুলিমাৰীৰ দৰে ভিতৰুৱা গাঁৱত জন্মিও কি অসাধ্য সাধন কৰিব পাৰে, জগত সভাত দেশ-জাতিৰ নাম উজলাব পাৰে তাকেই হিমাই কামেৰে কৰি দেখুৱালে। অলিম্পিক পদক দখল কৰাটো যেনেকৈ হিমাৰ লক্ষ্য হ'ব লাগিব, তেনেকৈ হিমাৰ দৃষ্টান্তক অনুপ্ৰেৰণা হিচাপে লৈ অসম অনেক হিমাক সৃষ্টি কৰাৰ লক্ষ্য পুৰণ কৰিবলৈ অসমৰ যুৱশক্তি একাগ্ৰ চিত্তে আগবাঢ়ি আহিব লাগিব। ছয়গাঁও এতিয়াও নামতো গাঁও, দেখাতো গাঁও। কিন্তু দেখাতহে, কামত নহয়।
সেই পথৰুৱা সমাজৰে সন্তান যশস্বী চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছে' এইবাৰ অস্কাৰ লাভৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বিৰল সন্মান লাভ কৰিছে আৰু চলচ্চিত্ৰখনৰ নান্দনিক উৎকৃষ্টতাই সমগ্ৰ দেশৰ সংস্কৃতিৱান মহলত প্ৰশংসাৰ খলকনি তুলিছে। অস্কাৰ লাভৰ গতিপথ মসৃণ কৰাৰ বাবে পৰম্পৰাগত নিয়মমাফিক কৰিবলৈ কামবোৰ কৰিবলৈ ৰীমা দাসক এতিয়া অতি কমেও পাঁচ কোটি টকাৰ প্ৰয়োজন। ৰীমা দাসে তেওঁৰ ফালৰখিনি কৰি এখনি অসমীয়া চলচ্চিত্ৰক প্ৰথমবাৰৰ বাবে অস্কাৰ প্ৰতিযোগিতালৈ দেশে প্ৰেৰণ কৰাৰ যোগ্যতা অৰ্জন কৰি অসমীয়া জাতি তথা অসমৰ নাম উজলালে।
এতিয়া তেওঁক প্ৰয়োজনীয় আৰ্থিক সহায়খিনি কৰাৰ এক কোটিৰ আৰ্থিক সাহায্য আগবঢ়োৱাটো প্ৰশংসাযোগ্য। বাকী অংশৰ ব্যৱস্থাও কৰিবলৈ চৰকাৰ আগবাঢ়ি অহা উচিত। আজিৰ দিনত অতি লাগতিয়াল কামৰ বাবে এখন ৰাজ্য চৰকাৰে পাঁচ কোটি টকাৰ ব্যৱস্থা কৰাটো বৰ টান কাম নহয়। আনহাতে আমি অসমীয়াই মুখত জাতীয় গৌৰৱৰ কথা ক'লে লাভ নাই। ৰীমা দাসে জাতীয় গৌৰৱক উজ্বল কৰাত ধনে-জনে সহায় কৰিবলৈ আগবাঢ়ি আহক।
প্ৰথমবাৰৰ বাবে অসমৰ দৌৰৰাণী হিমা দাস বিশ্ব চেম্পিয়ন হোৱা, অসমৰ চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ চলচ্চিত্ৰ 'ভিলেইজ ৰকষ্টাৰ্ছে' প্ৰথম অসমীয়া তথা অসমৰ চলচ্চিত্ৰ হিচাপে অস্কাৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱাৰ বিৰল তথা অতি উজ্জ্বল দৃষ্টান্ত গঢ়াৰ দৰে অসমী আইৰ সুযোগ্য সন্তান মাননীয় ন্যায়াধীশ ৰঞ্জন গগৈয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হোৱা দেশৰ প্ৰথমগৰাকী মু্খ্য ন্যায়াধীশৰ সন্মান লাভ কৰি অসম তথা অসমীয়াৰ নাম ইতিহাসত উজলালে।
বিদায়ী মু্খ্য ন্যায়াধীশ মিশ্ৰৰ বিদায় সভাত গগৈদেৱে ভাৰতীয় বহুত্ববাদ আৰু সাংবিধানিক শাসনৰ সপক্ষে দিয়া বলিষ্ঠ গণতান্ত্ৰিক মৰ্মপূৰ্ণ বক্তব্যই মাথোন অসমৰেই নাম উজ্জ্বল কৰা নাই লগতে ফেচিবাদী প্ৰৱণতাই ভীষণ আমনি কৰি থকা ভাৰতীয় পৰিস্থিতিত গণতান্ত্ৰিক আশাবাদকো শক্তিশালী কৰিছে। তিনিওগৰাকীলৈ অভিনন্দন জনাইছো, সুভৱিষ্যৎ কামনা কৰিছো আৰু আশা কৰিছো- অসমবাসীয়ে তেওঁলোকৰ দৃষ্টান্তক যেন প্ৰেৰণাৰ উৎস হিচাপে লয়।