/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
সম্প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ অধ্যক্ষ অমিত শ্বাহ যুগলবন্দী দল আৰু চৰকাৰৰ মূল চালিকাশক্তি হিচাপে বিবেচিত হৈছে। এই অৰ্থত দুয়োজনেই এতিয়া সৰ্বেসৰ্বা হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোডীৰ কথা সুকীয়া, কিন্তু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ কাম-কাজৰ প্ৰতি দলটোৰ এসময়ত শীৰ্ষ নেতাসকলৰে বিৰাগ জন্মা পৰিলক্ষিত হৈছে। যশৱন্ত সিনহা, অৰুণ শ্বোৰী, শত্ৰুঘ্ন সিনহাকে ধৰি বিজেপিৰ একালৰ অভিজ্ঞ তথা বয়োজ্যেষ্ঠ নেতাসকলে মোডী চৰকাৰৰ বিৰুদ্ধে ৰাজহুৱা মঞ্চত বহু গুৰুতৰ অভিযোগ আনিছে।
ইফালে অমিত শ্বাহৰ পৰিকল্পনা অনুসৰিয়েই দল আৰু চৰকাৰত লালকৃষ্ণ আদৱানি, মুৰলী মনোহৰ যোশীৰ দৰে বৰ্ষীয়ান নেতাক গুৰুত্বহীন কৰি তোলা হৈছে। তাৰ বিপৰীতে অমিত শ্বাহো কাকো পৰোৱা নকৰি দলৰ সাংগঠনিক ভেটি সবল কৰি তোলাৰ বাবে এটাৰ পাছত এটাকৈ প্ৰয়োজনীয় সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁৰ প্ৰতিপক্ষই তেওঁক চুবই পৰা নাই। কিন্তু প্ৰশ্ন হয়- প্ৰধানমন্ত্ৰী মোডীৰ একান্ত সহযোগী অমিত শ্বাহৰ এই প্ৰতিপত্তি কিমান দিনলৈ সুৰক্ষিত হৈ থাকিব? ২০১৯ লোকসভা নিৰ্বাচনত শ্বাহৰ পৰিকল্পনা বাস্তৱায়িত হ'বনে? গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ৰ পৰাি প্ৰধানমন্ত্ৰী মোডীৰ লগত অমিত শ্বাহে বহু গুৰুত্বপূৰ্ণ কাম একেলগে সম্পাদন কৰিছে।
গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত সেই ৰাজ্যৰ গৃহ মন্ত্ৰীৰ দায়িত্বত থকা শ্বাহৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈছিল। আনকি কেইবাটাও গোচৰত তেওঁক মুখ্য অভিযুক্ত কৰি ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়া চলিছিল। কিন্তু সময়ত সকলো গোচৰৰ পৰাই বিভিন্ন বিভিন্ন উপায়ে নিজকে দোষমুক্ত কৰিবলৈ সক্ষম হৈছিল শ্বাহ। আনকি তেওঁৰ বিৰুদ্ধে চি বি আই আদলতে উচ্চ ন্যায়ালয়ত আপীল নকৰাৰ বিষয়েও সেই সময়ত সংবাদ মাধ্যমত চৰ্চা চলিছিল। এতিয়া বিজেপিৰ অধ্যক্ষ হিচাপে দল আৰু চৰকাৰত প্ৰধানমন্ত্ৰীৰ পিছতে সবাতোকৈ গুৰুত্বপূৰ্ণ ব্যক্তিৰূপে চিহ্নিত অমিত শ্বাহক সেইবোৰ বিষয়ে সহজে ঢুকি নাপায় যদিও সম্প্ৰতি তেওঁক কেন্দ্ৰ কৰি কেতবোৰ নতুন বিষয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে।
আজি কিছুদিন আগতে অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ 'শ্বাহ টেম্পল এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড' নামৰ কোম্পানীটোৱে মোডী চৰকাৰৰ আমোলত অস্বাভাৱিক আয় কৰাৰ তথ্য পোহৰলৈ আহিছিল। এই তথ্যক লৈ বিৰোধীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল যে জয় শ্বাহৰ কোম্পানীয়ে কেন্দ্ৰৰ অনুগ্ৰহ লৈ দুৰ্নীতি সংঘটিত কৰিছে। অৱশ্যে পৰৱৰ্তী সময়ত বিষয়টোক লৈ জয় শ্বাহে ন্যায়ালয়ত মানহানিৰ গোচৰো তৰিছিল। কেইমান মান আগতে সম্পন্ন কৰ্ণাটক বিধানসভা নিৰ্বাচনী সভাত ৰাহুল গান্ধীয়ে পোনপটীয়াকৈ অভিযোগ আনিছিল যে জয় শ্বাহৰ কোম্পানীক দুৰ্নীতি কৰাৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰে সহযোগিতা কৰিছে। পিচলৈ অমিত শ্বাহেও আনকি বিষয়টোৰ ক্ষেত্ৰত স্পষ্টীকৰণ দিছিল।
তেওঁ কৈছিল যে- নিয়ম-নীতি অনুসৰি কাম কৰা তেওঁৰ পুত্ৰৰ কোম্পানীৰ সৈতে চৰকাৰৰ কোনো সম্পৰ্ক নাই। কিন্তু এতিয়া সংবাদ মাধ্যমত পুনৰ জয় শ্বাহৰ কোম্পানীৰ নাম আহিছে। চি বি আইৰ সদ্য অপসাৰিত সঞ্চালক আলোক বাৰ্মাক ছুটী লৈ যাবলৈ নিৰ্দেশ দিয়াৰ চাৰি দিন আগতে হেনো বাৰ্মাই জয় শ্বাহৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ ফাইল খুলিছিল। চি বি আইৰ সূত্ৰই প্ৰকাশ কৰা বুলি দাবী কৰা এই সংবাদ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাকততো ওলাইছে। ইফালে কংগ্ৰেছৰ মতে জয় শ্বাহৰ বিৰুদ্ধে দুৰ্নীতিৰ তদন্তৰ বাবে চি বি আইৰ ওচৰত দহজনকৈ ব্যক্তিয়ে আবেদন কৰিছিল।
লক্ষণীয়ভাৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে অলপতে মন্তব্য কৰিছে যে সেইবোৰ ভিত্তিহীন অভিযোগ। অৱশ্যে সময়তহে এনে অভিযোগ-প্ৰতিঅভিযোগৰ সত্যতা নিৰূপণ কৰিব পৰা যাব। কিন্তু ইয়াৰ মাজতে এটা কথা অন্ততঃ স্পষ্ট হৈ পৰিছে যে অমিত শ্বাহ দেশৰ এজন ন্যায়নিষ্ঠ ৰাজনীতিক হ'ব নোৱাৰে। ক্ষমতা দখলৰ বাবে বিভিন্ন কূট-কৌশল অৱলম্বন কৰি হ'লেও তেওঁ চাৰি বছৰৰ ভিতৰতে বিজেপিক দেশৰ সবাতোকৈ শক্তিশালী দল হিচাপে গঢ়ি তুলিছে ঠিকেই, কিন্তু তেওঁৰ ৰাজনৈতিক সততাক লৈ বহু প্ৰশ্নৰ অৱকাশ থাকি গৈছে।
দুদিন আগতে ক্ষমতাৰ বাবেই তেওঁ কেৰালালৈ গৈ সবৰীমালা মন্দিৰৰ আয়াপ্পা ভক্ত সমাজক প্ৰৰোচিত কৰিছে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰিবলৈও আনকি শ্বাহে কুণ্ঠাবোধ কৰা নাই। এনে কৰ্মকাণ্ডই তেওঁক দেশৰ সৰ্ববৃহৎ শাসক দলটোৰ মুৰব্বী হিচাপে এক নেতিবাচক পৰিচিতিহে প্ৰদান কৰিছে। কিন্তু নিষ্ঠুৰ ইতিহাসে বহু ক্ষমতাৱান নেতাকো এসময়ত কালৰ গৰ্ভলৈ দলিয়াই দিছে। মুৰ্খ শাসকে ইতিহাসৰ দেৱালৰ লিখনি পঢ়িব নাজানে।