বেপৰোৱা শাসক

বেপৰোৱা শাসক

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

বৰ্তমানৰ বিজেপি নেতৃত্বাধীন  কেন্দ্ৰীয় চৰকাৰখনে আইনৰ শাসনৰ পৰিৱৰ্তে স্বেচ্ছাচাৰী কায়দা-কৌশল অৱলম্বন কৰিহে দেশ শাসন কৰিবলৈ লৈছে। তাৰ শেহতীয়া উদাহৰণ হ'ল- নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন সংসদত গৃহীত কৰিব নোৱাৰি যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা চৰকাৰখনে এতিয়া পূৰ্বৰ অধিসূচনা অনুসৰি দেশৰ সাতখন ৰাজ্যত বিদেশীক স্বদেশী কৰাৰ চক্ৰান্ত ৰূপায়ণ কৰিবলৈ লৈছে।

Advertisment

তাৎপৰ্যপূৰ্ণভাৱে এই সাতখন ৰাজ্যৰ ভিতৰৰ মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত ইতিমধ্যে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ মাজতে আৰু কেইটামান দিনহে বাকী। অৰ্থাৎ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা আহি ২০১৪চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত সেইকেইখন ৰাজ্যত বসবাস কৰি থকা হিন্দু, শিখ, খ্ৰীষ্টান, জৈন, বৌদ্ধ আৰু পাৰ্চী ধৰ্মাৱলম্বী বিদেশীসকলক নাগৰিকত্ব আৰু স্থায়ী সংস্থাপন দি বিজেপি নেতৃত্বাধীন চৰকাৰখনে ভোটবেংকৰ ৰাজনীতি কাৰ্যকৰী কৰিবলৈ ওলাইছে।

উল্লেখযোগ্য যে যোৱা শনিবাৰে কেন্দ্ৰই পূৰ্বৰ অধিসূচনাৰ অধীনত সাতখন ৰাজ্যৰ ষোল্লখন জিলাৰ আয়ুক্ত আৰু সচিবসকললৈ এই সম্পৰ্কে এক জৰুৰী নিৰ্দেশ জাৰি কৰিছে। সেই নিৰ্দেশনাত কোৱা হৈছে যে ১৯৫৫চনৰ নাগৰিকত্ব আইন অনুসৰিয়ে সেইসকল লোকক দেশত নাগৰিকত্ব দিয়াৰ যাৱতীয় ব্যৱস্থা কাৰ্যকৰী কৰিব লাগে। অথচ নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন এতিয়ালৈকে সংসদীয় যুটীয়া সমিতিৰ ওচৰতে আছে। অসমকে দৰি দেশৰ বিভিন্ন প্ৰান্তলৈ গৈ কমিটীয়ে ৰাইজৰ মতামতৰ ভিত্তিত সংসদত প্ৰতিবেদন দাখিল কৰাৰ পিচতহে বিধেয়কখন সংসদত পুনৰ উপস্থাপন কৰিব পৰা যাব।

দেশৰ ধৰ্মনিৰপেক্ষ সাংবিধানিক ঐতিহ্যৰ পৰিপন্থী এই বিধেয়কখনৰ বিৰুদ্ধে ইতিমধ্যে কেৱল অসমতে নহয়, আন বহুতো সৰ্বভাৰতীয় ৰাজনৈতিক দলেও ইয়াৰ বিৰোধিতা কৰিছে। ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ হৈছে। তাৰ পিচতো কেন্দ্ৰই এই বিধেয়কখনৰ অন্তৰ্গত ব্যৱস্থাৱলী প্ৰশাসনিকভাৱে কাৰ্যকৰী কৰিবলৈ ওলাইছে। দৰাচলতে কেন্দ্ৰৰ শাসক দলটোৱে আন বহু ক্ষেত্ৰত সাংবিধানিক ঐতিহ্য মষিমূৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। দুদিন আগতে কেৰালালৈ গৈ বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে সৰবীমালা মন্দিৰ প্ৰসংগত সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰিছে। তেওঁ কৈছে যে সবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশৰ পক্ষে সৰ্বোচ্চ ন্যায়ালয়ে দিয়া ৰায়ক তেওঁলোকে মানি ল'ব নোৱাৰে।

এইক্ষেত্ৰত শাসক দলটো মন্দিৰৰ পুৰোহিতসকলৰ পক্ষতে থাকিব বুলি ঘোষণা কৰি অমিত শ্বাহে আনকি ন্যায়ালয়কো মানুহৰ আৱেগ-পৰম্পৰাৰ বিৰুদ্ধে ৰায় নিদিবলৈ সকীয়নি দিয়া পৰিলক্ষিত হৈছে। তাৰ অৰ্থ হ'ল- সংবিধান, আইন, ন্যায়ালয়- এই সকলোবোৰে বিজেপিয়ে ক্ষমতাৰ স্বাৰ্থত তুচ্ছজ্ঞান কৰিছে। ইয়ো এক প্ৰকাৰৰ স্বেচ্ছাচাৰিতাৰেই নামান্তৰ মাথোঁ। যিবোৰ বিষয়ত কেন্দ্ৰই বিৰোধীৰ হেঁচাত পৰি বা ৰাজ্যসভাত সংখ্যাগৰিষ্ঠ নথকাৰ হেতু আইন প্ৰণয়ন কৰিব পৰা নাই, সেইবোৰ বিষয় তেওঁলোকে অধিসূচনা জাৰি কৰি কাৰ্যকৰী কৰাৰ বাবে তৎপৰতা প্ৰদৰ্শন পূৰ্বৰ অধিসূচনাৰ আঁত ধৰি সাতখনকৈ ৰাজ্যত বসবাস কৰা বিজেপিক স্বদেশী কৰাৰ এই কাৰ্যক সংবিধানবিৰোধী আখ্যা দি ইতিমধ্যে অসমৰ জাতীয় সংগঠনবোৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।

অসমৰ জনসাধাৰণে আশংকা প্ৰকাশ কৰিছে যে অচিৰেই অসমৰ ক্ষেত্ৰতো কেন্দ্রই সেইধৰণৰ নিৰ্দেশনা জাৰি কৰি জাতীয় সহমতক নস্যাৎ কৰিব পাৰে। মুঠতে কেন্দ্ৰৰ এই নিৰ্দেশনাই অসমৰ বাবে অশুভ সংকেত কঢ়িয়াই আনিছে। সেয়েহে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা জাতীয় দল-সংগঠনবোৰে বিষয়টো গভীৰভাৱে পৰ্যবেক্ষণ কৰা উচিত। ক্ষমতাৰ খঁকত ক্ৰমান্বয়ে বেপৰোৱা হৈ উঠা শাসকক জনসাধাৰণে গণতান্ত্ৰিক প্ৰতিবাদেৰে পিচহুঁহকিবলৈ বাধ্য কৰোৱাত বাহিৰে গত্যন্তৰ নাই।