পঞ্চায়তীৰাজৰ বিলৈ

পঞ্চায়তীৰাজৰ বিলৈ

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

ইতিহাসৰ স্পষ্ট ৰায় হ'ল- গণতান্ত্ৰিক ব্যৱস্থাই শ্ৰেষ্ঠ ৰাষ্ট্ৰব্যৱস্থা। সভ্যতাৰ উজ্জ্বলতা তথা বিকাশৰ মূল লক্ষ্য হ'ল প্ৰতিগৰাকী ব্যক্তিৰ মাজত যি সুস্থ প্ৰতিভা নিহিত হৈ আছে, সেইবোৰ পূৰ্ণ বিকাশৰ বাধাহীন সুবিধা যিমান পাৰি প্ৰসাৰিত কৰাটো। কাৰণ ব্যক্তি প্ৰতিভাৰ সমষ্টিগত ৰূপটোৱেই সমাজ একোখনৰ সামগ্ৰিক সৃজনী শক্তি। সেয়ে যিমান অধিকসংখ্যক ব্যক্তি প্ৰতিভা সুবিধাৰ অভাৱত মৰহি যায়। সিমানেই সমাজখনৰ সামগ্ৰিক সৃজনী শক্তিৰ অপচয় ঘটে আৰু সমাজখনৰ ক্ষতি হয়। সেয়ে ব্যক্তি প্ৰতিভাৰ বিকাশ অধিকাৰ পৰা অধিকতৰ হ'বলৈ ৰাষ্ট্ৰব্যৱস্থাও তেনে ৰূপৰ হ'ব লাগিব। এইখিনিতেই আহি পৰে গণতান্ত্ৰিক ব্যৱস্থাৰ শ্ৰেষ্ঠত্বৰ প্ৰশ্নটো।

Advertisment

গণতান্ত্ৰিক ব্যৱস্থাই একমাত্ৰ ৰাষ্ট্ৰব্যৱস্থা, য'ত ব্যক্তিগত তথা সমজুৱা অভাৱ-অভিযোগবোৰ ৰাজহুৱাভাৱে উত্থাপন কৰাৰ আৰু কৰ্তৃপক্ষই সেইবোৰ উচিত ৰূপেৰে পূৰণ কৰাৰ বাবে দাবী তোলাৰ ব্যক্তি স্বাধীনতা তথা নাগৰিক অধিকাৰ আছে আৰু তেনে ন্যায্য দাবী পূৰণ কৰাটো কৰ্তৃপক্ষৰ ৰাষ্ট্ৰীয় দায়িত্ব। গণতন্ত্ৰৰ নিভাঁজ অৰ্থ হ'ল ৰাইজৰ শাসন। কিন্তু ই এটা বিমূৰ্ত তত্ত্ব নহয়। বাস্তৱত 'ৰাইজৰ শাসন'ৰ অৰ্থ হ'ল ৰাইজক প্ৰত্যক্ষ অংশগ্ৰহণৰ সুবিধা দি ব্যক্তিগত তথা ৰাজহুৱ অভাৱ-অভিযোগবোৰৰ বিষয়ে মুকলি আলোচনাৰ জৰিয়তে সেইবোৰৰ সু-মীমাংসাৰ ব্যৱস্থা কৰাটো। তেনে ব্যৱস্থাৰ ভেটি তৃণমূলত থাকিবই লাগিব। কাৰণ তেনে ব্যৱস্থাৰ উচ্চত থকা স্তৰবোৰৰ বাবে সমাজৰ সাধাৰণ ৰাইজৰ সৈতে প্ৰত্যক্ষ যোগাযোগ থকাটো বেছি ক্ষেত্ৰতেই সম্ভৱ নহয়। কিন্তু সমাজৰ বেছিভাগ সমস্যা থাকে তৃণমূলত।

আনহাতে, একমাত্ৰ ছুইজাৰলেণ্ডৰ তৃণমূলৰ ৰাষ্ট্ৰীয় কাঠামোটোৰ কাৰ্যকলাপ ব্যৱস্থাটোৱে সামৰা ক্ষুদ্ৰ অঞ্চলটোৰ প্ৰাপ্তবয়স্ক সকলো নাগৰিকৰ প্ৰত্যক্ষ অংশগ্ৰহণেৰে চলে। সেইটো সম্ভৱ হৈছে ৰাষ্ট্ৰখনৰ তেনেই ক্ষুদ্ৰ আকাৰ আৰু বিশেষ ৰূপৰ ইতিহাসৰ বাবে।ছুইজাৰলেণ্ড তেনেই ক্ষুদ্ৰ  ক্ষুদ্ৰ তথা সম্পূৰ্ণ স্বায়ত্তশাসিত 'কেন্টন'ৰ সমষ্টিহে। ছুইজাৰলেণ্ডতকৈও ক্ষুদ্ৰ আধুনিক ৰাষ্ট্ৰৰ উৎপত্তি যে  হোৱা নাই তেনে নহয়, কিন্তু সেইবোৰ হয় ভেটিকানৰ দৰে ৰোমান কেথলিক পোপৰ খ্ৰীষ্টান ধৰ্মৰাজ্য অথবা কোনো সাম্ৰাজ্যবাদী শক্তিৰ আশীৰ্বাদপুষ্ট ক্ষুদ্ৰ ৰাষ্ট্ৰ। এইবোৰৰ ক'তো প্ৰকৃতাৰ্থৰ গণতন্ত্ৰৰ কোনো ব্যৱস্থা নাই। একমাত্ৰ বিৰল ব্যতিক্ৰমটো হ'ল সমাজতান্ত্ৰিক কিউবা।

আন ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰত যিহেতু গণতান্ত্ৰিক ব্যৱস্থাই মুক্তভাৱে ক্ৰিয়াই কৰিব পৰা নাই, সেয়ে ক্ষুদ্ৰ ৰাষ্ট্ৰ হোৱা সত্ত্বেও সেইবোৰত প্ৰত্যক্ষ গণতান্ত্ৰিক ব্যৱস্থা স্থাপিত হোৱা নাই। ছুই্জাৰলেণ্ডত সেই সুবিধা আছে বাবেই তাৰ নাগৰিকসকলৰ সুবিধাৰ্থে জাৰ্মান, ইটালিয়ান আৰু ফৰাচী- এই তিনিটা ভাষাই দেশখনত কোনো অসুবিধা নোহোৱাকৈ ৰাষ্ট্ৰভাষা হিচাপে চলি আছে। দেশখন সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ হৈ থাকিব পাৰিছে। স্থানীয় প্ৰশাসন সম্পূৰ্ণ কেন্টনভিত্তিক স্বায়ত্তশাসনেৰে পৰিচালিত। প্ৰতিখন কেন্টন আমাৰ পঞ্চায়তৰ দৰে, য'ত স্থানীয় নাগৰিকে প্ৰত্যক্ষ অংশগ্ৰহণেৰে স্থানীয় সমস্যাবোৰৰ সমাধানৰ ব্যৱস্থা আছে। বৃহৎ ৰাষ্ট্ৰবোৰত কেন্টন প্রশাসনৰ ব্যৱস্থা কৰা নাযায়। আনহাতে তৃণমূলত তেনে কিবা ৰূপৰ ব্যৱস্থা নাথাকিলে গণতান্ত্ৰিক কাঠামোটোক ক্ৰিয়াশীল কৰিব নোৱাৰি।

সেইবাবেই আধুনিক গণতন্ত্ৰৰ জন্মভূমি ইংলেণ্ডত নগৰাঞ্চলৰ বাবে মিউনিচিপালিটি আৰু গ্ৰামাঞ্চলৰ বাবে লোকেল ব'ৰ্ডৰ ব্যৱস্থা কৰি স্থানীয় স্বায়ত্তশাসন (লোকেল ছেলফ গৱৰ্ণমেন্ট)ৰ ব্যৱস্থাৰ সূচনা কৰা হৈছিল। ক্ৰমান্বয়ে এই ব্যৱস্থা সমগ্ৰ বিশ্বত বিয়পি পৰিল। কিন্তু যিবোৰ দেশ সাম্ৰাজ্যবাদৰ অধীনত আছিল, তেনে উপনিবেশত তাৰ প্ৰয়োগ আচিল তেনেই সীমিত আৰু সাম্ৰাজ্যবাদৰ স্বাৰ্থ পূৰণকাৰীবিধৰ। ভাৰতীয় উপনিবেশত সেইটোৱেই ঘটিছিল। ঊনবিংশ শতিকাৰ দ্বিতীয় ভাগৰ দ্বিতীয় অংশৰ পৰা যদিও ইংৰাজশাসিত ভাৰতৰ বিভিন্ন অঞ্চললৈ মিউনিচিপালিটি আৰু লোকেল ব'ৰ্ড স্থাপনৰ সম্প্ৰসাৰণ লাহে লাহে ঘটিছিল, কিন্তু সেইবোৰৰ, বিশেষকৈ গ্ৰামাঞ্চলক সামৰা লোকেল ব'ৰ্ডৰ জৰিয়তে কৰা স্বশাসনৰ প্ৰয়োগ আছিল তেনেই সীমিত।

ভাৰত যিহেতু গাঁও অঞ্চলপ্ৰধান দেশ, সেয়ে গাঁও অঞ্চলৰ প্ৰগতিৰ ওপৰতেই দেশৰ প্ৰগতি নিৰ্ভৰশীল। এই দায়িত্ব পালন সাম্ৰাজ্যবাদে স্থাপন কৰা 'লোকেল ব'ৰ্ড' ব্যৱস্থাৰে অসম্ভৱ আছিল। সেয়ে ক্ষমতা হস্তান্তৰৰ পিচত দেশৰ গাঁও অঞ্চলৰ প্ৰগতিৰ বাবে পঞ্চায়ত ব্যৱস্থাৰ প্ৰৱৰ্তন স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা নেতাসকলে ক্ষমতা লাভ কৰাৰ পিচত বিশেষ গুৰুত্ব দি কৰিছিল। গান্ধীজীয়ে পঞ্চায়তীৰাজকেই সবাতোকৈ অধিক গুৰুত্ব দিছিল। গ্ৰামোন্নয়নৰ নিকা আদৰ্শৰ ভিত্তিত গাঁৱৰ ৰাইজে প্ৰত্যক্ষ অংশগ্ৰহণেৰে নিজ গাঁও, অঞ্চল তথা জিলাৰ সমস্যা নিজেই উচিতভাৱে কৰি ল'ব- ইয়েই আছিল পঞ্চায়তীৰাজৰ লক্ষ্য-উদ্দেশ্য।

ইয়াৰ সৈতে গাঁৱৰ ৰাইজৰ প্ৰত্যক্ষ অংশগ্ৰহণ যিহেতু জড়িত, সেয়ে প্ৰথম অৱস্থাত দলীয় ৰাজনীতিক এৰাই চলা হৈছিল যাতে গাঁৱতেই দলাদলিৰ সৃষ্টি নহয়। পিচে গ্ৰামোন্নয়নৰ আদৰ্শবাদৰ ভিত্তিত প্ৰতিষ্ঠিত পঞ্চায়তী ব্যৱস্থাত আদৰ্শবাদ কেনেকৈ লাঞ্ছিত হৈছে, যাৰ ফলত পঞ্চায়তৰ জৰিয়তে হ'বলগা গণমুখী সুশাসনৰ কেনে বিলৈ হৈছে, পঞ্চায়ত কেনেকৈ দুৰ্নীতিৰ ঘাটিলৈ অধঃপতিত হৈছে, তাক গ্ৰামাঞ্চলৰ ৰাইজে অনুধাৱন কৰিব লাগিব আৰু এইবাৰৰ পঞ্চায়ত নিৰ্বাচনক সেই অৱক্ষয় আঁতৰ কৰাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব লাগিব।