/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
দেশৰ অন্যতম সমৃদ্ধিশালী ৰাজ্য কেৰালাৰ ভয়াৱহ বানপানীৰ পিছত সম্প্ৰতি পুনৰ সংস্থাপনৰ বিষয়টোক লৈ জনসাধাৰণৰ মনত দুশ্চিন্তা আৰম্ভ হৈছে। প্ৰশ্নটো কেৱল আৰ্থিক সাহায্যকেন্দ্ৰিক নহয়, মনস্তাত্ত্বিকভাৱে কেৰালাবাসীৰ উদ্যম পুনৰ ঘূৰাই অনাৰ কথাটোও জড়িত হৈ পৰিছে। তাৰ মাজতে দুৰ্গতসকলৰ প্ৰতি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগবঢ়োৱা আৰ্থিক সাহ্যাৰ বিষয়টোক লৈ বিভিন্ন পক্ষৰ নেতিবাচক প্ৰতিক্ৰিয়া চলি আছে।
চৰকাৰীভাৱে ঘোষণা কৰা হৈছে যে কেৰালাৰ পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াৰ বাবে অতিকমেও ২১হাজাৰ কোটি টকাৰ প্ৰয়োজন হ'ব। এই বৃহৎ পুঁজি আহিব ক'ৰ পৰা? সেইবাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ৫০০ কোটি টকাৰ সাহায্যক লৈ কেৰালাৰ ৰাজ্য চৰকাৰ সন্তুষ্ট হোৱাৰ প্ৰশ্নই আহিব নোৱাৰে। অৱশ্যে ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ হিচাপ কেন্দ্ৰৰ ওচৰত দাখিল কৰাৰ পিছতহে বিষয়টো অধিক স্পষ্ট হৈ পৰিব।
ইফালে কেৰালাৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম ব্ৰতী হৈ পৰিছে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদমাধ্যমো এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই। দুদিন আগতে এন ডি টিভি সংবাদ গোষ্ঠীয়ে এক অনুষ্ঠানৰ আয়োজন কৰি দহ কোটিতকৈও অধিক পুঁজি যোগাৰ ধৰিছে। এইধৰণৰ প্ৰচেষ্টাই নিশ্চয়কৈ দেশৰ সংহতি সুদৃঢ় কৰিব। কিন্তু কেন্দ্ৰৰ সাহায্যমূলক নীতিক লৈহে সম্প্ৰতি উত্থাপন হৈছে কেতবোৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন।
অভিযোগ আহিছে যে কেন্দ্ৰই সাহায্য পুঁজি বিতৰণ ক্ষেত্ৰত বৈষম্যমূলক নীতি কাৰ্যকৰি কৰি আহিছে। এই বিষয়টো কেৱল কেৰালাই নহয়, আমাৰ অসমৰ দৰে ৰাজ্যৰ ক্ষেত্ৰতো ইতিমধ্যে প্ৰতীয়মান হৈছে। অসমৰ বান-খহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে চিহ্নিত নকৰা আৰু দেশৰ অন্য প্ৰান্তৰ ৰাজ্যবোৰতকৈ বিশেষকৈ গুজৰাট, উত্তৰাখণ্ড, বিহাৰ অথবা জম্মু-কাশ্মীৰৰ তুলনাত অসমৰ বানপানীৰ বাবে তুলনামূলকভাৱে কেন্দ্ৰই যথেষ্ট কম সাহায্য দিয়াৰ দৃষ্টান্ত আছে।
আমি ভাবো, প্ৰত্যেকখন ৰাজ্যকে সমদৃষ্টিৰে নাচালে দেশৰ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাটোৱে অৰ্থহীন হৈ পৰিব। বহুক্ষেত্ৰত কেন্দ্ৰৰ বৈষম্যমূলক নীতিয়ে এই ব্যৱস্থাৰ ওপৰত আঘাত হানিছে। তাৎপৰ্যপূৰ্ণভাৱে বিগত কিছুদিন ধৰি কেৰালাৰ দুৰ্যোগক লৈ ছ'চিয়েল মিডিয়াযোগেও নানাধৰণৰ অপপ্ৰচাৰ আৰু অযুক্তিকৰ চৰ্চা চলিছে। দুই-এক হিন্দুত্ববাদী সংগঠনৰ নেতাই কেন্দ্ৰীয় সাহায্যৰ বিষয়টোক লৈ কেৰালাৰ বাওঁপন্থী চৰকাৰক আক্ৰমণো কৰিছে। ই সঁচাকৈয়ে নিন্দনীয় বিষয়।
এইবোৰ বিষয়ে দেশাবাসীৰ ঐক্যত অন্তৰায়ৰ সৃষ্টি কৰি আহিছে। লক্ষণীয়ভাৱে কেৰালাৰ ভয়াৱহ বানপানীক লৈ কেতবোৰ অবান্তৰ বিষয় উত্থাপন কৰা হৈছে। বিশেষকৈ হিন্দুত্ববাদী মহলৰ পৰাই এইধৰণৰ বিতৰ্কৰ সূচনা কৰা হৈছে। কোৱা হৈছে যে, কিছুদিন আগতে কেৰালাৰ এটা মন্দিৰত মহিলাৰ প্ৰৱেশৰ ক্ষেত্ৰত ন্যায়ালয়ে ইতিবাচক নিৰ্দেশনা দিয়াৰ বাবেও হেনো ৰাজ্যখনত প্ৰলয়ংকাৰী প্ৰাকৃতিক দুৰ্যোগ আহি পৰিছে। অৰ্থাৎ বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগকো ধৰ্মীয় চিন্তা-চেতনাৰ সৈতে সাঙুৰিব বিচৰা হৈছে। ই সঁচাকৈয়ে হাস্যকৰ কথা।
ইফালে, দুদিনমান আগতে ৰাজ্যখনত পুনৰ সংস্থাপনৰ বাবে সংযুক্ত আৰব ৰাষ্ট্ৰৰ পৰা আৰ্থিক সাহায্য লোৱা-নোলোৱাৰ বিষয়টোক লৈও তীব্ৰ বাদানুবাদ চলিছিল। বিদেশী ৰাষ্ট্ৰখনে কেৰালাক সাতশ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াবলৈ আগ্ৰহী বুলি সংবাদমাধ্যমতো খবৰ ওলাইছিল। কিন্তু পিছলৈ সেই খবৰ খণ্ডন কৰি কেৰালা চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছিল যে সংযুক্ত আৰব ৰাষ্ট্ৰৰ মুৰব্বীজনেহে সেই সম্পৰ্কে প্ৰধানমন্ত্ৰী মোডীৰ লগত বাৰ্তালাপ কৰিছিল। কিন্তু তাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মূল বিষয়টো সেয়া নাছিল। এইক্ষেত্ৰত কেন্দ্ৰই জনাইছিল যে বিদেশৰ পৰা সাহায্য লোৱাত অসুবিধা আছে, কাৰণ বিদেশী সাহায্য ল'লে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতবৰ্ষৰ দুৰ্বলতাহে প্ৰতিপন্ন হ'ব।
কেন্দ্ৰীয় চৰকাৰৰ মতে ২০০৪চনতে পূৰ্বৰ ইউ পি এ এই সম্পৰ্কে সিদ্ধান্ত লৈছিল। তাৰ বিপৰীতে আকৌ একাংশই যুক্তি দিছে যে ২০১৬চনত মোডী চৰকাৰে বিদেশৰ আৰ্থিক সাহায্যৰ বিষয়টো বিবেচনা কৰাৰ নীতি ঘোষণা কৰিছিল। মুঠতে কেৰালাৰ প্ৰলয়ংকাৰী দুৰ্যোগৰ পিছত সাহায্য আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত দেখা দিয়া নানা সমস্যাই ৰাজ্যবাসীক জুৰুলা কৰিছে।
ক্ষমতাসৰ্বস্ত ৰাজনীতি, মৌলবাদী চিন্তা আৰু শাসক-বিৰোধীৰ মাজত অৰিয়াঅৰিয়ে বিপন্ন কেৰালাক পুনৰ থিয় দি উঠাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। আচলতে সুশাসনৰ প্ৰতিশ্ৰুতিৰে সমবিকাশ আৰু সমউন্নয়নৰ কথা কোৱা শাসকৰ দৃষ্টিভংগীৰ পৰিবৰ্তন নহ'লে দুৰ্যোগগ্ৰস্ত জনসাধাৰণৰ পৰিত্ৰাণৰ পথ প্ৰশস্ত হ'ব নোৱাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us