বিধানসভাৰ দৃশ্যপট

বিধানসভাৰ দৃশ্যপট

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

প্ৰত্যাশিতভাৱেই বিৰোধীপক্ষৰ আক্ৰমণাত্মক ভূমিকাৰে যোৱা সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। অসমৰ সাম্প্ৰতিক যি ৰাজনৈতিক পৰিৱেশ তাত কংগ্ৰেছ-এ আই ইউ ডি এফকে ধৰি বিৰোধী দলকেইটাৰ প্ৰভাৱৰ ছবিখন যথেষ্ট ধূসৰ যদিও বিধানসভাৰ চলিত অধিৱেশনখনত প্ৰধান বিৰোধী দল দুটাৰ সদস্যসকলে আক্ৰমণাত্মক ৰূপ লৈ জনসাধাৰণৰ সৃষ্টি দল দুটাৰ ওপৰত নিবদ্ধ  কৰিবলৈ যে চেষ্টাত ক্ৰুটি নকৰিব, তাৰ আভাস তেওঁলোকে প্ৰত্যাশিতভাৱেই পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি, নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, এন আৰ চিৰ দৰে স্পৰ্শকাতৰ বিষয়কেইটা বাছি লোৱা পৰিলক্ষিত হৈছে।

Advertisment

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি অকল অসমতে নহয়, দেশৰ জনতাৰ বাবে হৈ পৰিছে ভয়ংকৰ পৰিস্থিতি। চলিত মাহটোত প্ৰায় প্ৰতিদিনেই বৃদ্ধি পাইছে এই পেট্ৰ'পণ্যৰ মূল্য। আন্তৰ্জাতিক বজাৰত ডলাৰৰ বিপৰীতে টকাৰ মূল্য অভূতপূৰ্ব পতনৰ বাবেই পেট্ৰ'ল-ডিজেলৰ মূল্য অস্বাভাৱিক বৃদ্ধ ঘটা বুলি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বাখ্যা আগবঢ়ালেও ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্তৰত কংগ্ৰেছ দলে এই যুক্তি খণ্ডন কৰিছে আৰু এইক্ষেত্ৰত পূৰ্বৰ ইউ পি এ চৰকাৰৰ আমোলত খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্যৰ তুলনা দাঙি ধৰি মূল্যবৃদ্ধিৰ এই সমগ্ৰ অধ্যায়ত কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ জনবিৰোধী অভিপ্ৰায় নিহিত থকা বুলি অভিযোগ কৰিছে।

এনে এক প্ৰেক্ষাপটতে সোমবাৰে শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনা পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে সভাস্থগিত প্ৰস্তাৱ উপস্থাপন কৰি কংগ্ৰেছ-এ আই ইউ ডি এফে জনসাধাৰণৰ মনৰ ক্ষোভ, অসন্তুষ্টি, উদ্বেগক সদনৰ মজিয়াত তুলি ধৰাৰ সুযোগ গ্ৰহণ কৰে। প্লেকাৰ্ড প্ৰদৰ্শন কৰি বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনি দি দল দুটাৰ বিধায়কসকলে অধ্যক্ষৰ আসনৰ সন্মুখত ধৰ্ণা দি পেট্ৰ'ল-ডিজেলক জি এছ টিৰ অধীনলৈ অনাৰ দাবী জনায়। যাতে অতিৰিক্ত কৰৰ বাবে এই দুবিধ ইন্ধনৰ মূল্য জনসাধাৰণৰ বাবে অসহনীয় বোজা হৈ নপৰে।

অধ্যক্ষই অৱশ্যে বিৰোধীৰ এনে আক্ৰমণত নতিস্বীকাৰ নকৰিলে আৰু সদনত এই স্পৰ্শকাতৰ বিষয়টোক লৈ বিশেষ আলোচনাৰ অনুমতি প্ৰদান নকৰিলে। জনসাধাৰণৰ জীৱন ধাৰণৰ সৈতে জড়িত বিষয়টোৰ এনেদৰে নিষ্ফল সামৰণি পৰিলেও বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদৰ ক্ষেত্ৰত কংগ্ৰেছ-এ আই ইউ ডি এফৰ এনে সমিলমিল ভূমিকাই আগত দিনত দল দুটাই ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ এক সম্ভাৱনাক পৰিস্ফূট কৰি তুলিছে।

ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু এন আৰ চিক লৈও দল দুুটাই সদনৰ মজিয়াত আক্ৰমণাত্মক ভূমিকা গ্ৰহণ কৰিছে যদিও এইক্ষেত্ৰত তেওঁলোকে চৰকাৰক বিতত কৰিব পৰা নাই তেওঁলোকৰ বিষয়ে দুটাৰ ক্ষেত্ৰত থকা ঋণাত্মক ভাবমূৰ্তিৰ বাবে। নাগৰিকত্ব বিধেয়কক লৈ কংগ্ৰেছৰ নিজৰ স্থিতিয়েই স্পষ্ট নহয়, সেয়ে সদনৰ মজিয়াতো দলটোৰ বিধায়কে পৰস্পৰবিৰোধী বক্তব্য আগবঢ়োৱাৰ ফলত তেওঁলোকৰ কথাবোৰ বাগাড়ম্বৰতহে পৰিণত হৈছে। গতিকে সদনত আক্ৰমণাত্মক হ'লেও নিজনৰ ক্ষেত্ৰত থকা বহু দোষ-দূৰ্বলতাৰ ফলত এই অধিবেশনতো বিৰোধীৰ আক্ৰমণে চৰকাৰকখনত শ'লঠেকত পেলোৱাৰ সম্ভাৱনা কম।

কিন্তু সদনৰ প্ৰশ্নকালত উত্থাপিত কিছুমান প্ৰশ্ন আৰু পৰিপূৰক প্ৰশ্নই 'পৰিবৰ্তন'ৰ সপোন দেখুওৱা সৰ্বানন্দ সোণোৱালৰ চৰকাৰ পৰিচালনাৰ অদক্ষতাক উন্মোচিত কৰিবলৈ আৰম্ভ কৰিছে। মঙলবাৰে এগৰাকী কংগ্ৰেছ বিধায়কে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত বিত্ত মন্ত্ৰীয়ে ৰাজ্যৰ বিত্তীয় পৰিচালনা তথা উন্নয়নৰ ধন ব্যয়ৰ ক্ষেত্ৰত যিবোৰ তথ্য প্ৰকাশ কৰিলে, সেয়া নিতান্তই হতাশজনক। তেওঁৰ তথ্যমতেই ২০১৭-১৮ বৰ্ষত চৰকাৰখনে উন্নয়নৰ বাবে ধাৰ্য কৰা ৪৮,১৯০ কোটি টকাৰ প্ৰায় অৰ্ধেক ২২,৫৭০ কোটি টকাই ব্যৱহাৰ কৰিব পৰা নাই। ইফালে পূৰ্বৰ তৰুণ গগৈ চৰকাৰৰ আমোলৰ শেষ বৰ্ষ ২০১৫-১৬ত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ১৬.৪৭ শতাংশ থকাৰ বিপৰীতে সোণোৱাল চৰকাৰৰ আমোলত এই হাৰ ১১.৫৭ শতাংশলৈ হ্ৰাস পাইছে।

আনহাতে মহাগাণনিকৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে বিত্ত বিভাগৰ অন্তৰ্গত বিষয়াৰ গাফিলতিৰ বাবে আবকাৰী, বন, পৰিবহণ আদি বিভাগত সংঘটিত ব্যাপক কৰফাঁকিৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় ৪০৫ কোটি টকাৰ ৰাজহ হেৰুৱাবলগা হৈছে। তদুপৰি এখন সংখ্যাগৰিষ্ঠ সবল চৰকাৰ থকাৰ পাছতো ৰাজ্যত পথ-দলং নিৰ্মাণকে ধৰি উন্নয়নী কাম-কাজবোৰ কেনেদৰে স্থবিৰ হৈ আছে অথবা ক'ৰবাত দুই এটা কাম হ'লেও সেয়া কিমান নিম্নমানৰ হৈছে, সেয়া ৰাইজে দেখি আছে আৰু তাক লৈ প্ৰতিক্ৰিয়াও হৈছে। তেনেস্থলত সোণোৱাল চৰকাৰ সচেতন নহ'লে আৰু দক্ষতা প্ৰতিপন্ন কৰাত ব্যৰ্থ হ'লে সদনত আজি বিৰোধীয়ে তোলা প্ৰতিবাদৰ ধ্বনি কাইলৈ জনসাধাৰণৰ প্ৰাণে প্ৰাণে অনুৰাণিত হ'ব পাৰে। কাৰণ ৰাজনীতিত যিকোনো কথাই সম্ভৱ।