অসৎ উপাৰ্জনৰ যুঁজ

অসৎ উপাৰ্জনৰ যুঁজ

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

এইকেইদিন ইংৰাজী বৰ্ণমালাৰ দুটা বৰ্ণই ভাৰতীয় শাসক শ্ৰেণীৰ ক্ষমতাৰ ৰাজনীতিৰ বজাৰখন গৰম কৰি আছে। সেই আখৰ দুটা- P আৰু  C। Percentage আৰু Commission. এই ইংৰাজী শব্দ দুটাৰ প্ৰতিটোত প্ৰথম আখৰ দুটাই হ'ল সম্প্ৰতি শাসক শ্ৰেণীৰ বজাৰ গৰম কৰা P-C।

Advertisment

ফ্ৰান্সৰ বৃহৎ পুঁজিপতিৰ বহুজাতিক কোম্পানী ডাচাউল্টৰ পৰা ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা দপ্তৰৰ হৈ অনিল আম্বানি মালিকানাধীন কোম্পানী ৰিলায়েন্স ডিফেন্সে উন্নত প্ৰযুক্তিযুক্ত অতি দামী যুঁজাৰু বিমান-ৰাফেল প্ৰয়োজনাধিক মূল্যত ক্ৰয় কৰাৰ যি কেলেংকাৰী মোডী চৰকাৰে সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ বিৰোধী ৰাজনৈতিক শিবিৰে, বিশেষকৈ কংগ্ৰেছে আনিছে আৰু যি কেলেংকাৰীক লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত লগা প্ৰবল বাক্-বিতণ্ডাই সম্প্ৰতি দেশৰ ৰাজনৈতিক আকাশ কঁপাই আছে, সেই কাণ্ডৰেই নৱতম সংযোজন হ'ল P-C বোমাৰে চলোৱা যুদ্ধ ৰাফেল কাণ্ড সম্পৰ্কে এই কাকতৰ আন পৃষ্ঠা তথা এই স্তম্ভত ইতিমধ্যে বিস্তৃত আলোচনা হৈছে। তেনেকৈয়ে হৈছে দেশ তথা ৰাজ্যৰ আন সংবাদ মাধ্যমবোৰতো।

ৰাফেল কাণ্ড আজিৰ এই আলোচনাৰ বিষয় নহয়। বিষয় P-C বোমাৰ বিস্ফোৰণসহ। মুনাফাসৰ্বস্ব বৃহৎ  পুঁজিপতিৰ অতি বৃহৎ কোম্পানীবোৰৰ স্বাৰ্থপূৰণৰ বাবে সাম্ৰাজ্যবাদী শক্তিবোৰৰ হেঁচাত বৰ্তমানৰ ভাৰতৰ শাসক শ্ৰেণীয়ে দেশত প্ৰচলন কৰিলে গণ কল্যাণৰ প্ৰতি পিঠি দিয়া বজাৰসৰ্বস্ব মুক্ত বজাৰ অৰ্থনীতি। মুক্ত বজাৰ অৰ্থনীতিৰ এটা অতি গুৰুত্বপূৰ্ণ তথা অপৰিহাৰ্য অংগ হ'ল কমিছন। এতিয়া সমাজত বহুলভাৱে ব্যৱহৃত এটা প্ৰশ্ন হ'ল- কমিছন কিমান? তাৰেই ইংৰাজী ৰূপটো হ'ল What is the percentage of Commission? বেপাৰ মানেই যেন কমিছনৰ অংশ। লাভাংশ নোহোৱাকৈ বেপাৰ নচলে সেইটো সঁচা।

মুনাফাৰে নাম লাভ আৰু লাভৰ অংশই লাভাংশ। লাভাংশ অৰ্জনৰ দুটা ৰূপ আছে। সজ পন্থাৰে অৰ্জন কৰা লাভাংশ, যিটোক ইংৰাজীত কোৱা হয়  Clean Profit। অসৎ পন্থাৰে অৰ্জন কৰা লাভাংশ, যিটোক ইংৰাজীত কোৱা হয় Dirty Profiteering। সজ পন্থাৰ পাইকাৰী আৰু খুচুৰাৰ বেপাৰ প্ৰথমটো পন্থা। কোনো বৃহৎ কোম্পানীৰ বাবেই তাৰ দ্বাৰা উৎপাদিত বিপুল সম্ভাৰৰাজি নিজে গৈ বজাৰত বিক্ৰী কৰাটো সম্ভৱ নহয়।

আনহাতে গ্ৰাহকক যি খুচুৰা দোকানীসকলে সেই সামগ্ৰী বিক্ৰী কৰে সেই দোকানীসকলৰ বাবেও নিজে গৈ কোম্পানীৰ পৰা সামগ্ৰীখিনি কিনি অনা সম্ভৱ নহয়। কাৰণ সিমান বিশাল পৰিমাণে সেই সামগ্ৰী কোম্পানীৰ পৰা খুচুৰা দোকানীয়ে ক্ৰয় কৰাৰ প্ৰয়োজনো নাই আৰু তাৰ বাবে যি বিশাল পৰিমাণৰ ধনৰ প্ৰয়োজন সিমান ধনো বেছিভাগ খুচুৰা দোকানীৰ নাই, অথবা থাকিলেও তেনে বিনিয়োগৰ প্ৰয়োজন নাথাকে।

সেয়ে বৃহৎ উৎপাদনকাৰী, সেই উৎপাদিত সামগ্ৰী পাইকাৰীভাৱে ক্ৰয় কৰা পাইকাৰী বেপাৰী আৰু পাইকাৰীৰ পৰা খুচুৰাকৈ কিনি আনি গ্ৰাহকক বিক্ৰী কৰা খুচুৰা বেপাৰী- এই বাণিজ্যিক মালাডাল নোহোৱাকৈ কোনো বেপাৰ চলিব নোৱাৰে। সেইটো ব্যক্তিগত খণ্ডৰেই হওঁক অথবা ৰাষ্ট্ৰীয় খণ্ডৰেই হওঁক। এই ব্যৱসায় নিকা ৰূপৰ হ'লে তাত বদনামৰো কোনো  কথা নাই। আনহাতে বৃহৎ উৎপাদনকাৰী, সেই সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰাৰ এই বাণিজ্যিক মালাডালত অনীতি-অনিয়মৰ অনুপ্ৰৱেস যেতিয়াই ঘটে, তেতিয়াই Dirty Profiteering লৈ অধঃপতিত হৈ সৃষ্টি কৰে নানা কেলেংকাৰীৰ ।

'ৰাফেল কাণ্ড' তেনে এক কেলেংকাৰী যুঁজাৰু বিমান ভাৰত চৰকাৰে বিদেশী কোম্পানীৰ পৰা আগতেও কেইবাবাৰো ক্ৰয় কৰিছে। কোনো  মধ্যভোগী কেন্দ্ৰিক কেলেংকাৰীয়ে দেখা নিদিয়াকৈয়ে। ৰিলায়েন্স ডিফেন্সক মধ্যভোগী হিচাপে নোলোৱাকৈও এই যুঁজাৰু বিমান কিনিব পাৰিলেহেঁতেন। সেই বিমান ভাৰতলৈ অনা আৰু প্ৰথমে ৰখাৰ যি সুবিধাৰ বাবে ৰিলায়েন্স ডিফেন্সক দিব লগা হ'ল বুলি মোডী চৰকাৰে ক'ব ধৰিছে সেই দাবীও যে ভিত্তিহীন তালৈ আঙুলিয়াই আন শিবিৰে দেখুৱাই দিছে- বাংগালুৰুত তেনে চৰকাৰী সুবিধা আছেই। কামটো সহজে হওঁক বুলি কামটোক ৰঙাফিতাৰ মেৰপাকৰ পৰা মুকলি কৰি এটা কোম্পানীক চৰকাৰৰ হৈ কামটো কৰিবলৈ দিয়া হ'ল বোলা যুক্তিয়েও থাউনি নোপোৱা হৈছে। কাৰণ তাৰ বাবে গ্ৰহণযোগ্য এটা Service Charge দিয়া হ'লেও কথা নাছিল।

কিন্তু দিয়া হৈছে এনে বিপুল পৰিমাণৰ লাভাংশ যে এতিয়া মোডী চৰকাৰে ৰাফেলৰ দামনো কিমান তাকেই ৰাজহুৱা কৰিব নোৱাৰা হৈছে। লগে লগে ই হৈ পৰিল দেশৰ প্ৰধান ৰাজনৈতিক নেতৃত্বই কমিছন খোৱাৰ অভিযোগ উটা এটা কদৰ্য P-C কেলেংকাৰী। লগতে আৰম্ভ হ'ল P-C বোমাৰে কৰা যুদ্ধ। কংগ্ৰেছ বিজেপি নেতৃত্বক কমিছন খোৱা 'চোৰ' আৰু তাৰ বিপৰীতে বিজেপিয়ে কংগ্ৰেছে নেতৃত্বক একালৰ কমিছন খোৱা 'চোৰ' বুলি ৰাজহুৱাভাৱে অপবাদৰ যুদ্ধ আৰম্ভ কৰিছে।

মধ্যভোগীক পুঁজিবাদত Commission Agent নাম দি পোছাকী ৰূপ দিয়া হৈছে তাৰ খাৰাংখাচ দেশীয় প্ৰতিশব্দ হ'ল- দালাল। এই দালাল চিনাকিটোৰ যে এটা শালীন ৰূপ আছিল সেইটো এই চিনাকিৰ উপাধি থকাটোৱেই প্ৰমাণ কৰে। দেশৰ ষ্টক এক্সচেঞ্জৰ মুখ্য কাৰ্যালয়ো দালাল ষ্ট্ৰীটতেই। কিন্তু বৰ্তমানে আমাৰ সমাজত দালালিক সন্মানজনক অৰ্থত ব্যৱহাৰ নকৰা হ'ল। ঠগামিহে সেইটোৰ প্ৰয়োগত সংযোজিত হ'ল। কিয় হ'ল তাৰেই প্ৰমাণ দিছে P-C বোমাৰে শাসক শ্ৰেণীৰ দুটা শিবিৰে চলোৱা অপবাদৰ যুদ্ধই, যি বাকযুদ্ধৰে শাসক শ্ৰেণীয়েই প্ৰমাণ কৰিছে দেশত চলিছে দালালৰ ৰাজত্ব।