/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
সাংবিধানিক মৰ্যাদাপ্ৰাপ্ত দেশৰ সৰ্বোচ্চ অনুসন্ধানকাৰী সংস্থা হিচাপে বিবেচিত চি বি আইৰ বিশ্বাসযোগ্যতাক লৈও সম্প্ৰতি প্ৰশ্ন উত্থাপন হোৱা বিষয়টোৱে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকুশলতাৰ নেতিবাচক দিশটোকে উদঙাই দিছে। যোৱা বুধবাৰৰ নিশা কেন্দ্ৰীয় ভিজিলেন্স আয়োগৰ পৰামৰ্শ অনুসৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে চি বি আইৰ সঞ্চালক আলোক বাৰ্মাৰ লগতে সংস্থাটোৰ দ্বিতীয়গৰাকী প্ৰধান বিষয়াৰ মৰ্যাদা লাভ কৰা বিশেষ সঞ্চালক ৰাকেশ আস্থানাক পদৰ পৰা অপসাৰণ কৰি বাধ্যতামূলক ছুটী লোৱাৰ নিৰ্দেশ জাৰি কৰিছে।
তাৰপিচৰ পৰাই চি বি আইক লৈ একধৰণৰ অচলাৱস্থাৰ সৃষ্টি হয়। দৰাচলতে আজি কিছুদিন ধৰি গুজৰাট কেডাৰৰ আই পি এছ বিষয়া ৰাকেশ আস্থানাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগৰ অনুসন্ধান প্ৰক্ৰিয়া চলি আছিল। এই অনুসন্ধান প্ৰক্ৰিয়া স্বাভাৱিকতে সঞ্চালক আলোক বাৰ্মাৰ নেতৃত্বতে চলিছিল। তাকে লৈ চি বি আইৰ দুই শীৰ্ষতম বিষয়াৰ মাজত অৰিয়াঅৰি আৰু মতানৈক্যই তীব্ৰ ৰূপ লৈছিল। একাংশ মহলত হোৱা চৰ্চা অনুসৰি প্ৰধানমন্ত্ৰী মোডী আৰু অমিত শ্বাহৰ সৈতে থকা ঘনিষ্ঠতাৰ বাবেই আস্থানাই চি বি আইৰ বিশেষ সঞ্চালকৰ পদবীত অধিষ্ঠিত হোৱাৰ সুযোগ লাভ কৰিছিল। তেওঁ গুজৰাটৰ গোধৰা কাণ্ডৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ অনুসন্ধানৰ দায়িত্বত আছিল।
সেই সূত্ৰেই তেনে গোচৰবোৰত তদানীন্তন গুজৰাট চৰকাৰৰ অভিমুক্ত মন্ত্ৰী-বিষয়াসকলক দোষমুক্ত ঘোষণা কৰা হৈছিল বুলিও গুৰুতৰ অভিযোগ আছে। এইদৰে চি বি আইৰ মুৰব্বী তথা সঞ্চালক আলোক বাৰ্মাৰ সৈতে ৰাকেশ আস্থানাৰ পেছাগত অৰিয়াঅৰিৰ বিষয়টোক লৈ ব্যাপক ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত আছিল। বহুতে ক'ব খোজে যে আলোক আৰু আস্থানাৰ মাজৰ বিৰোধ বহুলাংশে নীতিগত প্ৰশ্নক লৈহে। সঞ্চালক বাৰ্মাৰ নিৰ্দেশত আস্থানাৰ বিৰুদ্ধে ৰুজু হোৱা দুৰ্নীতিৰ গোচৰৰ পিচত যোৱা সোমবাৰে আস্থানাই আনকি দিল্লী উচ্চ ন্যায়ালয়ৰো দ্বাৰস্থ হৈছিল। তাৰ পিচতে হঠাতে সমগ্ৰ ঘটনাক্ৰমৰ নাটকীয় পট পৰিৱৰ্তন হৈছিল।
যেতিয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দুয়োজনকে বাধ্যতামূলক ছুটীলৈ যোৱাৰ নিৰ্দেশ জাৰি কৰিছিল। তাৎপৰ্যপূৰ্ণভাৱে এই নিৰ্দেশ জাৰি হোৱাৰ আগদিনাই বিজেপি অধ্যক্ষ অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত এক গোপন আলোচনাত মিলিত হৈছিল। তাৰপিচতে সম্পূৰ্ণ নাটকীয়াভাৱে চি বি আইৰ যুটীয়াা সঞ্চালক এম নাগেশ্বৰ ৰাৱক অন্তৱৰ্তীকালীন সঞ্চালকৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। এই ঘটনাক্ৰমে দেশৰ ৰাজনীতি উত্তাল কৰি তুলিছে। কাৰণ এনে কাণ্ড পূৰ্বে সংঘটিত হোৱাৰ নজিৰ নাছিল। মুখ্য বিৰোধী দল কংগ্ৰেছৰ মতে ৰাকেশ আস্থানাক দোষমুক্ত কৰাৰ ষড়যন্ত্ৰৰে কেন্দ্ৰই সঞ্চালক আলোক বাৰ্মাৰ দৰে দক্ষ তথা নিকা বিষয়াক অপহৰণ কৰিছে।
কাৰণ আলোক বাৰ্মাই কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত নিৰ্দেশ অমান্য কৰি নিৰপেক্ষভাৱে চি বি আইৰ কাম-কাজ অব্যাহত ৰাখিছিল। বাওঁপন্থী দলবোৰকে ধৰি অন্য বিৰোধীৰ মুখতো একেই অভিযোগৰ সুৰ ফুটি উঠিছে। ইফালে সৰ্বোচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, বিশিষ্ট আইনজ্ঞ প্ৰশান্ত ভূষণে যোৱা বুধবাৰে সংবাদমাধ্যমৰ আগত কয় যে ৰাকেশ আস্থানাক ৰক্ষণাবেক্ষণ দিয়াৰ লগতে ৰাফেল চুক্তিৰ তদন্তৰ পৰা আলোক বাৰ্মাক আঁতৰাই ৰখাৰ বাবেই কেন্দ্ৰই এই ষড়যন্ত্ৰ কৰিছে। উল্লেখ্য যে চি বি আইৰ সদ্য অপসাৰিত সঞ্চালকজনে অলপতে প্ৰতিৰক্ষা মন্ত্ৰালয়লৈ ৰাফেল চুক্তি সম্পৰ্কীয় কেতবোৰ প্ৰশ্ন প্ৰেৰণ কৰিছিল।
অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ হৈ বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে এই সমগ্ৰ অভিযোগ খণ্ডন কৰিছে। জেটলিৰ মতে দেশৰ সৰ্বোচ্চ সংস্থাটোৰ শীৰ্ষতম পৰ্যায়ত সৃষ্টি হোৱা অচলাৱস্থা দূৰ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে দৃষ্টান্তমূলকভাৱে ক্ষিপ্ৰ ব্যৱস্থা হাতত লৈছে। ইফালে সঞ্চালক আলোক বাৰ্মাই তেওঁৰ অপসাৰণ ন্যায়সংগত নহয় বুলি সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে। এই গোচৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে গ্ৰহণো কৰিছে। আজি এই গোচৰৰ শুনানি ল'ব মুখ্য ন্যায়াধীশৰ দ্বাৰা গঠিত বিচাৰপীঠে। সি যি কি নহওঁক, চি বিআইৰ দৰে সংস্থাত সৃষ্টি হোৱা এই আভ্যন্তৰীণ অচলাৱস্থাই শাসকীয় ৰাজনীতিৰ বিভিন্ন দিশ উন্মোচন কৰিছে ।
আমি ভাবো- ঘটনাক্ৰম যিদৰেই আগ নাবাঢ়ক কিয়, ইয়াৰ দ্বাৰা এটা কথা অন্ততঃ প্ৰতীয়মান হৈছে যে শাসকীয় ৰাজনীতিৰ স্বাৰ্থপূৰণৰ প্ৰতিযোগিতাইহে চি বি আইৰ দৰে সংস্থাৰ শীৰ্ষতম পৰ্যায়ত সৃষ্টি হোৱা বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। চি বি আই ক্ৰমান্বয়ে শাসক পক্ষৰ হাতৰ পুতলাত পৰিণত হ'বলৈ ধৰা বুলি ইমান দিনে বিভিন্ন পক্ষই যি অভিযোগ উত্থাপন কৰি আহিছিল, সেয়াও যেন সত্য প্ৰমাণিত হ'বলৈ ধৰিছে। তৎসত্ত্বেও দেশৰ সচেতন মহলে আশা কৰিছে যে এই অবাঞ্ছিত ধুমুহাৰ মাজতো চি বি আইৰ বিশ্বাসযোগ্যতা পুনৰ প্ৰতিষ্ঠা হ'ব।