অমিত শ্বাহৰ বক্তব্য

অমিত শ্বাহৰ বক্তব্য

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

এই স্তম্ভতে আমি ইতিমধ্যে বহুবাৰ উনুকিয়াই আহিছো যে শাসক দল বিজেপিয়ে ২০১৯চনৰ লোকসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ইছ্যুটো দেশজুৰি প্ৰক্ষেপ কৰিব। বিদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে সমগ্ৰ দেশতে এন আৰ চিৰ কাম সম্পন্ন কৰাটো জৰুৰী বুলি প্ৰচাৰ চলাই শাসক দলটোৱে দেশৰ জনসাধাৰণৰ মন আকৃষ্ট কৰাৰ প্ৰচেষ্টা চলাব বুলি আমিও একপ্ৰকাৰ নিশ্চিত হৈছিলো।

Advertisment

সেই কথা প্ৰমাণ কৰিয়েই দুদিন আগতে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে নতুন দিল্লীৰ ৰামলীলা ময়দানত আয়োজিত 'পূৰ্বাঞ্চল মহাকুম্ভ' শীৰ্ষক এখন জনসভাত ঘোষণা কৰিলে যে, ২০১৯চনত বিজেপি জয়ী হ'লে দেশজুৰি এন আৰ চিৰ কাম সম্পন্ন কৰা হ'ব। অৰ্থাৎ বিজেপিয়ে এইবাৰ বিদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাটোক লৈ নাগৰিকৰ ভোট লাভ কৰাৰ কৌশল অৱলম্বন কৰিছে।

কিন্তু কথা হৈছে- বিজেপিৰ মতে বিদেশী অনুপ্ৰৱশকাৰীৰ কোন? বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা হিন্দু ধৰ্মীয় লোকক সংস্থাপন আৰু নাগৰিকত্ব দিয়াৰ বাবে প্ৰস্তুতি চলোৱা শাসক দলটোৱে যে মুলতঃ বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰী সকলকেই লক্ষ্য কৰি এন আৰ চিৰ পক্ষে ব্যাপক প্ৰচাৰ চলাইছে, সেই কথা আৰু লুকাই থকা নাই।

তেওঁলোকৰ মতে হিন্দুসকল শৰণাৰ্থী আৰু মুছলমানসকল অনুপ্ৰৱেশকাৰী। নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ জৰিয়তে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ আইনী ব্যৱস্থা বিজেপিয়ে প্ৰৱৰ্তন কৰিব বিচাৰিছে। তাকে কৰিবলৈ গৈ বিজেপিৰ অধ্যক্ষগৰাকীয়ে ৰাজহুৱাভাৱে কেতবোৰ এনে আচহুৱা মন্তব্য কৰিবলৈ লৈছে, যিবোৰ শুনি বুজি সচেতন মহলে বিচুৰ্তি খাবলগীয়াত পৰিছে। প্ৰথমতে অসমৰ এন আৰ চিৰ সম্পূৰ্ণ খচৰা তালিকাৰ পৰা বাদ পৰা চল্লিশ লাখ লোকক বাংলাদেশী অনুপ্ৰৱেশকাৰী আখ্যা দিয়াৰ পিছত এতিয়া অমিত শ্বাহে ভাৰতবৰ্ষত এশ কোটি বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে বুলিও অদ্ভূত মন্তব্য কৰিবলৈ লৈছে।

অৱশ্যে  প্ৰধানমন্ত্ৰী মোডীয়ে এবাৰ ভুলক্ৰমে ভাৰতবৰ্ষৰ জনসংখ্যা ছশ কোটি বুলি কোৱাৰ নিচিনাকৈ অমিত শ্বাহৰো হয়তো জিভা পিছলিল। ক্ষমতা সৰ্বস্ব ৰাজনীতিৰ ব্যস্ততাৰ ফলতে এনে ভুল-ভ্ৰান্তি হ'বই পাৰে। কিন্তু সেইবোৰে  জনসাধাৰণক বিপথে পৰিচালিত কৰিলেহে সৰ্বনাশ হয়। জনসাধাৰণৰ আগত প্ৰকৃত সত্য উন্মোচন হ'ব লাগে। ইতিহাস আৰু বাস্তৱৰ ভূুল বাখ্যাৰে অনন্ত কালৰ বাবে ৰাইজক আন্ধানৰত ৰাখিব পৰা নাযায়।

এতিয়া নিৰ্বাচন অহাৰ লগে লগে বিদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাক লৈ গভীৰভাৱে চিন্তিত হৈ পৰা বিজেপিৰে শীৰ্ষ নেতৃত্বই হিচাপ দিব  লাগিব- মোডী চৰকাৰৰ বিগত চাৰি বছৰীয়া কাৰ্যকাল আৰু পূৰ্বৰ এন ডি এ আমোলৰ প্ৰায় সাত বছৰীয়া শাসনকালত বাংলাদেশ চৰকাৰৰ সৈতে কিয় এবাৰলৈও সেই সমস্যাক লৈ আলোচনাত বহা নহ'ল? অইন নালাগে, অসম সংলগ্ন বাংলাদেশ সীমান্ত অঞ্চলৰ নিৰাপত্তা আৰু সীমান্ত ছীল কৰাৰ কামো সম্পূৰ্ণ নহ'ল। অথচ প্ৰধানমন্ত্ৰী মোডীয়ে নিজেই কেইবাবাৰো বাংলাদেশ ভ্ৰমণ কৰিলে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেহ হাছিনাক কলকাতালৈ আমন্ত্ৰণ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ কাম-কাজক বখানিলে। শ্বেখ হাছিনাই বাংলাদেশৰ ধৰ্মীয় মৌলবাদী-সন্ত্ৰাসবাদী অপশক্তিবোৰৰ বিৰুদ্ধে সঠিক কাৰ্যব্যৱস্থা লৈছে বুলি প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজহুৱা মঞ্চত ভাষণো দিলে। মোডী চৰকাৰৰ দিনতে বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্য আৰু যাতায়াত ব্যৱস্থা অধিক সুচল কৰা হ'ল। কিন্তু বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসমকে ধৰি দেশৰ অন্যান্য অঞ্চলত সৃষ্টি কৰা সমস্যাক লৈ কোনো আলোচনা নহ'ল, দেশত চিনাক্ত অবৈধ বাংলাদেশীক ওভতাই পঠিয়াবলৈ প্ৰয়োজনীয় প্ৰত্যৰ্পণ চুক্তি সম্পাদন কৰাতো দূৰৈৰ কথা।

তাৎপৰ্যপূৰ্ণভাৱে অধ্যক্ষ অমিত শ্বাহে নতুন দিল্লীৰ জনসভাত এই কথাও কৈছে যে বিদেশী অনুপ্ৰৱেশকাৰীৰ বাবেই হেনো পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতীয়ে কৰ্মসংস্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই। আনকি দেশৰ গৰিব-দুখীয়াৰ মুখৰ ভাত বিদেশী অনুপ্ৰৱেশকাৰীয়ে কাঢ়ি নিছে বুলিও শ্বাহে অভিযোগ আনিছে।

তাৰ অৰ্থ এয়ে নেকি যে প্ৰতি বছৰে দুই কোটি নিবনুৱাক কৰ্মসংস্থান দিয়া আৰু দেশলৈ সুদিন অনাৰ প্ৰতিশ্ৰুতি মোডী চৰকাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাবেই পালন কৰিব নোৱাৰিলে। পিছে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাভুক্ত ভাৰতৰ বৃহৎ কৰ্প'ৰেট গোষ্ঠীবোৰৰ লুণ্ঠন প্ৰক্ৰিয়া সন্দৰ্ভত অমিত শ্বাহ নিমাত।

প্ৰতিৰক্ষাৰ দৰে ক্ষেত্ৰবোৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ হাৰ বৃদ্ধি কৰি বিদেশী কোম্পানীক দেশৰ ৰাজহুৱা সম্পদ গতাই দিয়া, আম্বানি-আদানিক ধনী কৰি গৰিব কৃষকক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা কৰ্প'ৰেটনিৰ্ভৰ অৰ্থনীতি আৰু দেশৰ ধন লুণ্ঠন কৰি বিদেশত আশ্ৰয় লোৱা বিজয় মালিয়া, ললিত মোডী আৰু নীৰৱ মোডীৰ দৰে ব্যক্তিৰ কথাও নুলিয়ালে তেওঁ। আচলতে এয়াই ক্ষমতা সৰ্বস্ব ৰাজনীতি, যাৰ প্ৰকৃত স্বৰূপ বুজিবলৈ জনসাধাৰণৰো বাকী নাই। সেই কথা দেশত ক্ৰমান্বয়ে প্ৰতিপন্ন হ'ব ধৰিছে।