জাতীয় প্ৰতিবাদ

জাতীয় প্ৰতিবাদ

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

সমগ্ৰ অসম যোৱা মঙলবাৰে স্তব্ধ হৈ পৰিল এক জাতীয় প্ৰতিবাদৰ প্ৰতীক হৈ। নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন সংসদৰ আগত শীতকালীন অধিবেশনত গৃহীত কৰাৰ বাবে গ্ৰহণ কৰা চূড়ান্ত তৎপৰতাৰ বিৰুদ্ধে এই জাতীয় প্ৰতিবাদৰ জৰিয়তে এক অৰ্থত অসমবাসীয়ে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডীৰ চৰকাৰক সকীয়নি দিলে।

Advertisment

মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম টাই আহোম ছাত্ৰ সন্থাকে ধৰি ৪৬টা সংগঠনে আহ্বান দিয়া আৰু আন ১৬টা সংগঠনে সমৰ্থন আগবঢ়োৱা 'অসম বন্ধ'ৰ দিনটোতে নতুন দিল্লীত অনুষ্ঠিত হয় বিধেয়কখন পৰ্যালোচনাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিৰ বৈঠক।

এই যুটীয়া সংসদীয় সমিতিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি থাকিলেও ই যে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ শ্ৰুতলিপিমতেহে কাম কৰি আছে সেই সন্দেহ আগৰে পৰাই আছিল যদিও মঙলবাৰৰ বৈঠকখনৰ পিচত চি পি আই (এম)ৰ সাংসদ মহম্মদ চেলিমে মুকলিকৈ সেই সত্যটোক প্ৰকাশ কৰি দিলে।

চেলিমৰ মতে সংসদৰ আগত শীতকালীন অধিবেশনত কেন্দ্ৰীয় চৰকাৰে বিচৰাধৰণে প্ৰতিবেদন দাখিল কৰিবলৈ চৰকাৰখনে জে পি চিক প্ৰভাৱিত কৰাৰ চেষ্টা চলাই আছে। কাৰণ লোকসভা নিৰ্বাচনৰ পূৰ্বে মূলতঃ বাংলাদেশ আৰু পাকিস্তানৰ হিন্দু লোকসকলক ভাৰতৰ নাগৰিকত্ব দিয়াটো নিশ্চিত কৰিব খুজিছে মোডী চৰকাৰে। যাতে এই বিষয়টোক লৈ বিজেপিয়ে নিৰ্বাচনত মুনাফা আদায় কৰিব পাৰে।

গতিকে অসমবাসীৰ মতামত গ্ৰহণৰ বাবে পুনৰ অসমলৈ অহাৰো সম্ভাৱনা নাই। জেপিচিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালে অসমবাসীৰ মতামত ল'বলৈ যুটীয়া সংসদীয় সমিতি পুনৰ অসমলৈ আহিব বুলি পূৰ্বতে দিয়া আশ্বাসো যে প্ৰতাৰণাৰ এক কৌশলহে সেইটো সাংসদ চেলিমৰ ভাষ্যত স্পষ্ট হৈ পৰিছে। মোডী চৰকাৰৰ এই অভিপ্ৰায়ৰ পূৰ্বানুমান কৰিয়ে জেপিচিৰ বৈঠকৰ দিনটোত ৪৬টা সংগঠনে অসম বন্ধৰ আহ্বানমৰ্মে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লোৱা পদক্ষেপৰ প্ৰতি সেয়েহে অসমবাসীয়ে সৰ্বান্তঃকৰণেৰে সমৰ্থন আগবঢ়ালে।

যাৰ ফলত মঙলবাৰৰ দিনটোত আপাততঃ স্তব্ধ হৈ পৰিল ৰাজ্যখন। সেইবাবেই বন্ধৰ মাজতে বিজেপিৰ মিত্ৰ দল অগপই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাৰে লতাশিল খেলপথাৰত অনুষ্ঠিত কৰা সমাবেশ আৰু তাৰ পৰা উলিওৱা সমদলেও লাভ কৰিলে ব্যাপক সফলতা। এই প্ৰতিবাদী কাৰ্যসূচী আছিল আচলতে কেন্দ্ৰীয় চৰকাৰলৈ এক সকীয়নি বাৰ্তা।

নাগৰিকত্ব আইন সংশোধনী বিধেয়কক আইনত পৰিণত কৰি ইয়াৰ জৰিয়তে হিন্দু বাংলাদেশীৰ বোজা অসমৰ ওপৰত জাপি দিবলৈ যি চক্ৰান্ত ৰচনা কৰা হৈছে তাক অসমবাসীয়ে কেতিয়াও মানি নলয় আৰু ইয়াৰ বাবে প্ৰয়োজন হ'লে যিকোনো ত্যাগ স্বীকাৰ কৰিবলৈ যে অসমবাসী সাজু সেই কথা মঙলবাৰৰ 'বন্ধ'ত সম্পূৰ্ণকৈ প্ৰতিপন্ন হ'ল। ৰাজ্য চৰকাৰখনে এই বন্ধ ব্যৰ্থ কৰিবলৈ একে প্ৰকাৰ যুদ্ধংদেহি অৱস্থান গ্ৰহণ কৰিছিল।

কৰ্মচাৰীসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ভাবুকি দিয়া হৈছিল, ব্যৱসায় প্ৰতিষ্ঠানৰ গৰাকীক দিয়া হৈছিল ট্ৰেড লাইচেন্স কৰ্তনৰ ভাবুকি। আনহাতে গুৱাহাটী হাইক'ৰ্টৰ ৰায়ৰ আধাৰত আন্দোলনকাৰীৰ বিৰুদ্ধে ক্ষতিপূৰণ আৰোপৰো হুংকাৰ দিছিল চৰকাৰখনে। শাসক দল বিজেপিয়ে 'বন্ধ' সমৰ্থন নকৰিবলৈ জনসাধাৰণলৈ মুকলি আহ্বান জনাইছিল। কিন্তু সকলো ভয়-ভাবুকি, আহ্বান ৰাজ্যবাসীয়ে উপেক্ষা কৰি সৰ্বাত্মক সঁহাৰি দিলে 'অসম বন্ধ'লৈ। ইয়াৰ অৰ্থ স্পষ্ট।

অবৈধ বিদেশীৰ চৰম আগ্ৰাসনে ইতিমধ্যে অসমৰ থলুৱা মানুহৰ ভাষা-সংস্কৃতি-জীৱনযাত্ৰা বিপন্ন কৰিছে। এই অৱস্থাত হিন্দু-বাংলাদেশীৰ নাগৰিকত্বক অসমৰ জনসাধাৰণে কোনোপধ্যে  মানি নলয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তথা বিজেপিৰ নিজা এজেণ্ডা থাকিব পাৰে, থাকিব পাৰে ৰাজনৈতিক স্বাৰ্থ, কিন্তু তাৰ 'ম'হৰা' হ'ব নোৱাৰে অসম তথা অসমবাসী।

মঙলবাৰৰ 'জাতীয় প্ৰতিবাদ'ৰ জৰিয়তে সকীয়নি বাৰ্তা দিয়াৰ পিচতো কেন্দ্ৰীয় চৰকাৰে নিজৰ অভীপ্সা তথা ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ তাগিদাত অসমবাসীক উপেক্ষা কৰি বৰপূৰ্বকভাৱে নাগৰিকত্ব বিধেয়কখন সংসদত গৃহীত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ গ'লে তাৰ পৰিণতি কি হ'ব পাৰে সেয়া সহজেই অনুমেয়। দিল্লীৰ দমন-উৎপীড়নৰ কেনেকৈ সাহসেৰে সন্মুখীন হ'ব পাৰে তাৰ দৃষ্টান্ত অসমবাসীয়ে অসম আন্দোলনত দেখুৱাই থৈছে। গতিকে নাগিৰকত্ব বিধেয়কখন বলপূৰ্বকভাৱে গৃহীত কৰাৰ চেষ্টা কৰিলেও অসমত বিজেপিৰ বাবে পৰিণাম সুখকৰ নহ'ব। অসমবাসীৰ হৃদয়ৰ ভাষাক মোডী চৰকাৰে অনুধাৱন কৰিবলৈ চেষ্টা কৰা উচিত।