/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
অসমৰ ৪৬টা জাতীয় তথা জনগোষ্ঠীয় সংগঠনে আহ্বান দিয়া ১২ ঘণ্টীয়া 'অসম বন্ধ' কালি পালন হ'ল। 'বন্ধ' ১৯৭৯চনৰ ৰা অসমৰ জনসমাজৰ বাবে অতিকে চিনাকি হৈ পৰিছে। তথাপি এই 'বন্ধ'টোৰ এটা বৈশিষ্ট্য আছিল। বন্ধ যে কৰ্ম-সংস্কৃতিৰ বাবে ক্ষতিকাৰক আৰু সৰ্বসাধাৰণ ৰাইজৰ বাবে ভীষণ অসুবিধাৰ সৃষ্টিকাৰী, সেইটোক এই বন্ধটোৰ আহ্বায়কসকলে বন্ধ ঘোষণা কৰাৰ সময়তেই ৰাজহুৱাভাৱে মানি লৈছিল আৰু বন্ধৰ আহ্বান দিবলগা হোৱা বাবে ৰাইজক দায় নধৰিবলৈ হাতযোৰ কৰিছিল।
আহ্বায়কসকলে অসমৰ সাধাৰণ ৰাইজক জনাইছিল যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধনী বিলখন সম্পৰ্কে জনমত গ্ৰহণৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে অকস্মাতে সম্পূৰ্ণ প্ৰতাৰণামূলকভাৱে এনে এক অসমধ্বংসী কু-কাণ্ড কৰিবলৈ ওলাইছে, যিক্ষেত্ৰত বন্ধ আহ্বান কৰি প্ৰতিবাদ কৰাৰ বাহিৰে ইমান কম সময়ৰ ভিতৰত অসমৰ চুকে-কোণে এই কু-কাণ্ড সম্পৰ্কে সাধাৰণ ৰাইজক অৱগত কৰাৰ আৰু দিল্লীৰ ক্ষমতা কেন্দ্ৰক এই তীব্ৰ কথা সামগ্ৰিক প্ৰতিবাদৰ বিষয়ে সজাগ কৰাৰ আন উপায় প্ৰতিবাদকাৰীৰ বাবে নাছিল।
সেয়ে বন্ধৰ নেতিবাচক দিশবোৰৰ বিষয়ে সজাগ হৈও আন উপায় নোহোৱাত এই পন্থা আহ্বায়কসকলে অৱলম্বন কৰিবলগা হোৱাৰ কথা ঘোষণা কৰিছিল। আজিৰ বাস্তৱ পৰিস্থিতিত আহ্বায়কসকলৰ কথাখিনি পেলাই দিব পৰা বিধৰ নহয়। অৱশ্যে অসম ৰক্ষাৰ বাবেই যিহেতু এই 'বন্ধ' পালন কৰা হ'ল, সেয়ে সেইটোক বন্ধ হিচাপে পালন নকৰি 'অসম ৰক্ষা দিৱস' হিচাপে পালন কৰিব পৰা গ'লহেঁতেন।
আনহাতে বন্ধৰ দৰে নেতিবাচক কাৰ্যসূচী লোৱাসকলক বিজেপি নেতৃত্বই 'প্ৰগতিবিৰোধী' বুলি তীব্ৰ বিৰোধিতা তথা সমালোচনা কৰাৰ উপৰি বিজেপিৰ ৰাজ্যিক সভাপতিয়ে বন্ধ আহ্বান কৰা থলুৱা জাতি-জনগোষ্ঠীৰ সংগঠনবোৰক 'তথাকথিত' বুলি তাচ্ছিল্য কৰাৰ দুঃসাহস কৰিছে। প্ৰথম কথা হ'ল- বন্ধৰ কাৰ্যসূচীক বিজেপিয়ে, বিশেষকৈ অসমৰ বিজেপিয়ে গৰিহণা দিয়াৰ অধিকাৰ আছেনে? তেওঁলোক নিজেই বন্ধ সমৃদ্ধ আন্দোলৰ সৃষ্টি নহয়নে?তেওঁলোকে নিজ স্বাৰ্থত কৰিব পাৰে, আন ৰাইজৰ স্বাৰ্থত কৰাটোহে দোষণীয়! ই কেনে যুক্তি।
তদুপৰি বিজেপিৰ ৰাজ্যিক সভাপতিজনক ক্ষমতাই ইমানেই মূৰত ধৰিছেনে যে অসমৰ থলুৱা জাতি-জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সংগঠনক 'তথাকথিত' বুলি তুচ্ছ-তাচ্ছিল্য কৰাৰ দুঃসাসহ কৰিছে। তেওঁ এটা কথাৰ উত্তৰ অসমৰ ভোটাৰ ৰাইজক দিবনে? অসমৰ থলুৱা জাতি-জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সংগঠন যদি তথাকথিত, তেন্তে অসমত বিজেপিনো কাৰ স্বাৰ্থ পূৰণৰ বাবে আছে? হিন্দু বাঙালী আৰু বাংলাদেশীৰ? হিন্দুত্ববাদী হিন্দীভাষীৰ? এই প্ৰশ্নৰ উত্তৰ অসমৰ থলুৱা জাতি-জনগোষ্ঠীৰ ৰাইজে বিজেপি নেতৃত্বক সোধা উচিত আৰু এই প্ৰতাৰণাৰ যোগ্য উত্তৰ বিজেপি নেতৃত্বক সোধা উচিত আৰু এই প্ৰতাৰণাৰ যোগ্য উত্তৰ বিজেপি নেতৃত্বক দিয়া উচিত।
বিজেপি নেতৃত্বক সুধিব পাৰোনে- যি অসমীয়া মূধাফুটা বৃদ্ধিজীৱীয়ে সৌ-সিদিনালৈকে আওপকীয়াকৈ হ'লেও বিজেপি নেতৃত্বক সমৰ্থন গোপনে কৰি আছিল, তেনে লোকেও কিয় আজি ৰাজহুৱাভাৱে তাক স্বীকাৰ কৰি অসমৰ বিজেপিত অসমৰ থলুৱাক ৰক্ষা কৰিবলৈ কোনো নাই নেকি বুলি পৰম বিষাদেৰে ৰাজহুৱা প্রশ্ন তুলিবলগা হৈছে? কথা হ'ল- পন্থা হিচাপে বন্ধ সমৰ্থনযোগ্য হওঁক বা নহওঁক, যিটো কাৰণে এই গণ প্ৰতিবাদ কৰিবলগা হৈছে, সেইটো ন্যায্য দাবী হয় নে নহয়? বিজেপি নেতৃত্বই অসমৰ জনসাধাৰণক কেইটামান প্ৰশ্নৰ উত্তৰ দিয়ক।
যি 'নিৰ্যাতিত' হিন্দু বাংলাদেশীক আশ্ৰয় দিবলৈ দেশৰ নাগৰিকত্ব আইন সংশোধন কৰিব খোজা হৈছে, তাৰ যে কোনো ভিত্তি নাই সেইটো বৰ্তমানে বাংলাদেশক পতা দুৰ্গা পূজাৰ সংখ্যা বাঢ়ি আহি এনে এটা সংখ্যা পাইছেহি, যিটো পৰিমাণত বিশ্বৰ ভিতৰত পশ্চিমবংগৰ পিচতেই এই সত্যই প্ৰমাণ নকৰেনে? নাগৰিকত্ব আইন সংশোধনীয়ে সকলোতকৈ ডাঙৰ বিপদত পেলাব পৰা ৰাজ্যখন অসম নহয়নে?
এই সংশোধনীয়ে 'অসম চুক্তি' আৰু 'অসম'ৰ 'ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী'ক অৰ্থহীন নকৰিবনে? যুটীয়া সংসদীয় সমিতি আহি পৰিস্থিতিৰ গুৰুত্ব বুজি পুনৰ অসমলৈ শুনানি ল'বলৈ আহিব বুলি প্ৰতিশ্ৰুতি দি যোৱা নাছিলনে? ক'লে গ'ল সেই প্ৰতিশ্ৰুতি? অসমলৈ শুনানি ল'বলৈ পুনৰ নহাকৈয়ে দিল্লীতে বিষয়াৰ লগত আলোচনা কৰি প্ৰতিবেদন দাখিল কৰাৰ সিদ্ধান্ত অকস্মাতে কিয় ল'লে?
এনে প্ৰতাৰণাৰ বিৰুদ্ধে অসমৰ নাগৰিকসকলে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদনকৰি কৰিব কি? সমিতিত অসমৰ কংগ্ৰেছৰো সদস্য আছে। তেওঁলোকে তীব্ৰ প্ৰতিবাদ কৰা নাই কিয়? ই যে অসম ৰক্ষাৰ যুঁজ, তাক অসমৰ সাধাৰণ ৰাইজে বুজা উচিত। আৰু ঐক্যৱদ্ধ তথা গণতান্ত্ৰিক পন্থাহে যে অসমক ৰক্ষা কৰাৰ একমাত্ৰ পথ তাক মনত ৰখা উচিত।