ৰাফেল চুক্তি কেলেংকাৰী

ৰাফেল চুক্তি কেলেংকাৰী

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

কৃষকৰ আত্মহত্যা, কৰ্মসংস্থানহীনতা, মূল্যবৃদ্ধি আৰু বৃহৎ কৰ্প'ৰেট গোষ্ঠীৰ ৰাজহুৱা ধন আত্মসাৎ কৰাৰ দৰে ইছ্যুবোৰক লৈ মোডী  চৰকাৰ শ'লঠেকত পৰাৰ পিছত সম্প্ৰতি ৰাফেল বিমান ক্ৰয়ক লৈ উত্থাপন হোৱা কেলেংকাৰীৰ বিস্ফোৰক তথ্যই দেশৰ সংবাদ মাধ্যমত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।

Advertisment

যি বিৰোধী শক্তিয়ে ইমানদিনে মোডী চৰকাৰক 'কৰ্প'ৰেট নিৰ্ভৰ চৰকাৰ' আখ্যা দি আহিছিল, তেওঁলোকে সদ্যহতে ৰাফেল বিমান ক্ৰয় কেলেংকাৰীৰ প্ৰশ্নত মুখৰ হৈ পৰিছে। কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ মতে ৰাফেল বিমান ক্ৰয়ৰ নামত যি দুৰ্নীতি হৈছে, সেয়া দেশৰ প্ৰতিৰক্ষা খণ্ডৰ সৰ্ববৃহৎ কেলেংকাৰী হিচাপে চিহ্নিত হৈছে।

অৰ্থাৎ যিটো দেখা গৈছে ২০১৯চনৰ লোকসভা নিৰ্বাচনত বিৰোধীয়ে এই ইছ্যুটো বিজেপিৰ বিৰুদ্ধে ব্ৰহ্মাস্ত্ৰ হিচাপে প্ৰয়োগ কৰিবলৈ তৎপৰ হৈ পৰিছে। তাৎপৰ্যপূৰ্ণভাৱে ৰাফেল বিমান ক্ৰয়ৰ বিষয়টোক লৈ মোডী চৰকাৰে এতিয়ালৈকে আনুষ্ঠানিকভাৱে বিৰোধী আস্বস্ত হ'ব পৰাকৈ স্পষ্টীকৰণ দাঙি ধৰিব হোৱা নাই।

অলপতে সম্পন্ন হোৱা সংসদৰ বৰ্ষাকালীন অধিবেশনতো ৰাফেল ইছ্যুটোক লৈ বিশেষ আলোচনা হোৱাৰ পৰিবেশ নাছিল। কিন্তু ইতিমধ্যে এই ইছ্যুটোৱে নতুন গতি লাভ কৰিছে। দেশৰ সংবাদ মাধ্যমতো এই বিষয়ে ব্যাপক চৰ্চা আৰম্ভ হৈছে। শেহতীয়াকৈ বিজেপিৰ বৰ্ষীয়ান নেতা তথা বাজপেয়ী আমোলৰ নিৰ্বিনিয়োজন মন্ত্ৰীৰ দায়িত্ব পালন কৰা প্ৰখ্যাত সাংবাদিক কৰুণ শ্বৌৰী আৰু দলৰে এসময়ৰ প্ৰবীণ নেতা তথা প্ৰাক্তন বিত্ত মন্ত্ৰী যশৱন্ত সিনহাৰ দৰে লোকসকলে ৰাজহুৱা মঞ্চত বিষয়টো সবলভাৱে উপস্থাপন কৰিছে। জ্যেষ্ঠ আইনজ্ঞ প্ৰশান্ত ভূষণৰ দৰে ব্যক্তিসকলেও অৱশ্যে বেচৰকাৰী সংস্থাৰ উদ্যোগত ৰাফেল বিমান ক্ৰয় কেলেংকাৰীৰ  ন ন তথ্যবোৰ উন্মোচন কৰিছে।

সিনহা আৰু শ্বৌৰীৰ দৰে নেতাই অভিযোগ আনিছে যে ৰাফেল চুক্তিৰ দ্বাৰা মোডী চৰকাৰে ৰাজীৱ গান্ধীৰ চৰকাৰৰ সময়ত হোৱা ব'ফৰ্ছ কেলেংকাৰীতকৈও বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত কৰিছে। উল্লেখযোগ্য যে, ৰাফেল কেলেংকাৰীৰ ক্ষেত্ৰত উত্থাপন হোৱা মূল অভিযোগটো হ'ল- ফ্ৰান্সৰ পৰা ৰাফেল নামৰ যুদ্ধ বিমান ক্ৰয় কৰা পূৰ্বৰ চুক্তি অনুসৰি সংসদত ঘোষণা কৰা দামতকৈ প্ৰতিখন বিমানৰ দাম প্ৰায় ১,০০০ কোটি টকা বেছি আদায় দিছে মোডী চৰকাৰে।

তদুপৰি দেশৰ অভিজ্ঞ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান  হিন্দুস্তান এৰ'নেটিক্স লিমিটেড চমুকৈ এইচ এ এলৰ পৰিৱৰ্তে  আম্বানি গোষ্ঠীৰ 'ৰিলায়েন্স ডিফেন্স' ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানটোক ৪০ বছৰৰ বাবে এই বিমানবোৰৰ চোৱাচিতা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে প্ৰায় ৩০ হাজাৰ টোকি টকাৰ বিনিময়ত। অথচ পূৰ্বৰ ইউ পি এ চৰকাৰে ৪০ বছৰৰ ম্যাদসম্পন্ন ৰাফেল বিমানবোৰৰ পৰিচালনা, তত্ত্বাৱাধান, মেৰামতি তথা চোৱাচিতা কৰাৰ দায়িত্ব কোনো ব্যক্তিগত কোম্পানীক দিয়া হোৱা নাছিল।

অভিযোগ মতে, যদি প্ৰতিখন বিমানত ১০০০ কোটি বেছিকৈ দিয়া হৈছে, তেন্তে প্ৰায় ১লাখ ৫০ হাজাৰ কোটি টকা পৰিমাণৰ অধিক ধন আদায় দিয়া হৈছে ফ্ৰান্সৰ  বিমান নিৰ্মাণকাৰী সংস্থাক। লক্ষণীয় বিষয়টো হ'ল- এতিয়ালৈকে বিজেপিৰ অধ্যক্ষ অথবা মোডী চৰকাৰৰ প্ৰতিনিধিয়ে এই কেলেংকাৰীৰ কথা নস্যাৎ কৰিছে আৰু অভিযোগকাৰীসকলৰ ভাষ্যক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি আখ্যা দিছে।

কিন্তু কেন্দ্ৰীয় চৰকাৰে যশৱন্ত সিনহা, অৰুণ শ্বৌৰী অথবা প্ৰশান্ত ভূষণৰ দৰে ব্যক্তিৰ বিৰুদ্ধে কোনোধৰণৰ আইনগত ব্যৱস্থা লোৱা নাই। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ৰাফেল চুক্তিক লৈ উত্থাপিত কেলেংকাৰীৰ বিষয়টোত ৰিলায়েন্সক সাঙুৰি কংগ্ৰেছৰ যিসকল নেতাই ৰাজহুৱা অভিযোগ আনিছে, তেওঁলোকৰ বিৰুদ্ধেহে আইনগত জাননী জাৰি কৰিছে অনিল আম্বানিৰ ৰিলায়েন্স কোম্পানীয়ে। ৰিলায়েন্সৰ অভিযোগ হ'ল- কংগ্ৰেছীসকলে এইক্ষেত্ৰত ৰিলায়েন্সৰ নামত অৱমাননাসূচক মন্তব্য প্ৰকাশ কৰিছে।

মুঠতে সমগ্ৰ বিষয়টোৱে ক্ৰমান্বয়ে অধিক জটিলতাৰ ফালে গতি কৰিছে। দৰাচলতে এই কেলেংকাৰীৰ আঁৰৰ সকলো বিষয় তেতিয়াহে পোহৰলৈ আহিব, যেতিয়া ইয়াৰ এক উপযুক্ত তদন্তৰ ব্যৱস্থা কৰা হ'ব। আমি ভাবো- বিৰোধীৰ তীব্ৰ হেঁচা আৰু সংবাদমাধ্যমৰ সক্ৰিয় ভূমিকাইহে ৰাফেল বিমান ক্ৰয় চুক্তিৰ সবিশেষ তথ্য উদঙাই দিব পাৰিব।

অৱশ্যে প্ৰতিৰক্ষাৰ সৈতে জড়িত এনে এটা বিষয় ৰাজহুৱা কৰাৰ ক্ষেত্ৰত থকা গোপনীয়তাৰ দোহাই দি কেন্দ্ৰীয় চৰকাৰে ইয়াৰ মীমাংসা কৰিবলৈ কিমানদূৰ আগ্ৰহী হ'ব, সেয়াও বিচাৰ্যৰ বিষয়। কিন্তু এটা কথা স্পষ্ট যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়লৈ এই ইছ্যুটোৱে শাসক-বিৰোধীৰ ক্ষমতাসৰ্বস্ব ৰাজনীতিৰ প্ৰচাৰ-অপপ্ৰচাৰৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিব।