বিষয়াৰ অসহযোগ

বিষয়াৰ অসহযোগ

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

শেহতীয়া এক খবৰে ৰাজ্যবাসীৰ মাজত যথেষ্ট চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। খবৰটো হ'ল ৰাজ্য প্ৰশাসনত কিছুদিন আগলৈকে দপদপাই থকা ভালেকেইগৰাকী আই এ এছ বিষয়াই সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আমোলত নিৰাপদ অনুভৱ নকৰা বাবে ডেপুটেচনত ৰাজ্যৰ বাহিৰলৈ যাবলৈ মনস্থ কৰি যাৱতীয় যোগাযোগ আৰম্ভ কৰিছে।

Advertisment

'ডেপুটেচন' অৱশ্যেই এটা বিধিৱদ্ধ প্ৰক্ৰিয়া, কিন্তু এখন চৰকাৰৰ কাৰ্যব্যৱস্থাত অসহজবোধ কৰি বা অসন্তুষ্ট হৈ এগৰাকী আই এ এছ বিষয়াই নিজে মনোনীত কৰা 'কেডাৰ ৰাজ্য' এখন এৰি যাব বিচৰাটো শুভ কথা হ'ব নোৱাৰে। যিহেতুকে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়ে বাছনি প্ৰক্ৰিয়াটোত অৱতীৰ্ণ হওঁতে প্ৰাৰ্থী একোগৰাকীয়ে সেৱা কৰিব বিচৰা ৰাজ্যখন নিজেই নিৰ্ধাৰণ কৰে, গতিকে সেই ৰাজ্যখনৰ বিকাশৰ প্ৰক্ৰিয়াটোত নিঃস্বাৰ্থভাৱে আত্মনিয়োগ কৰাটোৱেই তেওঁৰ চাকৰিকালৰ প্ৰথম আৰু প্ৰধান চৰ্ত হোৱা উচিত।

আনহাতে, ভাৰতীয় যি গণতান্ত্ৰিক শাসন ব্যৱস্থা, তাত জনগণে নিৰ্বাচন কৰা দলৰ চৰকাৰ একোখনৰ নীতিয়েই দেশ তথা ৰাজ্যসমূহৰ প্ৰশাসন তথা উন্নয়নী প্ৰক্ৰিয়া পৰিচালনাৰ আধাৰ হয়। গতিকে এনে অৱস্থাত বিষয়াৰ চৰকাৰ পৰিচালনাৰ নিজা নীতি থাকিব নোৱাৰে। বিষয়াসকলৰ দায়িত্ব হ'ল চৰকাৰ নীতি-আঁচনিসমূহ ৰূপায়ণ কৰা। তেনে প্ৰেক্ষাপটত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আমোলত কোনো বিষয়াই অসন্তুষ্ট হৈ অসম এৰি যাবলৈ বিচৰাটো নীতিবিগৰ্হিত।

এতিয়া অৱধাৰিতভাৱে প্ৰশ্ন উঠিব যে সৰ্বানন্দ সোণোৱাল চৰকাৰে এনে কি অদ্ভূত নীতি গ্ৰহণ কৰিছে, যাৰ বাবে এই বিষয়াসকলে সহজভাৱে কাম কৰিব পৰা নাই! জনসাধাৰণে প্ৰত্যক্ষ কৰা চৰকাৰখনৰ মূল কামটোৱেই হৈছে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ। সোণোৱাল চৰকাৰখনে দায়িত্ব গ্ৰহণ কৰাৰ পিছত দুৰ্নীতি-জালিয়াতিৰ অভিযোগত যিমান বিষয়াক কাৰাগাৰলৈ পঠিয়াইছে, তেনে নজিৰ স্বৰাজোত্তৰ অসমত কোনো চৰকাৰৰ দিনতেই নাই।

আনহাতে, ২০১৪ৰ সাধাৰণ নিৰ্বাচনৰ পিছত যি ৰাজনৈতিক পৰিৱৰ্তন, সেয়া মুষ্টিমেয় ৰাজ্যক বাদ দি প্ৰায় সমগ্ৰ দেশতে বিদ্যমান। দেশত চৰকাৰ পৰিচালনাৰ যিবোৰ নীতিগত পৰিৱৰ্তন হৈছে বা পৰিগাঁথনিৰ সংস্কাৰ ঘটিছে, সেয়া নৰেন্দ্ৰ মোডী চৰকাৰৰ চিন্তাপ্ৰসূত।

গতিকে সৰ্বভাৰতীয় প্ৰশাসনীয় সেৱাৰ জৰিয়তে নিৰ্বাচিত হৈ অসমত কৰ্তব্যৰত হৈ থকা বিষয়াসকলে সোণোৱাল চৰকাৰৰ নীতি সহজ হ'ব নোৱৰাৰ অৰ্থ হ'ব তেওঁলোকে নৰেন্দ্ৰ মোডীৰ আমোলত দেশৰ পৰিৱৰ্তিত ব্যৱস্থাটোত খাপ খাব পৰা নাই। এই সামগ্ৰিক পৰিৱেশৰ পৰা এটা কথাহে পৰিষ্কাৰ হৈ উঠে যে, পূৰ্বৰ কংগ্ৰেছ আমোলত এওঁলোকে স্বাচ্ছন্দ্য অনুভৱ কৰিছিল, কাৰণ সেই সময়ত এওঁলোকৰ বাবে উন্মুক্ত হৈ পৰিছিল লুণ্ঠনৰ এখন বিশাল ক্ষেত্ৰ।

জনতাৰ উন্নয়নৰ বাবে আৱণ্টিত হাজাৰ হাজাৰ কোটি টকাৰ যি লুণ্ঠন সেই সময়ৰ ৰাজনৈতিক ব্যৱস্থাটোৰ দ্বাৰা চলিছিল, তাৰ ৰূপায়ণৰ নেতৃত্বত আছিল এনে একাংশ আই এ এছ বিষয়াই। পৰিৱৰ্তিত চৰকাৰৰ আমোলত সেই লুণ্ঠনৰ খনি হঠাৎ বন্ধ হৈ যোৱাত এওঁলোক অসন্তুষ্ট হোৱাটোৱেই স্বাভাৱিক। কেৱল 'ডেপুটেচন' বিচৰা বুলিয়েই নহয়, দিছপুৰৰ অসম সচিবালয়ৰ কক্ষবোৰ ঘূৰিলেও পৰিলক্ষিত হয় এখন নিৰাশজনক ছবি।

কাৰোৱেই যেন কাম কৰাৰ উদ্যম নাই! দিছপুৰৰ অৱস্থাটো দেখিলে এনে লাগে যেন পূৰ্বৰ অৱস্থা-ব্যৱস্থা ঘূৰি অহাটোকে বহুতেই মনে-প্ৰাণে কামনা কৰি আছে। সোণোৱালৰ চৰকাৰখন ভাল নে বেয়া, দক্ষ নে অদক্ষ, তাৰ বিচাৰ কৰিবলৈ অসমৰ ৰাইজ আছে। কিন্তু বিষয়া-কৰ্মচাৰীসকলে চৰকাৰখনক পদে পদে অসহযোগ কৰি জনসাধাৰণৰ সন্মুখত ব্যৰ্থতা-অদক্ষতাৰ ছবি এখন তুলি ধৰিবলৈ ষড়যন্ত্ৰত লিপ্ত হোৱাটো কোনোপধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে।

দুৰ্নীতিমুক্ত ব্যৱস্থা এটাৰে ৰাজ্যখন পৰিচালিত হৈ বিকাশৰ নতুন ফলপ্ৰসূ ধাৰা এটা প্ৰতিষ্ঠাৰ যি আশা অসমৰ ৰাইজে কৰে, তাক বাস্তৱায়িত কৰাৰ দায়িত্বহে নতুন চৰকাৰৰ আমোলত বিষয়া-কৰ্মচাৰীসকলে লোৱা উচিত আছিল। ইয়াৰ বাবে বহিৰাগত আই এ এছ বিষয়াসকলে চৰকাৰখনক সন্মুখৰ পৰা সহযোগ কৰাৰ পৰিৱৰ্তে অসম এৰাৰ যি চিন্তা কৰিছে, তাৰ পৰাই স্পষ্ট হয় এনে বিষয়াসকলৰ অন্তনিৰ্হিত মনোভাব।

যদি প্ৰকাশিত বাতৰিৰ দৰেই কথাবোৰ আগবাঢ়িছে, তেন্তে সোণোৱাল চৰকাৰো সচেষ্টা হোৱা উচিত। এনে বিষয়াৰ আত্মম্ভৰিতাক কোনোপধ্যে প্ৰশ্ৰয় দিয়া উচিত নহয়। লগতে চৰকাৰখনে এটা কথা বুজা উচিত যে অসমৰ বিকাশ ত্বৰান্বিত কৰিবলৈ হ'লে ৰাজ্যখনৰ দায়িত্বশীল-নিৰ্লোভ-জাতিপ্ৰেমী বিষয়া লাগিব।

ইয়াৰ বাবে এ চি এছ বিষয়াৰ সংখ্যা বৃদ্ধিৰ বাবে চৰকাৰখনে ব্যৱস্থা লোৱাৰ লগতে অসম লোকসেৱা আয়োগৰ জৰিয়তে অসমৰ এচাম উচ্চ শিক্ষিত, দক্ষ ল'ৰা-ছোৱালীক বাছনি কৰি প্ৰশাসনলৈ আনিব লাগে, যাতে ভৱিষ্যতে প্ৰশাসনত বিষয়াৰ শূন্যতা নহয় আৰু থলুৱা বিষয়াৰে প্ৰশাসনীয় মেৰুদণ্ডডাল সবল হৈ উঠে।