চি বি আই কাণ্ড

চি বি আই কাণ্ড

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চাৰে চাৰি বছৰীয়া কাৰ্যকালত দেশৰ সাংবিধানিক তথা স্বতন্ত্ৰ সংস্থাবোৰক পৰ্যায়ক্ৰমে ধ্বংস কৰাৰ আঁচনি কাৰ্যকৰী কৰা হৈছে বুলি বিভিন্ন পক্ষই গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে। প্ৰথমতে পৰিকল্পনা আয়োগ বন্ধ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ ঐতিহ্যমণ্ডিত এটা স্বতন্ত্ৰ সংস্থা ধ্বংস কৰিছে। তাৰ পৰিৱৰ্তে তেওঁৰ চৰকাৰে গঠন কৰা নিটি আয়োগৰ কাম-কাজক লৈ ইতিমধ্যে বিভিন্ন ৰাজ্যৰ কাৰ্যপালিকাই ব্যাপক সন্তোষ প্ৰকাশ কৰিছে।

Advertisment

ইয়াৰ পিচতে মোডী চৰকাৰৰ বিৰুদ্ধে বিশ্ববিদ্যালয়, ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান আই আই টি, আই াই এম আদি শৈক্ষিক সংস্থাবোৰকো স্বতন্ত্ৰভাৱে চলি থকাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি 'ইণ্ডিয়ান কাউন্সিল অৱ হিষ্টৰীকেল ৰিছাৰ্চ' চমুকৈ আই চি এইচ আৰৰ দৰে প্ৰসিদ্ধ গৱেষণামূলক সংস্থাকো শাসকীয় ৰাজনীতিৰ চক্ৰান্তৰ বলি কৰা হৈছে বুলি দেশৰ সচেতন মহলে ক্ষোভ ব্যক্তি কৰিছে। এই সময়ছোৱাতে ড' ৰমীলা থাপাৰ, ইৰফান হব্বিৰ দৰে প্ৰখ্যাত ইতিহাসবিদক সেই সংস্থাবোৰৰ পৰা অপসাৰণ কৰিছে মোডী চৰকাৰে। কেৱল ইয়াতেই ক্ষান্ত থকা নাই কেন্দ্ৰীয় চৰকাৰ।

শেহতীয়াভাৱে চি বি আই আৰু ৰিজাৰ্ভ বেংকৰ কাম-কাজতো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে হস্তক্ষেপ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে দেশৰ প্ৰতিষ্ঠিত মহলৰ দ্বাৰা। ইফালে দেশৰ নিৰ্বাচন আয়োগকো শাসক পক্ষই ৰাজনৈতিক স্বাৰ্থ পুৰণৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ আহিছে। অৰ্থাৎ ক'বলৈ গ'লে মোডী চৰকাৰে এটা এটাকৈ দেশৰ প্ৰতিটো স্বতন্ত্ৰ সংস্থাৰ ওপৰত ক্ষমতা প্ৰয়োগ কৰিবলৈ লৈছে। তাৎপৰ্যপূৰ্ণভাৱে এনে অভিযোগবোৰ এতিয়া ৰাজনৈতিক অথবা সামাজিক মঞ্চবোৰত সীমাৱদ্ধ হৈ থকা নাই। অতি সম্প্ৰতি এই বিষয়বোৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়া পাইছেগৈ।

কিছুদিন আগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে চি বি আইৰ সঞ্চালক আলোক বাৰ্মাক বাধ্যতামূলকভাৱে অপসাৰণ কৰা বিষয়টোক লৈ সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ ৰুজু হৈছে। এই গোচৰ প্ৰক্ৰিয়াৰ শুনানিয়ে ইতিমধ্যে দেশৰ ৰাজনীতি উত্তাল কৰি তুলিছে। দেশৰ প্রধান বিৰোধী দল কংগ্ৰেছকে ধৰি একাংশ বিশিষ্ট ব্যক্তিয়ে মুকলিভাৱে অভিযোগ আনিছিল যে ৰাফেল যুদ্ধ বিমান ক্ৰয় চুক্তিক কেন্দ্ৰ কৰি মোডী চৰকাৰৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতিৰ তদন্ত আৰম্ভ কৰিবলৈ লোৱা আৰু অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ কোম্পানীৰ বিত্তীয় অনিয়মৰ ফাইল খোলাৰ বাবে চি বি আইৰ সঞ্চালকগৰাকীক ততাতৈয়াকৈ অপসাৰণ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে। অৱশ্যে এই বিষয়টো সম্প্ৰতি সৰ্বোচ্চ ন্যায়ালয়েৰ তিনিজনীয়া বিচাৰপীঠ বিচাৰাধীন হৈ আছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশদ্বয় এছ কে কৌল আৰু কে এম যোছেফৰ বিচাৰপীঠে সমগ্ৰ গোচৰটোৰ ক্ষেত্ৰত সংশ্লিষ্ট পক্ষবোৰক গোপনীয়তা অৱলম্বন কৰিবলৈ কঠোৰ নিৰ্দেশো জাৰি কৰিছে। কিন্তু তাৰ পিচতো চি বি আই সংক্ৰান্তীয় কেতবোৰ গুৰুত্বপূৰ্ণ তথা অভাৱনীয় তথ্যবোৰ বিভিন্ন মাধ্যমযোগে প্ৰচাৰিত হৈছে। এই সম্পৰ্কীয় ন ন তথ্য পোহৰলৈ আহিছে। যোৱা সোমবাৰে সৰ্বোচ্চ ন্যায়ালয়ে সদ্য অপসাৰিত চি বি আইৰ সঞ্চালক আলোক বাৰ্মাৰ অধিবক্তাকে ধৰি আন আন সংশ্লিষ্ট পক্ষক সকীয়নি দি কয় যে ন্যায়ালয় পূৰ্বৰ নিৰ্দেশ অনুসৰি গোপনীয়তা অৱলম্বন কৰিবলগীয়া তথ্যবোৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰা কোনো পক্ষই শুনানিৰ বাবে যোগ্য বা লায়ক নহয়। নিৰ্দেশটোত স্পষ্টভাৱে কোৱা হয় যে 'They didnot deserve a hearing….'।

দৰাচলতে সৰ্বোচ্চ ন্যায়ালয়ৰ পূৰ্ব নিৰ্ধাৰিত শুনানিৰ দিনটোৰ আগদিনাই চি বি আইৰ ডি আই জি এম কে সিনহাই সৰ্বোচ্চ ন্যায়ালয়ত শপতনামাযোগে মোডী চৰকাৰৰ এগৰাকী ৰাজ্যিক মন্ত্ৰী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ দাখিল কৰাৰ খবৰ দেশৰ একাংশ ছপা মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছিল। আনকি ব্যক্তিগত নিউজ চেনেলবোৰত এই বিষয়টোক লৈ ব্যাপক চৰ্চা হৈছিল। সংবাদ মাধ্যমৰ সেই খবৰ অনুসৰি মোডী চৰকাৰৰ কয়লা আৰু খনি বিভাগৰ ৰাজ্য মন্ত্ৰী হৰিভাই পি চৌধুৰীয়ে চি বি আইৰ অভিযুক্ত শীৰ্ষ বিষয়া ৰাকেশ আস্থানা সংক্ৰান্তীয় গোচৰটোক প্ৰভাৱিত কৰিবলৈ সংশ্লিষ্ট মহলৰ কেইবা কোটি টকাৰ উৎকোচ লৈছিল।

এম কে সিনহাই এই কথাও সৰ্বোচ্চ ন্যায়ালয়ক জনাইছিল যে ৰাকেশ আস্থানাৰ বিৰুদ্ধে তদন্তৰ প্ৰক্ৰিয়া ত্বৰান্বিত নকৰিবলৈ চি বি আইক আনকি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰাও হেঁচা প্ৰয়োগ কৰা হৈছিল। উল্লেখ্য যে চি বি আইৰ দ্বিতীয় পৰ্যায়ৰ শীৰ্ষ বিষয়া ৰাকেশ আস্থানা আৰু সদ্য অপসাৰিত সঞ্চালক আলোক বাৰ্মাক লৈয়ে সম্প্ৰতি দেশৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থাটোত তুমুল জোকাৰণিৰ সৃষ্টি হৈছে। উচ্চতম ন্যায়ালয়ে সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত যিমানেই গোপনীয়তা অৱলম্বনৰ নিৰ্দেশ দিছে, সিমানেই কথাবোৰ ৰাজহুৱা হ'বলৈ ধৰিছে।

লক্ষণীয়ভাৱে মোডী চৰকাৰৰ যিগৰাকী কয়লা আৰু খনি মন্ত্ৰী হৰিভাই পাৰ্থিভাই চৌধুৰীৰ বিৰুদ্ধে কোটি কোটি টকাৰ উৎকোচ লোৱাৰ খবৰ প্ৰচাৰিত হৈছে, তেওঁ হ'ল গুজৰাটৰ বানছকান্টা নামৰ ঠাইৰ বাসিন্দা। দুৰ্নীতিৰ অভিযোগত অভিযুক্ত ব্যৱসায়ী নীৰৱ মোডী আৰু মেহুল চোকছিও সেই ঠাইৰে বাসিন্দা। ২০১৪ চনত মোডী চৰকাৰৰ এইগৰাকী মন্ত্ৰীয়েই লোকসভা বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি কৈছিল যে দেশৰ যিবোৰ ৰাজ্যত মুছলমানৰ সংখ্যা বেছি, সেইবোৰ ৰাজ্যত কয়দীৰ সংখ্যাও অধিক।

সি যি কি নহওঁক, দেশজুৰি প্ৰবল বিতৰ্কৰ সৃষ্টি কৰা চিবিআই কাণ্ডই এতিয়া মোডী চৰকাৰক সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াতো জবাবদিহি কৰিবলৈ ওলাইছে। ইতিমধ্যে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ২৯ নবেম্বৰত ধাৰ্য কৰা হৈছে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত সকলো পক্ষই কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা উচিত নহয় যদিও ইয়াৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াই যে ইতিমধ্যে দেশৰ ৰাজনীতি উত্তাল কৰি তুলিছে, সেই কথা কোনোপধ্যেই অস্বীকাৰ কৰা নাযায়।