বিপন্ন কেৰালা

বিপন্ন কেৰালা

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

দেশৰ অন্যতম সমৃদ্ধিশীল ৰাজ্য হিচাপে চিহ্নিত কেৰালাত সৃষ্টি হোৱা অভূতপূৰ্ব প্ৰাকৃতিক দুৰ্যোগে দেশবাসীক জোকাৰি গৈছে। এইবাৰ কেৰালাত বানপানীয়ে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেয়া সম্পূৰ্ণৰূপে আছিল অপ্ৰত্যাশিত। কাহানিও কেৰালাত এনে বিপৰ্যয় হোৱা নাছিল। প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে অধ্যয়ন কৰা বিশেষজ্ঞসকলৰ মতে মানুহৰ কৰ্মকাণ্ডই প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰাৰ বাবে এইদৰে বানপানীৰ দৰে দুৰ্যোগবোৰে ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

Advertisment

কেৰালাত পশ্চিম অঞ্চলৰ বিস্তীৰ্ণ সেউজ বনাঞ্চলত প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী সংস্থাবোৰৰ ব্যৰ্থতাৰ ফলতে ধ্বংসলীলাই চৰম পৰ্যায় লাভ কৰিছে বুলিও সদৰী কৰা হৈছে। সি যি কি নহওঁক অস্বাভাৱিকভাৱে হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলতে বানপানীয়ে কেৰালাত ছুনামিৰ ৰূপ লৈছে। এতিয়ালৈকে কেইবাশ লোকৰ মৃত্যু হোৱাই নহয়, লাখ লাখ লোক গৃহহাৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰ কেৰালাৰ বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা নকৰিলেও যোৱা সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইয়াক গুৰুতৰ বিপৰ্যয় আখ্যা দিছে। কিন্তু বিৰোধী দলবোৰৰ অভিযোগ হ'ল- কেন্দ্ৰই কেৰালাৰ বানবিধ্বস্ত ৰাইজৰ বাবে পৰ্যাপ্ত সাহায্য ঘোষণা কৰা নাই। অৱশ্যে কেন্দ্ৰৰ তৰফৰ পৰা ৫০০ কোটি টকাৰ পেকেজ ঘোষণা কৰা হৈছে যদিও পৰ্যায়ক্ৰমে ক্ষয়-ক্ষতিৰ পৰিমাণৰ হিচাপত আৰু অধিক পুঁজি আবণ্টনৰ ব্যৱস্থা নিশ্চয়কৈ থাকিব।

মুঠতে কেৰালাবাসীৰ এই মহা দুৰ্যোগৰ সময়ত কেন্দ্ৰই মুক্তমনে সাহায্য আদি প্ৰদান কৰাৰ ক্ষেত্ৰত দ্বিধাবোধ কৰা উচিত নহ'ব। ইফালে আশাব্যঞ্জকভাৱে দেসৰ বহুকেইখন ৰাজ্যই কেৰালাৰ প্ৰতি কেইবাশ কোটি বান সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। এইক্ষেত্ৰত আমাৰ অসম চৰকাৰেও ৩ কোটিৰ সাহায্য দিয়াৰ কথা ব্যক্ত কৰি সাধুবাদৰ পৰিচয় দিছে।

উল্লেখ্য যে, কৰ্মসূত্ৰে কেৰালাত বাস কৰা অসমৰ লোকসকলেও এইবাৰ কেৰালাৰ বানপীড়িত লোকক উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে নামি পৰিছিল। সেই বিষয়ে ছ'চিয়েল মিডিয়াতো ব্যাপক চৰ্চা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে চৰকাৰী পৰ্যায়ত ঘোষিত সাহায্য আদিৰ বাহিৰেও এই কেইদিন কেৰালাত বানবিধ্বস্ত ৰাইজক সকাহ দিয়াৰ বাবে সমগ্ৰ দেশৰ বেচৰকাৰী সংস্থাবোৰে যিদৰে সাহায্য আগবঢ়াইছে, সেয়াহে অতি লক্ষণীয় বিষয় হৈ পৰিছে।

দল-মত নিৰ্বিশেষে দেশৰ বিভিন্ন প্ৰান্তৰ লোক ৰাজপথলৈ ওলাই আহি সাহায্য পুঁজি গোটোৱাৰ কামত লাগি পৰিছে। কেৰালাবাসীৰ এই দুৰ্দিনত দেশৰ জনসাধাৰণে ঐক্যবদ্ধভাৱে মাত দিয়াটোৱে আমাৰ ঐতিহ্য-সংহতিৰ কথাকে পুনৰবাৰ প্ৰতীয়মান কৰিছে। ইতিমধ্যে এই সম্পৰ্কীয় বা-বাতৰিবোৰ দেশৰ সংবাদ মাধ্যমতো সঘনাই প্ৰচাৰ হৈছে।

'দা হিন্দু' কাকতৰ পূৰ্বৰ মুখ্য সম্পাদক এন ৰামে সোমবাৰে কৈছে যে কেৰালাবাসীয়ে অচিৰেই এই দুৰ্যোগৰ পৰা মুক্তি লাভ কৰিব। মালায়ালিসকলৰ ঐক্যবদ্ধ শক্তিয়ে সেই কথা নিশ্চিত কৰিছে। তেওঁৰ মতে যোৱা কেইদিনমান ধৰি বানত আৱদ্ধ হৈ পৰা দুৰ্গতসকলক বচোৱাৰ ক্ষেত্ৰত লেটিন কেথলিক ধৰ্মাৱলম্বী মৎস্যজীৱী সম্প্ৰদায়ৰ লোকসকলে এক বিশেষ ভূমিকা লৈছে। তেওঁলোকে নিজৰ জীৱন বিপন্ন কৰি ধৰ্ম-জাতি-বৰ্ণ নিৰ্বিশেষে বানপীড়িত ৰাইজৰ উদ্ধাৰ অভিযানত নামি পৰিছে।

যেতিয়া কেৰালাৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে গিৰ্জা আৰু স্কুলৰ দুৱাৰবোৰ বানপীড়িতৰ বাবে খুলি দিছিল, তেতিয়াও তেওঁলোকৰ ধৰ্ম-গোষ্ঠীৰ কথা সোধা নহৈছিল। সকলোৱে কান্ধত কান্ধ মিলাই দুৰ্গতসকলৰ প্ৰাণ বচোৱাৰ কামত যিদৰে নিয়োজিত হৈছিল, সেয়া আছিল অভূতপূৰ্ব তথা অবিস্মৰণীয় পৰিঘটনা।

এন ৰামৰ মতে নিৰন্তৰ চলি থকা সাহায্য অভিযানৰ ফলত অহা এবছৰমানৰ ভিতৰতে কেৰালা পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিবলৈ সক্ষম হ'ব। মালায়িলসকলৰ এই দৃষ্টান্ত দেশৰ অন্য প্ৰান্তত বিৰল বুলিও তেওঁ দোহাৰে। দেশত এগৰাকী প্ৰসিদ্ধ তথা বৰ্ষীয়ান সাংবাদিকৰ এইধৰণৰ পৰ্যবেক্ষণে নিশ্চয়কৈ দেশবাসীক আপ্লুত কৰাৰ লগতে বানবিধ্বস্ত কেৰালাবাসীৰ মনতো উৎসাহ-উদ্দীপনা যোগাব।