ঐক্য লগ্ন

ঐক্য লগ্ন

২০১৯ চনৰ ১৯ জানুৱাৰী তাৰিখটো বৰ্তমান বিশ্বৰ বৃহত্তম গণতন্ত্ৰ ভাৰতৰ গণতান্ত্ৰিক জীৱনৰ বাবে যেনেকৈ অতি গুৰুত্বপূৰ্ণ দিন হৈ পৰিল, তেনেকৈয়ে অতি গুৰুত্বপূৰ্ণ দিন হৈ পৰিল মূলসুঁতিৰ অসমীয়াকে ধৰি বৃহত্তৰ জাতিটোৰ অন্তৰ্গত আন জাতি-জনগোষ্ঠীৰ জাতীয় জীৱনৰ বাবেও। তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী তথা পশ্চিমবংগৰ বৰ্তমনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আহ্বানত যোৱা ১৯ জানুৱাৰীত কলকাতাৰ ব্ৰিগেড ময়দানত ভাৰতৰ প্ৰধান বিৰোধী ২৩ টা দল একত্ৰিত হৈ বিজেপিৰ অগণতান্ত্ৰিক শাসনৰ চেপাৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ ঐক্যৱদ্ধ আহ্বান জনালে।

এই ঐক্যমঞ্চত মাথোঁ অবিজেপি দলবোৰৰ প্ৰতিনিধিসকলেই নহয়, লগতে প্ৰাক্তন বিজেপি কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰী, যশৱন্ সিনহা আৰু বৰ্তমানৰ বিজেপি সাংসদ তথা প্ৰখ্যাত চিত্ৰ অভিনেতা শত্ৰুঘ্ন সিনহায়ে অংশগ্ৰহণ কৰিছিল. তেওঁলোকৰ মাজত অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গেগং আপাং আৰু মিজোৰামৰ বিৰোধী দলপতি লালডু হাওমাও উপস্থিত আছিল। এই 'ব্ৰিগেড সমাবেশক'ক 'ঐক্যবদ্ধ ভাৰত ৰেলী' নামকৰণ কৰা হৈছিল। এই নামকৰণ যে বস্তুনিষ্ঠ আছিল তাক পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰপৰা পশ্চিমে গুজৰাটলৈকে, উত্তৰে কাশ্মীৰ-উত্তৰ প্ৰদেশৰ পৰা দক্ষিণে কৰ্ণাটক-তামিলনাডুলৈকে সমগ্ৰ ভাৰতৰ বিভিন্ন অংশক সামৰি 'ব্ৰিগেড সমাবেশ'লৈ অহা বিভিন্ন প্ৰধান দলৰ প্ৰতিনিধিৰ উপস্থিতিয়েই প্ৰমাণ কৰে।

'উন্নত, শক্তিশালী আৰু ঐক্যবদ্ধ ভাৰত গঢ়াৰ অংগীকাৰ' এই শ্ল'গানেৰে ব্ৰিগেড সমাবেশ'ত সমবেত হোৱা দৃষ্টান্তই কেইবাটাও অতি গুৰুত্বপূৰ্ণ সত্যক পুনৰ দাঙি ধৰিছে। মোডী নেতৃত্বাধীন হিন্দুত্ববাদী বিজেপি চৰকাৰ যে সম্পূৰ্ণ স্বৈৰাচাৰী আৰু মিথ্যাচাৰী তাক আন নালাগে, বিজেপিৰেই গণতান্ত্ৰিক প্ৰমূল্যসম্পন্ন নেতাই সম্পূৰ্ণ উদঙাই দিছে। হিন্দী-হিন্দু-হিন্দুস্তানৰ একত্ববাদী হিন্দুত্ববাদী মতাদৰ্শ যে বহুত্বৰে ভৰা ভাৰতীয় বাস্তৱৰ সম্পূৰ্ণ বিৰোধী, তাক 'ব্ৰিগেড সমাবেশ'ৰ বহুত্ববাদী চৰিত্ৰই পুনৰ স্পষ্টভাৱে প্ৰমাণ কৰিলে। পূবে মংগোলীয়, দক্ষিণে দ্ৰাবিড়, কাশ্মীৰৰ মুছলমান, উত্তৰপ্ৰদেশৰ হিন্দু, পশ্চিমবংগৰ বাঙালী, গুজৰাটৰ গুজৰাটী ইত্যাদ নৃগোষ্ঠী, ধৰ্ম-গোষ্ঠী, ভাষা-গোষ্ঠীৰ প্ৰতিনিধি সেই মহা সমাবেশত আছিল আৰু এই বহুত্বই ভাৰতীয় ঐক্যৰ প্ৰাণ শক্তি।

হিন্দুত্ববাদী একত্ববাদৰ স্বীকৃতি নিদিয়া বাবেই সেই ঐক্য সমাবেশে মোডী চৰকাৰক সঠিক মূল্যায়নেৰে 'ম্যাদ উকলা' ঔষধেৰে ৰিজাইছে আৰু ভাৰতীয় গণতন্ত্ৰক ৰক্ষা কৰিবলৈ 'দেশ বচাও, মোডী হটাও' শ্ল'গান ঐক্যৱদ্ধভাৱে দিছে। দেশৰ জনগণৰ বাবে এক আহ্বান অতি শুভ। সেই ১৯ জানুৱাৰীৰ দিনটো অসমবাসীৰ বাবেও জাতীয় ঐক্যৰ এটা শুভ দিন হিচাপে পৰিগণিত হ'ল। সেই গুৰুত্বপূৰ্ণ দিনটোতেই গুৱাহাটীৰ দীঘলীপুখুৰীপাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ প্ৰধান জাতীয় সংগঠন 'অসম সাহিত্য সভা'ৰ উদ্যোগত অসমৰ আৰু আঠখন খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ নেতৃবৃন্দ লগ হৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা জাতি-জনগোষ্ঠীৰ বাবে জাতিধ্বংসী ৰূপৰ দেশৰ নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ঐক্য প্ৰতিবাদী কাৰ্যসূচী গণতান্ত্ৰিক পদ্ধতিৰে ৰূপায়ণ কৰিলে।

এই ঐক্যবদ্ধ জাতীয় প্ৰতিবাদে বৃহত্তৰ অসমীয়া জাতি তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগণৰ বাবে অতি শুভ বাৰ্তা কঢ়িয়াইছে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত 'অসম সাহিত্য সভা'ৰ নেতৃত্ব আৰু অসমৰ আন খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সাহিত্য সভাৰ নেতৃ্বৰ লগতেই আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, অগপ আদি অসমৰ অতি গুৰুত্বপূৰ্ণ জাতীয় তথা আঞ্চলিক শক্তি নেতৃত্ব আৰু লগতে কেইবাগৰাকীও প্ৰথিতযশা দেশপ্ৰেমিক তথা জাতিপ্ৰেমী গণমুখী বুদ্ধিজীৱীয়েও ভাগ লৈছিল। এই প্ৰতিবাদী কাৰ্যসূচীয়ে পুনৰ প্ৰমাণ কৰি দিলে এতিয়াও অসম সাহিত্য সভা আৰু থলুৱা ৰাইজৰ আন সাহিত্য সভাবোৰেই বৃহত্তৰ অসমীয়া জাতীয় জীৱন তথা বহুল অৰ্থত জাতিটোৰ সাধাৰণ লোকৰ প্ৰধান জাতীয় সংগঠন।

জাতিধ্বংসী বিধেয়কবিৰোধী আন্দোলনত মুখ্য ভূমিকা লৈ থকা, কিন্তু এতিয়াও ঐক্যবদ্ধ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ব্যৰ্থ হোৱা আছু আৰু কৃষক মুক্তিৰ নেতৃত্বত একেখন মঞ্চৰ পৰা প্ৰথমবাৰলৈ মত আগবঢ়াবলৈ সন্মত কৰাব পৰাটো অসম সাহিত্য সভাৰ বিৰাট সাফল্য। এই সাফল্যই অসম সাহিত্য সভাৰ কৰণীয় গধুৰ দায়িত্বলৈকো যে সকীয়াইছে, তাৰ প্ৰতি সভাৰ নেতৃত্ব সজাগ হোৱা উচিত। এই সন্মিলিত শক্তিয়েই বৃহত্তৰ অসমীয়া জাতিৰ সন্মিলিত জনমত, যি জনমতে একেমুখে জাতিধ্বংসী বিধেয়কখন প্ৰত্যাহাৰ কৰাৰ দাবী তুলিছে। এই বিধেয়কক সংবিধানবিৰোধী আখ্যা দি বাতিল কৰাৰ দাবী তুলিছে ব্ৰিগেড গ্ৰাউণ্ডৰ ঐক্য সমাবেশেও। ইমানতো যদি সোণোৱাল চৰকাৰে বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ সাহস গোটাব নোৱাৰে, তেন্তে তেনে জাতিদ্ৰোহী চৰকাৰৰ পতন নিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in