উদাসীন চৰকাৰ

উদাসীন চৰকাৰ

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ চলি থকাৰ পিচতো ৰহস্যজনকভাৱে কেন্দ্ৰীয় চৰকাৰে নীৰৱতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। অথচ সন্মুখত পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন আৰু তাৰ পিছতে আহি আছে লোকসভাৰ নিৰ্বাচন। দল আৰু চৰকাৰৰ মুৰব্বীসকলে এই কথাও অনুভৱ নকৰাকৈ থকা নাই যে পেট্ৰ'ল-ডিজেলৰ মূল্যবদ্ধিৰ ফলত অন্যান্য অত্যাৱশ্যকীয় সা-সামগ্ৰীৰো দাম বাঢ়িছে।

Advertisment

ইয়াৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ মাজত যে ব্যাপক অসন্তুষ্টিয়ে ক্ৰিয়া কৰিছে, তাকো তেওঁলোকে প্ৰত্যক্ষ কৰিছে। তাৰ পিছতো সকলো নিৰ্বিকাৰ কিয়? কেতবোৰ মহলে প্ৰচাৰ চলাইছে যে পেট্ৰ'ল-ডিজেলৰ ওপৰত আৰোপ কৰা কেন্দ্ৰীয় শুল্ক আৰু ৰাজ্য চৰকাৰৰ কৰ-কাটল আদি হ্ৰাস কৰিলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা যাব। আকৌ কোনোবাই কৈছে যে পেট্ৰ'ল-ডিজেলকো জি এছ টিৰ আওতালৈ আনিলে সমস্যাটো নাইকিয়া হ'ব। কিন্তু চৰকাৰে এতিয়ালৈকে পেট্ৰ'ল-ডিজেলৰ ক্ৰমবৰ্ধমান মূল্য ৰোধ কৰিবৰ জোখাৰে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই।

ইফালে খুচুৰা ব্যৱসায়ত এশ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পথ মুকলি কৰিবলৈ তৎপৰ হোৱা কেন্দ্ৰৰ অৰ্থনীতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দেশৰ কেইবা কোটি ক্ষুদ্ৰ ব্যৱসায়ী। ইতিমধ্যে দেশজোৰা ধৰ্মঘটৰ দৰে আন্দোলনৰ কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছে। এই কথা অনস্বীকাৰ্য যে দেশৰ খুচুৰা ব্যৱসায়ৰ ক্ষেত্ৰখনত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অতিকমেও বিশ কোটি লোকৰ জীৱিকা জড়িত হৈ আছে। সেই অৰ্থত এনে এখন বৃহৎ বজাৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ দ্বাৰা যদি আমেৰিকা, ইংলেণ্ড, জাপান আৰু জাৰ্মানীৰ দৰে দেশৰ বৃহৎ ব্যৱসায়িক গোষ্ঠীবোৰ জড়িত হৈ পৰে, তেন্তে আমাৰ দেশৰ কোটি কোটি মধ্যবিত্ত-নিম্ন মধ্যবিত্ত লোকৰ জীৱিকাৰ পথ নিশ্চিতভাৱেই ধ্বংস হৈ পৰিব।

এনে এক বৃহৎ প্ৰত্যাহ্বানক লৈও কেন্দ্ৰৰ চৰম উদাসীনতা প্ৰতীয়মান হৈছে। কেৱল সেয়াই নহয়, ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠানকে ধৰি ৰাষ্ট্ৰীয়কৃত বেংকবোৰকো পৰ্যায়ক্ৰমে ধ্বংস কৰাৰ প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে চৰকাৰী নীতিৰ আধাৰত। সময় আৰু সুযোগ পালে এই চৰকাৰখনে সেইবোৰকো বহুজাতিক খণ্ডৰ হাতলৈ নিয়াৰ ব্যৱস্থা কৰিব। মুঠতে এই চৰকাৰৰ কৰ্প'ৰেটনিৰ্ভৰ অৰ্থনীতিয়ে সৃষ্টি কৰা নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, কৃষকৰ দুৰৱস্থাই সমগ্ৰ দেশখনতে এক বিৰূপ প্ৰভাৱ পেলাইছে যদিও চৰকাৰে এতিয়াও দেশৰ বিকাশৰ হাৰ ঊৰ্ধ্বমুখী বুলি কৈ  জনসাধাৰণক আভুৱা ভাঁৰাৰ লগতে নিজেও অৰ্থহীন সন্তুষ্টি লভিবলৈ এৰা নাই।

প্ৰতি বছৰে দুই কোটিকৈ নিবনুৱাৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিয়া প্রধানমন্ত্ৰী মোডীয়ে এতিয়া এইবোৰ বিষয়লৈ সম্পূৰ্ণৰূপে পিঠি দি দলীয় কৰ্মীসকলক আত্মপ্ৰত্যয়ী আৰু সৃষ্টিশীল হ'বলৈ আহ্বান জনায়। বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিবলৈ দলৰ কৰ্মীসকলক 'নমোঃ' ডিজিটেল এপ'ৰ জৰিয়তে লাভ কৰা ইতিবাচক খবৰবোৰ দেশবাসীৰ মাজত বিয়পাই দিবলৈও আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। অৰ্থাৎ প্ৰতিদিনে চৰকাৰী 'নমোঃ এপ' চাব লাগে আৰু বিৰোধীক চৰকাৰৰ ইতিবাচক কাম-কাজৰ খতিয়ান দিব লাগে। দৰাচলতে প্ৰধানমন্ত্ৰীয়ে পাঁচখন ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিৰ দলীয় নেতা-কৰ্মীক নমোঃ এপ অৰ্খাৎ নৰেন্দ্ৰ মোডী এপৰ দ্বাৰা প্ৰচাৰিত চৰকাৰী খবৰবোৰ জানি-বুজি ল'বলৈ পৰামৰ্শ দিছিল।

গতিকে প্ৰধানমন্ত্ৰীকে ধৰি দল আৰু চৰকাৰৰ নেতৃৃবৃন্দই সকলো কথা পাহৰি কেৱল বিজ্ঞাপন আৰু প্ৰচাৰৰ কাম লাগি পৰিছে। যাতে নিৰ্বাচনত জনসাধাৰণৰ মন আকৌ এবাৰ প্ৰতিশ্ৰুতিৰে ভৰাই তুলিব পৰা যায়। এই প্ৰচাৰৰ দ্বাৰা আকৃষ্ট এচামে কৈছে যে চৰকাৰী কৰ্মচাৰীসকলৰ দা-দৰমহা বঢ়াই দিয়া হৈছে যেতিয়া মূল্যবৃদ্ধিয়ে দেশবাসীক চুব নোৱাৰে।

কথা হ'ল- এশ বিশ কোটি ভাৰতীয়ৰ মাজৰ মাত্ৰ এক কোটি কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু অসমৰ দৰে চাৰি তিনি কোটি জনসংখ্যাৰ এখন ৰাজ্যৰ চাৰি-পাঁচ লাখ ৰাজ্যিক কৰ্মচাৰীৰ বৰ্ধিত দৰমহাৰে শাসকগোষ্ঠীয়ে বাকী নব্বৈ শতাংশ লোকক মূল্যবৃদ্ধিৰ অতাই সাগৰত পেলাই ৰং চাইছে নেকি? ক্ষমতা সৰ্বস্ব ৰাজনীতিৰ এই বিড়ম্বনাক আমি অস্বীকাৰ কৰিব পাৰিম জানো!