‘ৰাম’ৰ সংকট

‘ৰাম’ৰ সংকট

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

পূৰ্বসূৰী মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ কাৰ্যকালৰ অন্তিম ২০টা দিনতে যেতিয়া মুখ্য ন্যায়াধীশগৰাকী নেতৃত্বাধীন বিচাৰপীঠে সমকামিতা, সবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশ, প্ৰাপ্তবয়স্ক মহিলাৰ সহবাসৰ অধিকাৰকে ধৰি ১০টা অতি স্পৰ্শকাতৰ বিষয়ত কেতবোৰ যুগান্তকাৰী ৰায় প্ৰদান কৰিলে আৰু বিশেষকৈ মুছলমানসকলৰ প্ৰাৰ্থনাৰ বাবে মছজিদ অপৰিহাৰ্য নহয় বুলি পূৰ্বৰ এক বিচাৰপীঠৰ ৰায় বাহাল ৰাখি সাতজনীয়া বিচাৰপীঠত গোচৰটো পুনৰ বিচাৰৰ আবেদন অগ্ৰাহ্য কৰিলে, তেতিয়া একাংশ দেশবাসীয়ে বিপুলভাৱে উৎসাহিত হৈ নিশ্চিত ধাৰণা কৰিছিল যে দশক দশকজুৰি ন্যায়ালয়ৰ মজিয়াত ওলমি তকা ৰাম জনমভূমি মন্দিৰ-বাবৰি মছজিদ বিবাদকেন্দ্ৰিক অযোধ্যা গোচৰটোৰ এক চূড়ান্ত মীমাংসাও সৰ্বোচ্চ ন্যায়ালয়ে অনতিপলমে কৰিব।

Advertisment

এনে এক প্ৰেক্ষাপটত হিন্দুত্বৰ ইছ্যুৰে ৰাজনীতি কৰাসকলে একান্ত আশা কৰিছিল যে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণতে ৰাম মন্দিৰৰ সপক্ষে বিচাৰপীঠে ৰায় প্ৰদান কৰিব আৰু এই ৰায়ে দেশৰ হিন্দু জনতাক উদ্বেলিত কৰি ভাৰতীয় জনতা পাৰ্টিক দেশৰ শাসনত পুনৰবাৰ অধিষ্ঠিত হোৱাৰ পৰিৱেশ সহজ কৰি তুলিব। পিচে এষাৰ কথা আছে নহয়, ভবা কথা নহয় সিদ্ধি…।

হিন্দুত্বৰ ৰাজনীতি কৰা সকলৰ ক্ষেত্ৰতো এয়াই হ'ল। যোৱা সোমবাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ সঞ্জয় কিষাণ আৰু ন্যায়াধীশ কে এম যোছেফৰ এখন বিচাৰপীঠে স্পষ্ট কৰি দিলে যে অযোথ্যাৰ বিতৰ্কিত ভূখণ্ড তিনিভা কৰি এভাগ ৰামলালা, এভাগ নিৰ্মোহী আখৰা আৰু আনভাগ মুছলমান ভক্তক প্ৰদানৰ বাবে যোৱা ২০১০ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে যি ৰায় দিছিল, তাৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কেতিয়া হ'ব, তাৰ সিদ্ধান্ত বিচাৰপীঠে অহা ১৯ জানুৱাৰী, ২০১৯ তহে গ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশ গগৈয়ে এচামৰ আশাত চেঁচাপানী ঢালি পোনপটীয়াকৈয়ে কৈ দিলে, 'অগ্ৰাধিকাৰ কাক দিয়া হ'ব আমি ঠিক কৰিম, অযোধ্যা গোচৰটো জানুৱাৰী, ফেব্ৰুৱাৰী নে মাৰ্চত হ'ব তাক উপযুক্ত বিচাৰপীঠে থিৰাং কৰিব।'

সৰ্বোচ্চ ন্যায়ালয়ৰ এই বক্তব্যৰ পৰা এটা কথা নিশ্চিত হ'ল যে বৰ্তমান এই ন্যায়পীঠে কাৰোবাৰ বিশেষ অভীপ্সা পূৰণৰ স্বাৰ্থত ৰায় প্ৰদান নকৰে আৰু লগতে এই কথাও স্পষ্ট হ'ল যে যেতিয়ালৈ অযোধ্যা গোচৰৰ শুনানি আৰম্ভ হ'ব, তেতিয়ালৈ দেশত নিৰ্বাচনী ব্যস্ততাও তুংগত উঠিব। ছুপ্ৰিম ক'ৰ্টৰ এই স্থিতিয়ে ৰাম জনমভূমি মন্দিৰৰ মুখ্য পুৰোহিত সত্যেন্দ্ৰ দাসে ব্যথিত হৈ কৈছে- 'উচ্চতম ন্যায়ালয়ৰ ৰায় প্ৰদানত বিলম্বৰ অৰ্থ হ'ল প্ৰভু ৰামচন্দ্ৰই দীৰ্ঘদিনলৈ তম্বুৰ তলতে অপেক্ষা কৰি থাকিব লাগিব।

ইফালে ৰাম মন্দিৰ নিৰ্মাণৰ যুদ্ধৰ প্ৰধান নায়ক বিশ্ব হিন্দু পৰিষদৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু শিৱসেনাও ক্ষুব্ধ হৈ উঠিছে এই স্থিতিত। এই দল-সংগঠনবিলাকৰ দাবী- যিহেতু ৰাম মন্দিৰৰ ইছ্যু তুলিয়েই ক্ষমতালৈ আহিছে বিজেপি, গতিকে বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালতে বিশেষ আইন প্ৰণয়ন কৰি হ'লেও এটা বিশাল ৰাম মন্দিৰ নিৰ্মাণ কৰা উচিত। নহ'লে ৰাইজৰ ধৈৰ্যৰ বান্ধ ছিগি যাব। গিৰিৰাজ সিঙৰ দৰে নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাৰ সদস্যই ৰাম মন্দিৰক লৈ অনবৰত জনতাক প্ৰৰোচিত কৰি ৰাখিব খোজে।

কিন্তু প্ৰশ্ন হয়, কট্টৰ হিন্দুত্ববাদীসকলে অযোধ্যাৰ বাবৰি মছজিদ ধ্বংসস্তূপত পৰিণত কৰাৰ পিচত বিশাল ৰাম মন্দিৰ এটা নিৰ্মাণৰ বাবে যে ইমান অতিষ্ঠ হৈ আছে, তাৰ পৰা দেশৰ সৰ্বসাধাৰণ মানুহৰ কি হ'বও ৰাম মন্দিৰৰ নিৰ্মাণ হওঁক বা নহওঁক, অথবা দুদিন দেৰিকৈয়ে মন্দিৰ নিৰ্মাণ হওঁক, ভগৱান ৰামচন্দ্ৰতো ভাৰতীয় মানুহৰ হৃদয়ৰ পৰা নোহোৱা কৈ নাযায়। ভাৰতীয়ৰ প্ৰাণে প্ৰাণে অনাদি অনন্ত কালৰ পৰা বিৰাজ কৰি আহিছে ৰামায়ণ, ৰাম-সীতাই।

মহাত্মাৰ ৰামধুনে জাতি-ধৰ্ম নিৰ্বিশেষে ৰঘুপতিক সেৱা কৰাৰ মানসিকতা জাগ্ৰত কৰি আহিছে। এইখন ভাৰতৰ সুপ্ৰাচীন হিন্দু সংস্কৃতিক এচাম তথাকথিত হিন্দুত্ববাদীয়ে সংকীৰ্ণতাৰ আৱৰ্তলৈ সুমুৱাই আনি যি ৰাজনীতি কৰি আছে, তাৰ পৰা ভাৰতী ঐতিহ্য-সংস্কৃতিৰ গৰিমা বাঢ়ক চাৰি লাঘৱহে হৈছে। দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে অযোধ্যা গোচৰৰ ৰায় নহ'ব বুলি নিশ্চিত হৈ একাংশ হিন্দুত্ববাদী হতাশ-ক্ষুব্ধ হৈ পৰাৰ অৰ্থ হৈছে এইসকলৰ বাবে ৰামচন্দ্ৰৰ মহত্ত্বতকৈ 'ৰাম'ৰ ৰাজনীতিহে গুৰুত্বপূৰ্ণ। 'ৰাম'ক লৈ নিৰ্বাচন জিকিব নোৱাৰিলে ৰঞ্জন গগৈৰ বিচাৰপীঠে এনে সংকীৰ্ণতাবাদী অভীপ্সাক নিৰুৎসাহিত কৰাৰ ফলত এফালে স্পৰ্শকাতৰ বিষয়টোৰ সু-চিন্তিত বিচাৰৰ সম্ভাৱনা যেনেকৈ প্ৰকট হ'ল, তেনেকৈ ন্যায়পীঠৰ পক্ষপাতহীনতাৰ প্ৰতিও ৰাইজৰ বিশ্বাস বৃদ্ধি হ'ল।