অমিত শ্বাহৰ ভাষণ

অমিত শ্বাহৰ ভাষণ

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

সততে দেশপ্ৰেমেৰে উদ্বেলিত ভাষণ আওৰোৱা কেন্দ্ৰৰ মূল শাসকীয় দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে পুলৱামাৰ নৃশংস আক্ৰমণত নিহত দেশৰ ৪৪জনকৈ বীৰ জোৱানৰ চিতাৰ জুই নুনুমাওঁতেই অসমলৈ আহি ক্ষমতাসৰ্বস্ব ৰাজনীতিৰ ভাষণ দিয়াটো সঁচাকৈয়ে আশ্চৰ্যকৰ বিষয়। অধ্যক্ষ অমিত শ্বাহে হয়তো তেওঁৰ পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰিয়েই অসমলৈ আহিছিল যোৱা দেওবাৰে। কিন্তু জম্মু-কাশ্মীৰৰ উত্তপ্ত পৰিস্থিতিলৈ লক্ষ্য কৰি তেওঁ সেই কাৰ্যসূচী অন্ততঃ ততাতৈয়াকৈ প্ৰত্যাহাৰ কৰিব লাগিছিল।

Advertisment

যি সময়ত দেশৰ সমস্ত বিৰোধী শক্তিয়ে কাশ্মীৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰৰ পক্ষত থকা বুলি দৃঢ়তাৰে আনুষ্ঠানিক ঘোষণা কৰিছে, দেশবাসীয়ে ঐক্যৱদ্ধভাৱে পাকসমৰ্থিত সন্ত্ৰাসবাদক গৰিহণা দিছে, সেই সময়তে শাসক দলটোৰ একাংশ শীৰ্ষ নেতাই দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী ভাষণৰ ফুলজাৰি মাৰিছে। নিশ্চিতভাৱেই এয়া অত্যন্ত দুৰ্ভাগ্যজনক বিষয় হিচাপে চিহ্নিত হৈছে। বাতৰিত প্ৰকাশ পোৱা মতে, খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জম্মু-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিক লৈ সৰ্বদলীয় সভা আহ্বান কৰি নিজে মহাৰাষ্ট্ৰৰ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলীয় ৰাজনীতিকেন্দ্ৰিক ভাষণ দিছেগৈ।

অথচ এইসকল নেতায়েই যোৱা সময়চোৱাত দেশবাসীক দেশপ্ৰেম-ৰাষ্ট্ৰবাদৰ জ্ঞান দি আহিছে। কথাটো কেৱল শাসক-বিৰোধী ৰাজনীতিতেই সীমাৱদ্ধ থকা নাই। বিৰোধীয়ে এতিয়ালৈকে পুলৱামাৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজহুৱাভাৱেই চৰকাৰক জবাবদিহি কৰা নাই বা নিৰাপত্তা সংস্থাসমূহৰ গাফলতিৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰা নাই। আনকি কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড মনমোহন সিঙক লগত লৈ চমু সংবাদমেলত এই কথাও ঘোষণা কৰিছে যে সন্ত্ৰাসবাদীয়ে দেশৰ ঐক্য এধানিমানো বিনষ্ট কৰিব নোৱাৰে আৰু সেই বিষয়টোক লৈ তেওঁলোকে চৰকাৰৰ লগত পূৰ্ণ সহযোগিতা আগবঢ়াই যাব।

কিন্তু শাসক দলটোৱেহে প্ৰথমতে ৰাষ্ট্ৰীয় ঐক্য বিঘ্নিত কৰি দেশবাসীৰ আগত বিৰল দৃষ্টান্ত দাঙি ধৰিছে। আমাৰ প্ৰশ্ন হ'ল- বিজেপি অধ্যক্ষ অমিত শ্বাহে অসমলৈ আহি অসমৰ জনসাধাৰণৰ জাতীয় সহমতক চৰম উপেক্ষা কৰি কিদৰে এই সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষে উদাত্ত ভাষণ দিয়ে! ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা দলীয় কৰ্মী গোটাই আনি বিজেপি যুৱ সমাৰোহত শ্বাহে জাতীয় দল-সংগঠন আৰু বিৰোধীকো কটু সমালোচনা কৰিছে। আনকি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈও গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষজনে চৰম মিথ্যাচাৰৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে।

আচলতে জাতিধ্বংসী তথা সংবিধানবিৰোধী নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন সংসদত গৃহীত কৰিব নোৱাৰি অমিত শ্বাহে অসমত পুনৰ সাম্প্ৰদায়িক ৰাজনীতিৰ পাশাখেল খেলিব বিচাৰিছে। ইয়াৰ আঁৰত আছে আগত লোকসভা নিৰ্বাচনত হিন্দু বাংলাদেশী অবৈধ নাগৰিকক নাগৰিকত্ব দিয়াৰ কথাৰে ৰাজ্যখনত তেওঁলোকৰ ভোট বেংকৰ ৰাজনীতি কৰা চক্ৰান্ত। এই চক্ৰান্ত অসমৰ জনসাধাৰণে ঐক্যবদ্ধভাৱে মষিমূৰ কৰিব লাগিব। লোকসভা নিৰ্বাচনৰ সময়তে শাসক দলটোৱে যাতে অসম আৰু অসমীয়াৰ জাতীয় অস্তিত্ব ৰক্ষাৰ সংগ্ৰামবিৰোধী পদক্ষেপ ল'ব নোৱাৰে, তাৰ বাবে সকলোৱে সচেতন ভূমিকা পালন কৰিব লাগিব।