ইতিহাসে ক্ষমা নকৰিব

ইতিহাসে ক্ষমা নকৰিব

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

ৰাজ্যৰ জনসাধাৰণ শাৰদীয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত থকাৰ সময়তে সুদূৰ মাজুলীত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ পক্ষে ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰা কাৰ্যই অসমবাসীৰ জাতীয় সহমতক চৰমভাৱে উপেক্ষা কৰিছে। বিজেপিৰ এই কাৰ্যই এসময়ৰ জাতীয়তাবাদী তথা বৰ্তমানৰ ৰাজ্য চৰকাৰৰ অংশীদাৰী জনপ্ৰতিনিধিসকলৰ বাবেও তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

Advertisment

ইফালে জাতীয় নায়কৰ আখ্যা পোৱা মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ বাবেও দলৰ এই সিদ্ধান্ত ৰাজনৈতিক অগ্নিপৰীক্ষাস্বৰূপ হৈ পৰিছে। কাৰণ ৰাজ্যিক বিজেপিৰ এইধৰণৰ স্থিতিয়ে পোনপটীয়াকৈ অসম চুক্তিক নস্যাৎ কৰিব আৰু অবৈধ বিদেশীৰ সমস্যাটোক জটিলতাৰ পিনে ঠেলি দিব। তাৎপৰ্যপূৰ্ণভাৱে অসম চুক্তি, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ আদিৰ প্ৰশ্নত কেৱল সদৌ অসম ছাত্ৰ সন্থাকে ধৰি জাতীয় শিবিৰৰ সমহতেই সময়, বিগত তিনি দশকজোৰা প্ৰচেষ্টাৰ অন্তত অন্যান্য জনগোষ্ঠীয় দল-সংগঠন, নাগৰিক সমাজৰ অগ্ৰহণী অংশয়ো সমিলমিলেৰে সামগ্ৰিকভাৱে বহল পৰিসৰৰ এক জাতীয় ঐক্যত মিলিত হৈছিল।

তাৰে ফলশ্ৰুতিত সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়িক তদাৰকীত এন আৰ চিৰ প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে। এই প্ৰক্ৰিয়াৰ সম্ভাৱনীয়তাই বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা, ধৰ্মাৱলম্বী অসমবাসী তথা ভাৰতীয় নাগৰিকৰ মাজৰ অসূয়া-অপ্ৰীতি আঁতৰ কৰাৰ জৰিয়তে অসমৰ সৰ্বাংগীণ বিকাশৰ বাস্তৱসন্মত পথ প্ৰশস্ত কৰিছে। এই সময়তে সৰ্বভাৰতীয় শাসক গোষ্ঠীৰ হিন্দুত্ববাদী ৰাজনীতিয়ে ৰাজ্যত এক জটিল পৰিস্থিতিৰ জন্ম দিছে। বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদী কৰ্মসূচীয়ে অসমৰ আঞ্চলিকতাবাদ আৰু অসমীয়াৰ জাতীয়তাবাদক মোক্ষম আঘাত হানিবলৈ সক্ষম হৈছিল বিগত বিধানসভা নিৰ্বাচনৰ সময়তে।

তথাপি ভবা হৈছিল যে সৰ্বানন্দ সোণোৱালৰ দৰে জাতীয় নেতাৰ চিন্তা-চেতনা, অসম গণ পৰিষদৰ ৰাজনৈতিক মিত্ৰতাই ৰাজ্য চৰকাৰখনক অসমবিৰোধী স্থিতি লোৱাৰ পৰা বিৰত ৰাখিব। তাৰ লগে লগে বিজেপিয়েও সহজেই উত্তৰ-পশ্চিম ভাৰতৰ ৰাজনীতিৰ সূত্ৰ অসমত প্ৰয়োগ কৰিবলৈও সুযোগ-সুবিদা নাপাব।

যদিও ২০১৫চনত কেন্দ্ৰই বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ অমুছলমান লোকক দেশত সংস্থাপন কৰাৰ অধিসূচনা জাৰি কৰিছিল, তথাপি সেই অধিসূচনাই অসমত ব্যাপক প্ৰভাৱ পেলাব পাৰিব বুলিও ভবা নহৈছিল। তাৰ পিছত যেতিয়া মোডী চৰকাৰে সংসদত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক উত্থাপন কৰিলে, তেতিয়াও আনকি অসমৰ সচেতন মহলে আশা কৰিছিল যে ৰাজ্যিক বিজেপিত থকা একালৰ জাতীয়তাবাদী নেতাসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি বিদেশী সমস্যাটোৰ স্থায়ী তথা বাস্তৱসন্মত সমাধানৰ বাট মুকলি কৰিব।

কিন্তু সংসদত এই বিধেয়কৰ বিৰুদ্ধে অসমৰ পৰা নিৰ্বাচিত বিজেপিৰ কোনো এজন সাংসদে মাত নামাতিলে। সি যি কি নহওক, ৰাষ্ট্ৰীয় পৰ্যায়ত অন্য সৰ্বভাৰতীয় আৰু আঞ্চিলক দলবোৰৰ তীব্ৰ বিৰোধিতাৰ বাবে উক্ত বিধেয়কখন চৰকাৰে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিবলৈ বাধ্য হৈ পৰিছিল। উল্লেখযোগ্য যে অহা ২৩ অক্টোবৰত বিধেয়কখনক লৈ যুটীয়া সংসদীয় সমিতিৰ বৈঠক আহ্বান কৰা হৈছে। জানিব পৰা মতে, সংসদৰ অহা শীতকালীন অধিবেশনৰ সময়তে সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ বাবেও প্ৰস্তুতি চলাইছে। কিন্তু এনে এক পৰিস্থিতিত ৰাজ্যিক বিজেপিয়ে কাৰ্যনিৰ্বাহক বৈঠকত বিধেয়কখনৰ সপক্ষে প্ৰস্তাৱ গ্ৰহণ কৰাতে ক্ষান্ত থকা নাই।

বৰং হিন্দু বাংলাদেশীৰ হৈ দলটোৱে ৰাজ্যত আন্দোলন কৰাৰো সিদ্ধান্ত লৈছে। মুঠতে অসমক পুনৰ অস্থিৰ কৰি তোলাৰ পৰিৱেশ ৰচনা হৈছে। যি সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এন আৰ চি প্ৰক্ৰিয়াৰ প্ৰতি ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়াই যোৱাৰ কথা ঘোষণা কৰিছে, সেই সময়তে আকৌ তেওঁৰ সতীৰ্থ তথা প্ৰভাৱশালী মন্ত্ৰীয়ে এন আৰ চি সম্পৰ্কে বিৰূপ মন্তব্যও প্ৰকাশ কৰিছে। প্ৰভাৱশালী মন্ত্ৰীজনে কৈছে যে 'এন আৰ চিয়ে আমাক জীয়াই ৰাখিব নোৱাৰে। ভাৰতীয় মূলৰ প্ৰতিজন হিন্দুক সুৰক্ষা দিয়াটো বিজেপিৰ মূল লক্ষ্য। আৰু সেই লক্ষ্য অনুসৰিয়েই হিন্দু বাংলাদেশীক সংস্থাপন দিব লাগিব।'

অৰ্থাৎ বিজেপি নীতি-আদৰ্শৰ প্ৰতি কোন কিমান শ্ৰদ্ধাশীল তাৰেই যেন প্ৰতিযোগিতা চলিছে ৰাজ্যিক বিজেপিৰ একাংশ নতুন নেতাৰ মাজত। কিন্তু তাৰ দ্বাৰা অসমৰ সামূহিক স্বাৰ্থ কাহানিও সুৰক্ষা নহয়। আমাৰ সামূহিক স্বাৰ্থটো হ'ল- অবৈধ বিদেশী সমস্যাটোৰ স্থায়ী সমাধানৰ দ্বাৰা সকলোৰে মাজত ঐক্য-সম্প্ৰীতি গঢ়ি তোলা আৰু জাতীয় সহমতক কাৰ্যকৰী ৰূপ দিয়া। এই কথা অন্ততঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অগপৰ নেতাসকলে আন্তৰিকতাৰে অনুধাৱন কৰা উচিত।

পৰিস্থিতিয়ে আমাক ভাবিবলৈ বাধ্য কৰিছে যে এইসকল নেতাক এতিয়া ক্ষমতাই মূৰত ধৰিছে। নহ'লে অসমীয়াৰ ভাষা-সংস্কৃতি আৰু জাতীয় আৱেগক আঘাত কৰিব পৰা ভয়ংকৰ সিদ্ধান্ত তেওঁলোকে নল'লেহেঁতেন। এতিয়াও সময় আছে- জাতি ধ্বংসী সিদ্ধান্তৰ পৰা তেওঁলোক বিৰত থাকক। নহ'লে ইতিহাসে এই নেতৃত্বক ক্ষমা নকৰিব।