ৰাইজেই ৰজা!

ৰাইজেই ৰজা!

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

বিভিন্ন ধৰণৰ জল্পনা-কল্পনা, আশা-হতাশাৰ চৰ্চা, অংকৰ মাজতে দেশবাসীয়ে আৰু এটা নিৰ্বাচনৰ ক'লা চিঞাহী আঙুলিত লগোৱাৰ সময় পালেহিয়েই। জনলহৰৰ মাজত 'দেৱদূত'ৰ দৰে নৰেন্দ্ৰ মোীডয়ে কাশ্মীৰৰ পৰা বোওৱা দৃশ্যবিলাকত ধূলি-এলান্ধুৰ চামনি ভালকৈ পৰাই নাই। তেনে অৱস্থাতে দেশবাসীয়ে খকমককৈ উঠি সাজু হ'ব লগা হৈছে আকৌ এবাৰ ভোটকেন্দ্ৰত শাৰী পতাৰ বাবে। ১৯৫১চনৰ পৰা দেশত চলি আহিছে ৰাইজে ৰজা পতা এই ধাৰা, যাৰ বাবে বিশ্বৰ সন্মুখত ভাৰতৰ এই অধ্যায় চিহ্নিত হৈছে অন্যতম চমকৰূপে, বিশ্বৰ বৃহত্তম গণতন্ত্ৰ অভিধাৰে! ২০১৪ৰ নিৰ্বাচনত মোডীয়ে দেশবাসীক সম্বোধন কৰিচিল গণদেৱতাৰূপে।

Advertisment

মঙলবাৰে গুজৰাটত অনুষ্ঠিত কৰা 'জন সংকল্প সমাবেশ'ত কংগ্ৰেছৰ নতুন সাধাৰণ সম্পাদক, ৰাজীৱ-ছোনিয়াৰ তনয়া প্ৰিয়ংকা গান্ধীয়েও কৈছে- 'আপোনালোকৰ হাততেই সেই শক্তি আছে। আপোনালোকৰ সজাগতাই শক্তিশালী অস্ত্ৰ, এই দেশ আপোনালোকৰ দেশ, আপোনালোকেই দেশখনক ৰক্ষাকৰিব পাৰিব…।' গণতন্ত্ৰৰে বিশ্বক চমকিত কৰা ভাৰতত নিৰ্বাচনৰ সময়ত জনসাধাৰণক এনেদৰেই সন্মানিত কৰা হয়, উদ্বুদ্ধ কৰা হয়। কিন্তু এই জনতাৰ সন্মুখত দিয়া প্ৰতিশ্ৰুতিৰ মূল্য কিমান দিয়ে নেতাসকলে? কিমান বাস্তৱ হয় জনসাধাৰণক দেখুওৱা সপোন- এই প্ৰশ্নই দশক দশক ধৰি উত্থাপন হৈ আহিছে, এইবাৰো উঠিছে।

কেৱল ৰাইজৰ প্ৰশ্নই নহয়, ৰাজনৈতিক দলবোৰেও বহু সময়ত নিজৰ অৱস্থাত সুদৃঢ় কৰিবলৈ একেই প্ৰশ্ন উত্থাপন কৰে শাসনত থকা দলৰ বিৰুদ্ধে। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (এন ডি এ)ৰে অংশীদাৰ, বিজেপিৰে মিত্ৰ দল শিৱসেনাই বিজেপি সন্দৰ্ভত নিজৰ মুখপত্ৰ 'সামনা'ৰ সম্পাদকীয়ত এইবুলি অভিযোগ কৰিছে যে ২০১৪ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ হোৱা বিজেপিয়ে এতিয়া জনতাৰ প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব। শাসনলৈ আহিলে কাশ্মীৰত শান্তি প্ৰতিষ্ঠা আৰু অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল দলটোৱে, কিন্তু দুয়োটা প্ৰতিশ্ৰুতি ৰক্ষাতে তেওঁলোক ব্যৰ্থ হ'ল, সেয়েহে এইবাৰ তেওঁলোকক জনতাই প্ৰশ্ন কৰিব।

ইমান দিনে প্ৰধানমন্ত্ৰী মোডীয়ে নিজৰ মন কী বাত কৈ আহিছিল, অহা ২৩ মে'ত দেশবাসীয়ে নিজৰ মন কী বাত ব্যক্ত কৰিব। শিৱসেনাৰ এই স্থিতিৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য নিহিত হৈ থাকিলেও বক্তব্যখিনি কিন্তু দেশবাসীৰ অন্তৰৰ অনুভৱৰে প্ৰকাশ। ৰাম মন্দিৰক লৈ সকলো স্তৰৰ মানুহৰ দৃষ্টিভংগী একে নহয়। কিন্তু কাশ্মীৰৰ শান্তি প্ৰসংগই হওঁক বা অৰ্থনৈতিক কৰ্মকাণ্ডই হওঁক, ছাৰ্জিকেল ষ্ট্ৰাইকেই হওঁক বা নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগই হওঁক, বিবিধ বিষয়, বিভিন্ন সমস্যাক লৈ নৰেন্দ্ৰ মোডীৰ চৰকাৰখনৰ বিৰুদ্ধে জনসাধাৰণৰ অজস্ৰ প্ৰশ্ন আছে, পৰ্বতপ্ৰমাণ অভিযোগ আছে। ২০১৪ত নৰেন্দ্ৰ মোডীয়ে প্ৰায় সকলো জনসভাতে কোৱা এষাৰ কথা বোধহয় কোনেও পাহৰা নাই, 'কংগ্ৰেছক আপোনালোকে ষাঠি বছৰ দিলে, মোক মাত্ৰ ষাঠিটা মাহ দিয়ক।'

মোডীয়ে বিচৰা ষাঠিটা মাহ চকুৰ পচাৰতে পাৰ হৈ যাব ধৰিছে, পৰিবৰ্তন ক'ত হ'ল? দুৰ্নীতিয়েই বন্ধ হ'ল নে তোষণৰ ৰাজনীতিয়েই বন্ধ হ'ল? অসমবাসীৰ নৰেন্দ্ৰ মোডীৰ প্ৰাক-নিৰ্বাচনী সভাত দিয়া এটা বিশেষ বক্তৃতাৰ এটা বিশেষ বাক্য প্ৰতিটো শব্দ মনত আছে- 'ষোল্ল মে'ৰ পিচত বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব!' কেইজন বাংলাদেশীয়ে টালি-টোপোলা বান্ধিলে? আকৗ দেশৰ প্ৰধানমন্ত্ৰী হৈ স্বাধীনতা দিৱসত মোডীয়ে কৈছিল- '২০২২ৰ ভিতৰত দেশত এশ নিযুত চাকৰিৰ সৃষ্টি হ'ব।' কিন্তু ক'তা? শিক্ষিত নিবনুৱাই দেখোন 'বায়' ডাটা' লৈ হাবাথুৰি খাই ফুৰিছে- ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰে সৰু দোকানত বৈদ্যুতিক সঁজুলি মেৰামতি কৰি পোৱা সামান্য ধনেৰে পেট পুহিবলগীয়া হৈচে। এনেদৰে জনতাৰ অজস্ৰ প্ৰশ্ন আছে।

বাতৰি ওলাইছে- যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই বিশাল সভা পাতি ২০১৪চনত তিতাবৰৰ বালাজন শ্যামগাঁওখন 'আদৰ্শ গাঁও' ঘোষণা কৰি তাক পৰ্যাপ্ত সা-সুবিধাৰে নদন-বদন কৰি তুলিব বুলি ঘোষণা কৰিছিল। সেই সভালৈ প্ৰধানমন্ত্ৰীৰ অন্তৰ্গত বিভাগৰ দুজন বিষয়াও আহিছিল। কিন্তু পৰৱৰ্তী ৪ বছৰত তাত কুটা এগছো কাম নহ'ল। সেইবাবে ক্ষুব্ধ ৰাইজে 'আদৰ্শ গাঁৱ'ৰ আধাৰশিলাটোকে ভাঙি পেলালে। 'পৰিবৰ্তন'ৰ সপোন দেখুওৱা দলটোৰ মন্ত্ৰী-সাংসদ-বিধায়কসকলৰ প্ৰতিশ্ৰুতি ভংগৰ এনে উদাহৰণ অসমতে অজস্ৰ আচে। তদুপৰি নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ দৰে হঠকাৰী পদক্ষেপ পৰিবৰ্তনকামী চৰকাৰখনৰ অসম তথা উত্তৰপূবৰ ওপৰত পদাঘাতৰূপে বিবেচিত হৈছে। এনে পৰিপ্ৰেক্ষিতত প্ৰশ্ন উঠে- পূৰণ কৰিব নোৱৰা আশ্বাস-প্ৰতিশ্ৰুতিবোৰ ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে কিয় দিয়ে? আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যি গণতন্ত্ৰক লৈ বিশ্বৰ সন্মুখত ভাৰত গৰ্বিত, সেই গণতন্ত্ৰত নেতাসকলৰ প্ৰতিশ্ৰুতি ভংগ, প্ৰৱঞ্চনা এটা প্রধান অংশ।

সেই ইতিহাসৰ ভুক্তভোগী হৈয়ে ভাৰতীয় জনতাই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে। ধনবল-পেশীবলে আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটোক প্ৰভাৱিত কৰি থকা বুলি জানিও ইয়াৰ মাজতে জনতাই পৰিৱৰ্তনৰ সপোন দেখে। বহু সময়ত এই নিৰ্বাচনক ভ্ৰষ্টাচাৰী শাসন উৎখাতৰ অস্ত্ৰৰূপে ব্যৱহাৰ কৰি জনতাই বহু পৰিক্ৰমী ৰাজনীতিকক ক্ষমতাচ্যুত কৰিও আহিছে। নেতাই 'মূক জনতা, মূঢ় জনতা' বুলি ভবা দেশবাসীয়েই বহু সময়ত ওলট-পালট কৰি দিছে ৰাজনৈতিক দৃশ্যপট, খৰ্ব কৰি আহিছে গণতন্ত্ৰৰ নামাৱলী মেৰিয়াই স্বৈৰাচাৰ প্ৰদৰ্শন কৰা নেতাৰ দৰ্প-অহংকাৰ। সেয়াই বোধহয় ভাৰতীয় গণতন্ত্ৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।