/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
অসম তথা উঃ পূবৰ জনতাৰ চৰম উৎকণ্ঠাৰ অৱসান ঘটিল- অৱশেষত জাতিধ্বংসী নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপনৰ পৰা বিৰত থাকিল নৰেন্দ্ৰ মোডীৰ চৰকাৰ। যিহেতুকে আজিৰ দিনটোৱেই আছিল সংসদৰ চলিত কাৰ্যকালৰ অন্তিম অধিবেশনৰ অন্তিম দিন, গতিকে বিতৰ্কিত বিধেয়কখন গৃহীতকৰণৰ কেন্দ্ৰ কৰি ২০১৬চনৰ পৰা চলি থকা বাদ-প্ৰতিবাদৰ অধ্যায়টোৰো আপাততঃ সামৰণি পৰিল। ইয়াৰ পিচত এই বিধেয়কখনক লৈ নতুন কি ঘটনা-পৰিঘটনা ঘটিব পাৰে, সেইটো নিৰ্ভৰ কৰিব আৰু দুটা মাহৰ পিচত হ'বলগীয়া দেশৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলৰ ওপৰত।
বহু চেষ্টা কৰিও তথা অসম তথা উত্তৰ-পূবৰ এক উত্তাল, সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিও অৱশেষত মোডী চৰকাৰে বহুবিতৰ্কিত বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিবলৈ সাহস নকৰাটোক নিশ্চিতভাৱে এই ভূ-খণ্ডৰ জনতাৰ ঐক্যৱদ্ধ প্ৰতিবাদৰে জয় বুলি অভিহিত কৰিব লাগিব এইবাবেই যে দেশত ধৰ্মীয় মেৰুকৰণৰ এক ভয়াৱহ ব্লু-প্ৰিন্টৰ আধাৰত এই বিধেয়কখন ৰচনা কৰা হৈছিল আৰু উত্তৰ-পূবৰ জনতাৰ সমন্বিত প্ৰতিবাদৰ ফলত বিধেয়কখন উত্থাপনত মূৰকত চৰকাৰ ব্যৰ্থ হোৱাই নহয়, চৰকাৰৰ সেই ভয়াৱহ ব্লু-প্ৰিন্টো ধৰ্মনিৰপেক্ষ ভাৰতৰ জনতাৰ সন্মুখত উন্মোচিত হৈ পৰিল।
লগতে অন্য এটা দিশো সমান্তৰালভাৱে পৰিষ্কাৰ হৈ পৰিল যে এই ভূ-খণ্ডৰ সন্মুখত সংকটৰ সৃষ্টি হ'লে আৰু সেই সংকেট থলুৱা জাতি-জনগোষ্ঠীসমূহলৈ ভাবুকি নমাই আনিলে উত্তৰ-পূবৰ থলুৱা জাতি-জনগোষ্ঠীসমূহে ঐক্যৱদ্ধ প্ৰতিবাদ সাব্যস্ত কৰি দেখুৱাব পাৰে আৰু এনে ঐক্যৱদ্ধ প্ৰতিবাদে যিকোনো শক্তিশালী প্ৰতিপক্ষৰ অভিসন্ধি-আক্ৰমণ প্ৰতিহত কৰিব পাৰে। আজিৰ তাৰিখত উত্তৰ-পূবৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ ঐক্যৱদ্ধ শক্তিৰ গুৰুত্ব প্ৰতিষ্ঠা হোৱাটো অতি প্ৰয়োজনীয় আছিল, কিয়নো এই ভূ-খণ্ডৰ মূল শত্ৰুৰ ছবিখন ধূসৰ কৰি ৰাখি কিছুমান ন্যস্তস্বাৰ্থজড়িত শক্তিয়ে উত্তৰ-পূবৰ জাতি-জনগোষ্ঠীসমূহৰ মাজত সংঘাত-বিভাজনৰ পৰিৱেশ বাৰ্তাই ৰাখি মুষ্টিমেয় লোকৰ স্বাৰ্থপূৰণ কৰি আহিছে।
যি কি নহওঁক, বিতৰ্কিত বিধেয়কখন উত্থাপনত চৰকাৰ ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত এটা অস্থিৰতাপূৰ্ণ অধ্যায়ৰ সামৰণি পৰিল। কিন্তু এই বিধেয়কখনক কেন্দ্ৰ কৰি বিগত সময়চোৱাত যিবোৰ ঘটনা ঘটিল, সেই ঘটনাপ্ৰৱাহৰ তথা বিভিন্ন পক্ষৰ ভূমিকাবিলাক জনসাধাৰণে বিশ্লেষণ কৰা উচিত। পৰৱৰ্তী সময়ত বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰবল প্ৰতিবাদ হ'ল, বহু দল-সংগঠনে নিজ নিজ বেনাৰৰ তলত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে, কিন্তু মনত ৰখা উচিত যে ২০১৬চনত সংসদত বিধেয়কখন উত্থাপনৰ দিনা অসমৰ এজনো সাংসদে সদনৰ মজিয়াত ইয়াৰ প্ৰতিবাদ কৰা নাছিল। ওড়িশাৰ বিজেডি দলৰ এগৰাকী সাংসদ আৰু অসমৰ বাহিৰৰ এগৰাকী কংগ্ৰেছ সাংসদেহে অসমৰ অনুপ্ৰৱেশকেন্দ্ৰিক পৰিস্থিতিলৈ আঙুলিয়াই ইয়াৰ প্ৰতিবাদ জনোৱাৰ বাবেহে কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
আনহাতে, অসমত প্ৰতিবাদী আন্দোলন গঢ়ি তুলিলেও যুটীয়া সংসদীয় সমিতিত কিন্তু দেশৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছে বিধেয়কখনৰ বিৰুদ্ধে সবল আৰু ঐক্যৱদ্ধ স্থিতি প্ৰদৰ্শনত ব্যৰ্থ হৈছিল, যাৰ জৰিয়তে পৰৱৰ্তী সময়ত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত বিধেয়কখনক লৈ কংগ্ৰেছৰ পৰস্পপৰবিৰোধী স্থিতিৰ মুকলি প্ৰকাশ ঘটিছিল। অনস্বীকাৰ্য যে বিধেয়কখন ৰাজ্যসভাত উত্থাপনত মোডী চৰকাৰ ব্যৰ্থ হোৱাটো অসম তথা উত্তৰ-পূবৰ সংগ্ৰামী জনতাৰ এক বৃহৎ নৈতিক বিজয়। এই বিধেয়কবিৰোধী সংগ্ৰামত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ যি শক্তিশালী স্থিতি, তাৰ ফলত সংগ্ৰামখনে যে এটা পৃথক মাত্ৰা লাভ কৰিলে, সেইটো সকলোৱে স্বীকাৰ কৰিছে। বিশেষকৈ এইক্ষেত্ৰত কনৰাড চাংমাই সন্মুখৰ পৰা দিয়া নেতৃত্ব উত্তৰ-পূবৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ঘটনা।
জাতীয়তাবাদী শিবিৰৰ পৰা গৈ অসমৰ মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালে জাতীয় ভাবাৱেগক প্ৰতিনিধিত্ব কৰি তেনে এক শক্তিশালী ভূমিকা গ্ৰহণ কৰাত ব্যৰ্থ হোৱাই নহয়, তেওঁ সেই সমগ্ৰ ঘটনাপ্ৰবাহত দিল্লীৰ অনুগত এজেন্ট এজনৰ ভূমিকাহে পালন কৰা দেখা গ'ল। আহিবলগীয়া দিনবোৰত অসমবাসীয়ে এই দিশবিলাকৰ নিশ্চয় পৰ্যালোচনা কৰিব। কাৰণ সংগ্ৰামখনৰ সাময়িক বিজয় হ'লেও ইয়াৰ অ্ত পৰা নাই। অনুপ্ৰৱেশ অসমৰ জ্বলন্ত সমস্যা। অসমৰ জাতীয় জীৱনক ভাৰাক্ৰান্ত কৰি ৰখা এই সমস্যাটোৰ সমাধান নোহোৱালৈকে জাতিটোৱে দুৰ্ভোগ আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ে থাকিব লাগিব।
সমস্যাটোৰ স্থায়ী সমাধান, অৰ্থাৎ ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিচৰ ধৰ্ম-ভাষা নিৰ্বিশেষ সকলো বিদেশীৰ বিতাড়ন আৰু বিদেশীমুক্ত এখন নাগৰিকপঞ্জী আৰু বিশুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত হৈ নুঠালৈকে অসমে ইয়াৰ পৰা অদ্ভূত ব্যাধিবিলাকৰ পৰা মুক্তি নাপায়। ৰাজনৈতিক ক্ষেত্ৰত ইয়াৰ থলুৱা মানুহৰ প্ৰভুত্বইহে জাতিটোৰ বিকাশৰ সঠিক পথ প্ৰশস্ত কৰিব। গতিকে এই বিষয়বিলাক সমাধানৰ সংগ্ৰামখন অব্যাহত থাকিবই লাগিব। এইক্ষেত্ৰত বিধেয়কৰ বিৰুদ্ধে ঐক্যৱদ্ধ শক্তি প্ৰদৰ্শন কৰাৰ দৰেই উত্তৰ-পূববাসীয়ে পৰৱৰ্তী দিনবোৰতো নিজৰ ভূমিকা পালন কৰিব লাগিব। দেশে আগত সাধাৰণ নিৰ্বাচনৰ পৰা কাৰ চৰকাৰ লাভ কৰে, তাৰ ওপৰত সকলো দিশ প্ৰধানকৈ নিৰ্ভৰ কৰিব। গতিকে তালৈ লক্ষ্য ৰাখিয়েই নিৰ্ণয় কৰিব লাগিব পৰৱৰ্তী সংগ্ৰামৰ কৌশল।