Advertisment

বিপদ সংকেত

বিপদ সংকেত

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

অতি গুৰুত্বপূৰ্ণ কিন্তু কঠিন একোটা ৰাজনৈতিক বিষয়ক তথ্যনিষ্ঠতাৰে কিমান সহজ-সৰল তথা জনপ্ৰিয় ৰূপেৰে আৰু প্ৰাঞ্জল ভাষাৰে দাঙি ধৰিব পাৰি তাৰ এটা সুন্দৰ উদাহৰণ। যোৱা ১০ ফেব্ৰুৱাৰীত গুৱাহাটীৰ মাছখোৱাস্থিত 'প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প'ৰ মূল প্ৰেক্ষাগৃহত দাঙি ধৰিলে প্ৰাক্তন বিজেপি নেতা তথা অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰৰ বিত্ত আৰু বৈদেশিক মন্ত্ৰী যশোৱন্ত সিনহাই। তেওঁ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া। পণ্ডিত হিচাপেও তেওঁ জনাজাত আৰু একাধিক বিখ্যাত গ্ৰন্থ তেওঁ ৰচনা কৰিছে। সুবক্তা হিচাপে তেওঁৰ বিশেষ খ্যাতি আছে। 'অসম নাগৰিক সমাজে' আয়োজন কৰা উপৰোক্ত বক্তৃতানুষ্ঠানৰ বিষয় আছিল- 'দেশৰ বৰ্তমানৰ অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ।'

Advertisment

সিনহাই প্ৰদান কৰা বক্তৃতাটো প্ৰখ্যাত বক্তাই গুৱাহাটীত প্ৰদান কৰা অতি মনোগ্ৰাহী তথা সুললিত বক্তৃতাকেইটাৰ এটা হিচাপে চিহ্নিত হৈ ৰ'ব। বক্তাৰ কথনভংগী, বক্তব্যৰ তথ্যনিষ্ঠতা তথা স্পষ্টতা আৰু বিশেষকৈ কোনো প্ৰসংগ বিসংগতি নঘটোৱাকৈ আৰু কোনো তৰলতাক প্ৰশ্ৰয় নিদিয়াকৈ তেওঁ বক্তৃতাত প্ৰয়োগ কৰা ব্যংগৰস তথা হাস্যৰসে শ্ৰোতামণ্ডলীক মন্ত্ৰমুগ্ধ কৰিছিল। মজাৰ কথাটো হ'ল- কিছু ধেমেলীয়া সাঁচেৰে তেওঁ শ্ৰোতামণ্ডলীক বৰ্তমানৰ ভাৰতীয় ৰাজনীতিলৈ নামি অহা সবাতোকৈ ভয়ংকৰ বিপদটো সম্পৰ্কে কোনো খোকোজা নলগাকৈ বুজাই দিছিল।

সেই বিপদটো হ'ল- মোডী আৰু শ্বাহৰ নেতৃত্বত বিজেপিয়ে নমাই অনা স্বৈৰাচাৰৰ বিপদ। তেওঁ বক্তৃতাটো তিনিটা ভাগত ভগাইছিল- নাগৰিকত্ব আইন সংশোধনী বিল, দেশৰ সাম্প্ৰতিক বৈদেশিক পৰিক্ৰমা আৰু বিত্ত দপ্তৰ। লগতে তেওঁ কৈ লৈছিল- প্ৰথম বিষয়টো বৰ্তমানৰ অসমৰ জীৱন মৰণৰ সমস্যা বাবে আৰু বাকী দুটা সম্পৰ্কে সেই দপ্তৰ দুটাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁ অভিজ্ঞ বাবে বাছি লৈছিল। প্ৰথম বিষয়টোৰ ক্ষেত্ৰত তেওঁৰ মত আছিল বাহুল্যবৰ্জিত আৰু খাৰাংখাচ। গণতান্ত্ৰিক প্ৰমূল্যত বিশ্বাসী কোনেও অসম তথা দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্য কেইখনৰ খিলঞ্জীয়া সকলো জাতি-জনগোষ্ঠীৰ অস্তিত্বলৈ  ভয়ানক বিপদ নমাই অনা এনে এখন বিধেয়কৰ কথা চিন্তাও কৰিব নোৱাৰে। এইখন দেশৰ সংবিধানবিৰোধী, ৰাষ্ট্ৰীয় সততাৰ নীতিবিৰোধী, 'অসম চুক্তি' বিৰোধী আৰু দেশৰ প্ৰচলিত আইনবিৰোধী।

একমাত্ৰ স্বৈৰাচাৰী শাসকেহে অধিক ভোট লাভ কৰাৰ সম্ভাৱনাৰ লোভত এনে এখন আইন বিৰুদ্ধে বিধেয়কৰ কথা ভাবিব পাৰিছে, যিখন অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমগ্ৰ থলুৱা জাতি-জনগোষ্ঠীৰ বাবে জাতিধ্বংসী বুলিব পৰা বিধৰ। এনে অগণতান্ত্ৰিক বিধেয়কৰ কথা যিবোৰে চিন্তা কৰিব পাৰিছে তেওঁলোক কিমান স্বৈৰতান্ত্ৰিক সেইটো ওলাই পৰিছে। এই ক্ষেত্ৰত তেওঁ ক্ষমতাৰ বাবে যিকোনো কুকাণ্ড কৰিব পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক প্ৰধানতঃ জগৰীয়া কৰে।  মোডী-শ্বাহ যুটিক তেওঁক কৌৰৱৰ দুৰ্যোধন আৰু দুঃশাসনৰ সৈতে আৰু অৰুণ জেটলিক শকুনিৰ সৈতে ৰিজাই মত দিয়ে যে দুৰ্যোধন আৰু দুঃশাসনৰ বাহিৰে কৌৰৱৰ বাকী কেইজনৰ বিষয়ে একো জনা নাযায়, মাথোন কুমন্ত্ৰণাদাতা হিচাপে শকুনিৰ আৱিৰ্ভাৱ 'মহাভাৰত'ত মাজে মাজে হৈছিল। তেনেকৈয়ে মোডী মন্ত্ৰীসভাৰ আনসকলৰ নামো আনে প্ৰায় নজনাৰ দৰেই হৈছেগৈ।

কাশ্মীৰত গৃহমন্ত্ৰীয়ে নজনাকৈয়েই ৰাষ্ট্ৰপতিৰ শাসন জাৰি হ'ল! নাগা শান্তি চুক্তি হোৱাৰ কথা গৃহ মন্ত্ৰীয়ে গমেই নাপালে! দেশ তল-ওপৰ লগোৱা বিমুদ্ৰাকৰণ হ'ল বিত্ত মন্ত্ৰীয়ে নজনাকৈয়েই! প্ৰধানমন্ত্ৰী বিদেশ ভ্ৰমণলৈ গ'লে সাধাৰণতে বৈদেশিক দপ্তৰৰ মন্ত্ৰীক লগত লৈ যায়। এতিয়ালৈকে মোডীয়েই সবাতোকৈ অধিকবাৰ বিদেশলৈ যোৱা ভাৰতীয় প্ৰধানমন্ত্ৰী। অথচ তেওঁ লগত বিদেশ মন্ত্ৰীক লৈ যোৱাৰ দৃষ্টান্ত বিৰল। অৰ্থাৎ নামত যদিও এখন বৃহৎ মন্ত্ৰীসভা আছে কিন্তু প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ বাহিৰে বাকীসকল সাক্ষী গোপালহে। ই সম্পূৰ্ণ সংবিধানবিৰোধী। তদুপৰি চৰকাৰ আৰু দলক একাকাৰ কৰা হৈছে, যিটো গণতান্ত্ৰিক পৰম্পৰাবিৰোধী। দেশৰ সংবিধান অনুসৰি সংবিধানৰ মৌলিক চৰিত্ৰক সলাব নোৱাৰে।

ভাৰতত ধৰ্মৰ বিত্তিত নাগৰিকত্ব দিয়াৰ প্ৰচেষ্টা হাতত লৈ সংবিধানৰ মৌলিক চৰিত্ৰক সলাব খুজিছে। একোখন চৰকাৰ সম্পূৰ্ণ ম্যাদ হ'ল পাঁচ বছৰ। শেষৰ বছৰটোত 'ভোট অন একাউণ্ট'হে চৰকাৰে দাখিল কৰিব পাৰে, সম্পূৰ্ণ বাজেট নোৱাৰে। নতুন চৰকাৰ নিৰ্বাচিত হোৱাৰ পিছতহে সেই নতুন চৰকাৰে সম্পূৰ্ণ বাজেট দাখিল কৰিব পাৰে। কিন্তু মোডী চৰকাৰে নিয়ম-নীতি উলংঘা কৰি 'ইনটাৰিম বাজেট'ৰ সলনি এইবাৰ পূৰ্ণাংগ বাজেট দাখিল কৰিলে আৰু ভোট ধৰাৰ প্ৰলোভন হিচাপে যি পাই তাকে ৰাইজক দিব বুলি ভুৱা প্ৰতিশ্ৰুতি দিছে। এই সকলোবোৰেই মোডী-শ্বাহ যুটি নেতৃত্বাধীন বিজেপি কিমান স্বৈৰাচাৰী প্ৰৱণতাসম্পন্ন হৈ পৰিছে তাক উদঙাই দিছে। এওঁলোকৰ নেতৃত্ব যে দেশৰ গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে অতি বিপজ্জনক তাক সিনহাই সকীয়াই দিছিল। এই সকীয়নি গণতান্ত্ৰিক শিবিৰলৈ বিপদৰ সংকেতধ্বনি আৰু এই সংকেতধ্বনিলৈ দেশৰ নাগৰিকসকলে কাণ দিয়া উচিত।