/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চাংসাৰিৰ চৰকাৰী সভাত তেওঁৰ ভাষণৰ জৰিয়তে আওপাকেদি এই কথাই বুজালে যে মোডী চৰকাৰী অসমৰ উন্নয়নৰ বাবে বদ্ধপৰিকৰ হোৱাৰ লগতে নাগৰিকত্ব আইন সংশোধনী বিধেয়কখনো যিকোনো প্ৰকাৰে গৃহীত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। অৰ্থাৎ তেল শোধনাগাৰৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা, 'এইমছ'ৰ ভূমি পূজন প্ৰক্ৰিয়া সম্পন্ন কৰা অথবা ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা আদি কাৰ্যৰে অসমৰ জনসাধাৰণৰ মনত উন্নয়নৰ চমক সৃষ্টি কৰি প্ৰধানমন্ত্ৰীয়ে হিন্দু বাংলাদেশীক অসমতে সংস্থাপন কৰাৰ দিহা কৰিছে।
নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত সৃষ্টি হোৱা জনজাগৰণক এইদৰে মোডী চৰকাৰে উন্নয়নৰ অচিলাৰে ঢাকি ৰাখিব বিচাৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে অসম চুক্তিৰ ৬ নং দফাৰ কথা উল্লেখ কৰিছে। অসমীয়াক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ কথা কৈছে। আনকি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগও তেওঁ অতি কৌশলেৰে ভাষণত উত্থাপন কৰিছে। তাৰ অৰ্থ হ'ল- অসমীয়াক সকলো দিয়া হ'ব, কিন্তু তাৰ বিনিময়ত নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব নালাগিব। আমি ভাবো- প্রধানমন্ত্ৰীয়ে তেওঁৰ পাঁচবছৰীয়া শাসন কালৰ অন্তিম পৰ্যায়ত অসমৰ বাবে হিয়া উজাৰি সকলো বাকি দিয়াৰ ছলেৰে এইদৰে অসমৰ জনসাধাৰণকে আভুৱা ভাঁৰিবলৈ লৈছে।
অসমৰ তেল শোধনাগাৰৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰি ৰাজ্যখনত এইমছৰ দৰে ৰাষ্ট্ৰীয় চিকিৎসা সেৱা প্ৰতিষ্ঠান স্থাপন কৰি মোডী চৰকাৰে অসমবাসীকে তেওঁৰ দলৰ একান্ত সেৱকত পৰিণত কৰিব নোৱাৰে। অসমত মোডী চৰকাৰে আজি যি উন্নয়নৰ কৰ্মসূচী ৰূপায়ণ কৰিবলৈ লৈছে, সেয়া অসমবাসীৰ প্ৰাপ্য। অসমৰ সম্পদৰ ওপৰত ইমানদিনে কেন্দ্ৰই চলাই অহা শোষণ-নিষ্পেষণৰ বিপৰীতে ই নামমাত্ৰ প্ৰতিদানহে। এই মোডী চৰকাৰেই গুজহাট, হাৰিয়ানাৰ দৰে ৰাজ্যত বিদেশৰ ঋণৰ ধনেৰে ছুপাৰ এক্সপ্ৰেছ হাইৱে, বুলেট ট্ৰেইন আৰু স্মাৰ্ট চিটি নিৰ্মাণ কৰি বাহ বা লৈছে।
অসমৰ দৰে ৰাজ্যত দুই-এখন দলঙৰ আধাৰশিলা স্থাপন কৰি অসমীয়াক উন্নয়নৰ চমক দেখুৱাইছে ঠিকেই, কিন্তু এয়াও যে কেন্দ্ৰৰ লুণ্ঠনৰ প্ৰক্ৰিয়াৰে অংশবিশেষ, সেই কথা উপলব্ধি কৰিবলৈ অসমৰ জনসাধাৰণক বেছিপৰ নালাগিব। অসম-অৰুণাচল সীমান্তত নিৰ্মীয়মান বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ শক্তি দেশৰ অন্য প্ৰান্তলৈ সংবহন কৰা বা অসমৰ বিভিন্ন প্ৰাকৃতিক সম্পদ চালান দিয়াৰ বাবেও এতিয়া কেন্দ্ৰই ৰাজ্যখনৰ যাতায়াত ব্যৱস্থাৰ খৰতকীয়া উন্নয়ন সাধিব লাগিব।
দেশ-বিদেশৰ বৃহৎ কৰ্প'ৰেট গোষ্ঠীৰ বাবে অসম তথা উত্তৰ-পূবৰ বৃহৎ বজাৰখন অপৰিহাৰ্য হৈ পৰিছে বাবেই কেন্দ্ৰই ইয়াত সুবিশাল নিৰ্মাণকাৰ্যবোৰ ক্ষিপ্ৰতাৰে আগুৱাই নিছে। তাৎপৰ্যপূৰ্ণভাৱে নুমলীগড় শোধনাগাৰৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ কথা সদম্ভে ঘোষণা কৰা প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যখনৰ ৰাজহুৱা খণ্ডৰ তৈলক্ষেত্ৰবোৰ ব্যক্তিগত কোম্পানীৰ ওচৰত নিলাম কৰাৰ কথা ঘূণাক্ষৰেও উচ্চাৰণ কৰা নাই। অসমৰ কৃষিভূমি দেশী-বিদেশী ব্যৱসায়িক গোষ্ঠীয়ে হস্তগত কৰাৰ কথাও প্ৰধানমন্ত্ৰীয়ে এৰাই চলিছে।
ৰাজ্যখনৰ বিভিন্ন থলুৱা জাতি-জনগোষ্ঠীয়ে সন্মুখীন হোৱা পৰিচিতিৰ সংকটক লৈও তেওঁ চিন্তিত নহয়। মাত্ৰ এটা বিষয়ক লৈয়েই তেওঁ উদ্বিগ্ন। সেয়া হ'লঃ দেশৰ হিন্দু বলয়ৰ অভিকেন্দ্ৰস্বৰূপ তিনিখনকৈ ৰাজ্যত বিজেপিৰ শোচনীয় পৰাজয় আৰু ৰাম মন্দিৰ নিৰ্মাণৰ দৰে হিন্দুত্ববাদী ইছ্যুবোৰক লৈ সৃষ্টি হোৱা নেতিবাচক পৰিৱেশৰ মাজত অসমকে ধৰি পূৰ্বাঞ্চলৰ প্ৰায় ষাঠিটা লোকসভা সমষ্টিৰ ফলাফল কি হ'ব?
হিন্দু বাংলাদেশীক দেশত সংস্থাপন আৰু নাগৰিকত্ব দিয়াব পাৰিলে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ সতীৰ্থ অমিত শ্বাহে ভাবিছে যে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, উত্তৰপ্ৰদেশ আদি ৰাজ্যত হ'বলগীয়া বিপৰ্যয়ৰ কিছু হ'লেও ক্ষতিপূৰণ আদায় কৰিব পাৰিব। অসমৰ জনসাধাৰণক অনন্তকালৰ বাবে সংঘাতময় পৰিৱেশত ৰাখি মোডী-অমিত শ্বাহে আগত লোকসভা নিৰ্বাচনৰ অংক কৰিয়েই যে এইদৰে জনসভাত বিৰোধী শক্তিক হুংকাৰ দিছে, সেয়া প্ৰমাণ হ'বলৈ আৰু বেছিদিন নাই।