প্ৰস্তুতি-পৰ্ব

প্ৰস্তুতি-পৰ্ব

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা হোৱাৰ লগে লগে ৰাজ্যৰ সক্ৰিয় ৰাজনীতিৰ ক্ষেত্ৰখন উত্তাল হৈ পৰিছে। শাসকপক্ষই যদিও তাৰ আগেয়ে চৰকাৰী কাৰ্যসূচী উপলক্ষে আয়োজিত কেইবাখনো বিশাল সভাত নিৰ্বচানী ৰণহুংকাৰ দিছে, তথাপি আচল খেলখন এতিয়াহে আৰম্ভ হ'ব। ৰাজ্য চৰকাৰৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী সোণোৱালে তেওঁৰ কেবিনেটৰ আটাইতকৈ প্ৰভাৱশালী সদস্যজনক লৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে।

Advertisment

ইফালে প্ৰধান বিৰোধী দল কংগ্ৰেছেও দলীয় টিকট প্ৰদানৰ বিষয়টোক লৈ দিল্লীকেন্দ্ৰিক তৎপৰতা ক্ষিপ্ৰ কৰি তুলিছে। কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতৃত্বই ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যৰ প্ৰাৰ্থীৰ তালিকা আংশিকভাৱে হ'লেও প্ৰকাশ কৰিছে। জানিব পৰা মতে, দুই-এদিনতে অসমৰ প্ৰাৰ্থীৰ তালিকাও প্ৰকাশ কৰা হ'ব। সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হোৱা বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলটোৱেও ৰাজ্যৰ সাতটাকৈ সমষ্টিত প্ৰাৰ্থিত্ব দিব বুলি ঘোষণা কৰিছে। অন্য বিৰোধী দল বিশেষকৈ বাওঁপন্থী শিবিৰৰ প্ৰস্তুতি এতিয়ালৈকে গতানুগতিক পৰ্যায়তে আছে।

বাওঁপন্থী দলবোৰে বাওঁ ঐক্যমঞ্চ গঠন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোটাৰক সংঘটিত কৰাৰ কামত লাগি পৰিছে যদিও সকলোবোৰ সমষ্টিতেই প্ৰতিদ্বন্দ্বিতা কৰাৰ জোখাৰে তেওঁলোকৰ সাংগঠনিক ভেটি সবল নহয়। তদুপৰি অন্য প্ৰতিষ্ঠিত শাসকীয় দলবোৰৰ দৰে বাওঁপন্থীয়ে কেৱল দলৰ স্বাৰ্থতহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি চমক সৃষ্টি কৰিবলৈও সম্ভৱ নিবিচাৰে। সৰ্বভাৰতীয় প্ৰেক্ষাপটত বাওঁ শিবিৰৰ নেতৃত্বত যিদৰে মোডী চৰকাৰৰ কৃষক-শ্ৰমিকবিৰোধী কাম-কাজৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ হৈছে সেয়া অসমত হোৱা নাই।

অসমত বাওঁপন্থী দলবোৰৰ জনভিত্তি সক্ৰিয় ৰাজনীতিৰ ক্ষেত্ৰখনত এতিয়াও প্ৰভাৱ বিস্তাৰ কৰিব পৰা পৰ্যায়ত গঢ় লৈ উঠা নাই। নাগৰিকত্ব আইন সংশোধনী বিধেয়কবিৰোধী জনজাগৰণৰ ক্ষেত্ৰত বাওঁপন্থী চিন্তাবিদ, সমাজকৰ্মীসকলৰ ভূমিকা অনস্বীকাৰ্য। তথাপি বাওঁপন্থী দলবোৰে নিৰ্বাচনী ৰাজনীতিত মূল শাসকীয় দলৰ সৈতে ফেৰ মাৰিব পৰা অৱস্থাত নাই। আৰ্থ-সামাজিক ইছ্যুবোৰক লৈ আন্দোলন-প্ৰতিবাদ কৰিলেও অনেক সীমাৱদ্ধতাৰ বাবেই বাওঁশিবিৰে নিৰ্বাচনী ৰাজনীতিত পিচপৰি ৰ'বলৈ বাধ্য হৈ পৰিছে।

অৱশ্যে এইবাৰ লোকসভা নিৰ্বাচনত মোডী চৰকাৰৰ আৰ্থিক নীতি আৰু সাম্প্ৰদায়িক মেৰু বিভাজনমূলক কাম-কাজৰ বিৰুদ্ধে ৰাজ্যৰ কেতবোৰ অঞ্চলত ভোটাৰ ৰাইজক সংগঠিত কৰিবলৈ তেওঁলোকে সক্ৰিয়তা অৱলম্বন কৰিছে। এইধৰণৰ সক্ৰিয়তাই নিৰ্বাচনত কেনেদৰে প্ৰভাৱ পেলাব সেয়া সময়েহে ক'ব। ইফালে ৰাজ্যখনৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্ব এতিয়াও বিজেপিৰ সৈতে পুনৰ নিৰ্বাচনী মিত্ৰতা কৰা-নকৰাক লৈ দোধোৰ-মোধোৰ অৱস্থাত আছে। একমাত্ৰ নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ প্ৰশ্নত বিজেপিৰ সৈতে আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কৰা অগপৰ একাংশ ক্ষমতালোভী নেতাই এতিয়াও গেৰুৱা বাহিনীৰ সৈতে লগলাগি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পাং পাতিছে।

দৰাচলতে আঞ্চলিক দলটোৰ নেতৃত্ব এই দোমোজাৰ প্ৰধান কাৰণ হৈছে তেওঁলোকৰ জাতীয়তাবাদী চিন্তা-চৰ্চাৰ আঁৰত লুকাই থকা আপোচকামী মানসিকতা। ক'বলৈ গ'লে এনে নেতাসকলৰ আদৰ্শগত দুৰ্বলতাৰ বাবেই অসমত জাতীয়তাবাদী শক্তিয়ে পুনৰুত্থানৰ বাট মোকলাব পৰা নাই। এইবাৰৰ লোকসভা নিৰ্বাচনত দেশৰ কেইবাখনো ৰাজ্যত আঞ্চলিক ৰাজনীতিয়ে সৰ্বভাৰতীয় দলবোৰক তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন কৰাইছে। মহাৰাষ্ট্ৰত শিৱসেনা, উত্তৰপ্ৰদেশত সমাজবাদী পাৰ্টি-বহুজন সমাজ পাৰ্টি, তামিলনাডুত ডি েম কে-এ আই এ ডি এম কে, তেলেংগানাত টি আৰ এছ, অন্ধ্ৰপ্ৰদেশত তেলুগু দেশম পাৰ্টী, বিহাৰত আৰ জে ডি-জনতা দল সংযুক্ত, ওড়িশাত বিজু জনতা দল, পশ্চিমবংগত তৃণমূল কংগ্ৰেছে একপ্ৰকাৰ আঞ্চলিক ৰাজনীতিকে সবল ৰূপত দাঙি ধৰিছে।

এইক্ষেত্ৰত তৃণমূল কংগ্ৰেছৰ দৰে দলবোৰে নিজকে সৰ্বভাৰতীয় দল হিচাপে চিনাকি দি আহিছে যদিও সেইবোৰৰ ৰাজনীতি মূলতঃ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদী চিন্তা-চৰ্চাৰ ওপৰতে প্ৰতিষ্ঠিত। কিন্তু অসমত অগপই সেইধৰণৰ ভূমিকা ল'ব পৰা নাই নেতৃত্বৰ দুৰ্বলতাৰ বাবেই। তেওঁলোকে এই কথা অনুধাৱন কৰিবলৈ সক্ষম হোৱা নাই যে বিজেপিৰ আগ্ৰাসী ৰাজনীতিয়ে ৰাজ্যখনত অগপৰ ভেটি উচন কৰিবলৈ লৈছে। এনে অলেখ নেতিবাচক পৰিস্থিতিৰ মাজতো যোৱা সোমবাৰে গুৱাহাটী মহানগৰীত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ উদ্যোগত আয়োজিত 'বিজেপি বিৰোধী জাতীয় অভিৱৰ্তন'ত উপস্থিত হৈ দলটোৰ শীৰ্ষ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰীজনে ঘোষণা কৰিছে যে অসমৰ থলুৱা জাতি-জনগোষ্ঠীৰ স্বাৰ্থতে জনসাধাৰণে লোকসভা নিৰ্বাচনত শাসক পক্ষক পৰাভূত কৰিব লাগিব।

উল্লেখ্য যে উক্ত অভিৱৰ্তনত ৰাজ্যৰ কেইবাজনো প্ৰতিষ্ঠিত চিন্তাবিদ-বুদ্ধিজীৱী, সমাজকৰ্মীকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিবৰ্গই মিলি 'অসম আৰু দেশৰ লগতে গণতন্ত্ৰক বচোৱাৰ স্বাৰ্থ'ত শাসক পক্ষক উৎখাত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। কিন্তু নাগৰিক সমাজৰ এইধৰণৰ তৎপৰতাই নিৰ্বাচনী ৰাজনীতিত কিমান দূৰলৈ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু সেয়া এক ইতিবাচক পদক্ষেপ, সেয়ে আদৰণীয়।