জাতীয় ঐক্যলৈ ভাবুকি

জাতীয় ঐক্যলৈ ভাবুকি

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অথবা এন আৰ চিৰ উন্নীতকৰণৰ বিষয়টোক সৰ্বভাৰতীয় প্ৰেক্ষাপটত ক্ৰমান্বয়ে জটিলতাৰ মাজলৈ ঠেলি দিছে ৰাষ্ট্ৰীয় দলসমূহে। অথচ এক দীৰ্ঘ সময়জুৰি ৰাজ্যৰ ছাত্ৰ সংগঠন, নাগৰিক সমাজকে ধৰি জাতীয় শিবিৰে এন আৰ চিৰ প্ৰশ্নত দূৰদৰ্শিতাৰ পৰিচয় দিছে। সম্পূৰ্ণ খচৰা প্ৰকাশৰ পিছতো ৰাজ্যৰ বিভিন্ন দল-সংগঠনে সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি এখন শুদ্ধ আৰু সম্পূৰ্ণ এন আৰ চিৰ পক্ষে জনমত গঠন কৰিছে।

Advertisment

অসম চুক্তিৰ আইনগত বৈধতাৰ ওপৰত ভিত্তি কৰিয়েই ১৯৭১ চনৰ ২৫ মাৰ্চৰ সময়সীমাক লৈ ৰাজ্যত এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে। সেই সকলো বাস্তৱতাক অস্বীকাৰ কৰি দেশৰ অন্য ৰাজ্য বিশষকৈ সীমামূৰীয়া ৰাজ্য পশ্চিমবংগত শাসকীয় তৃণমূল কংগ্ৰেছে ক'লা দিৱস পালন কৰিছে আৰু অন্য দলবোৰেও অসমৰ এন আৰ চি প্ৰক্ৰিয়াৰ বিৰুদ্ধে সমদল উলিয়াইছে।

এইদৰে এন আৰ চিক লৈ অনাহক মন্তব্যৰ দ্বাৰা সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰে কুটিল ৰাজনীতি অব্যাহত ৰাখিছে। বিড়ম্বনাৰ কথাটো হ'ল- অসমবাসীৰ জাতীয় দলিল হিচাপে চিহ্নিত এন আৰ চিক কেন্দ্ৰ কৰি বিভিন্ন পক্ষই চূড়ান্ত অপপ্ৰচাৰতো লিপ্ত হৈছে। প্ৰশ্ন হয়- এই ৰাজনৈতিক দলবোৰে এন আৰ চিৰ কোনটো বিষয়ৰ বিৰোধিতা কৰিছে? ইয়াৰ সাংবিধানিক তথা ন্যায়িক বৈধতাকো তেওঁলোকে নস্যাৎ কৰিব বিচাৰিছে নেকি?

সৰ্বোচ্চ ন্যায়ালয়ে সম্পূৰ্ণ খচৰা প্ৰকাশৰ পাছতে নিৰ্দেশনা জাৰি কৰিছিল যে- এই তালিকাত অন্তৰ্ভুক্ত নোহোৱা লোকসকলৰ বিৰুদ্ধে যাতে কোনোধৰণৰ প্ৰশাসনিক ব্যৱস্থা লোৱা নহয়। আনকি দেশৰ গৃহ মন্ত্ৰীয়েও আনুষ্ঠানিকভাৱে একেখিনি বক্তব্য ৰাখিছে। তৎস্বত্তেও এন আৰ চিৰ সম্পূৰ্ণ খচৰাত নাম নথকা লোকক মেঘালয়, পশ্চিমবংগ আদি ৰাজ্যত প্ৰৱেশত বাধা আৰোপ কৰা হৈছে বুলি খবৰ ওলাইছে।

অসম-মেঘালয় সীমান্তত আকৌ বেচৰকাৰী সংগঠনৰ নেতৃত্বয়ো এন আৰ চিত নাম থকা-নথকা বিষয়টোক লৈ মানুহৰ ওপৰত তালাচী অভিযান চলাইছে। ই কেনেধৰণৰ কথা! সংশ্লিষ্ট ৰাজ্যৰ প্ৰশাসনৰ অলক্ষিতে এইধৰণৰ কৰ্মকাণ্ড সংঘটিত হোৱাটো এক ধৰণৰ নৈৰাজ্য নহয়নে? অসমৰ এন আৰ চিত বিহাৰী, বাঙালীৰ নাম ষড়যন্ত্ৰমূলকভাৱে বাদ দিয়া হৈছে বুলি অবান্তৰ মন্তব্য কৰা পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়েও তেনেধৰণৰ নিৰ্দেশনা জাৰি কৰিছে বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছে।

কথা হ'ল- এনেধৰণৰ অসাংবিধানিক কাৰ্য সংঘটিত হ'বলৈ পাইছে কিদৰে? এয়া সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰতি চূড়ান্ত অৱমাননা নহয়নে? জানিব পৰামতে সৰ্বোচ্চ ন্যায়ালয়ে সাম্প্ৰতিক পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰিয়েই অহা ৭ আগষ্টৰ দিনা এন আৰ চি সন্দৰ্ভত বিশেষ শুনানি গ্ৰহণ কৰিব। সেইক্ষেত্ৰত সৰ্বোচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত নিশ্চয়কৈ তাৎপৰ্যপূৰ্ণ বিষয়ৰূপে বিবেচিত হ'ব।

উল্লেখযোগ্য যে, এন আৰ চিৰ সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰা প্ৰায় ৪০ লাখ লোকে বিধিগতভাৱে ওজৰ-আপত্তি আদি দাখিল কৰিব পাৰিব। উপযুক্ত নথিপত্ৰৰ দ্বাৰা তেওঁলোকে এন আৰ চিত নাম সুমুওৱাৰ বহু সুযোগ থাকিব। তাৰ পিছতো আনকি তেওঁলোকে আইনগত ব্যৱস্থা হাতত ল'ব পাৰিব। অৰ্থাৎ এন আৰ চিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বলৈ আৰু কিছু সময় লাগিব। কিন্তু তাৰ আগতে ৰাজনৈতিক দলবোৰ বিভ্ৰান্তিকৰ প্ৰচাৰত অসমত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নোহোৱাটো সংশ্লিষ্ট পক্ষই নিশ্চিত কৰিব লাগিব।

এই মুহূৰ্তত আমি সচেতনভাৱে লক্ষ্য কৰিছো যে- নতুন দিল্লীৰ শাসক পক্ষৰ ফালৰ পৰাও এন আৰ চিৰ বিষয়টোক লৈ ক্ষমতাসৰ্বচ্চ ৰাজনীতিৰ লক্ষ্য পূৰণৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত আছে। বিজেপিৰ সহযোগী সংগঠনে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক আৰু সেই সম্পৰ্কীয় কেন্দ্ৰীয় অধিসূচনাৰ আঁৰ লৈ ১৯৭১চনৰ ২৫ মাৰ্চৰ পিছত অহা হিন্দু বাংলাদেশী শৰণাৰ্থীৰ নাম এন আৰ চিত সুমুওৱাৰ বাবে তৎপৰতা চলাইছে।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এন আৰ চিৰ ইছ্যুটো ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিবলৈ উদগ্ৰীৱ হৈ পৰা বিজেপিৰ শীৰ্ষ নেতৃত্বই এহাতে অসমত ৪০ লাখ বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা হৈছে বুলি অপপ্ৰচাৰ চলাইছে। আনহাতে হিন্দু বাংলাদেশীৰ প্ৰশ্নত সাম্প্ৰদায়িক ৰাজনীতিও চলাইছে।

ইফালে কংগ্ৰেছকে ধৰি বিৰোধী দলবোৰেও ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰকৃত সত্য উপলব্ধি নকৰাকৈয়ে নানা অপপ্ৰচাৰ চলাইছে। এইক্ষেত্ৰত লক্ষণীয় বিষয়টো হৈছে- বিভিন্ন সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ মাজত মতৰ সাংঘাতিক ব্যৱধান পৰিলক্ষিত হৈছে। আশ্চৰ্যকৰভাৱে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী আইন বিধেয়কৰ ক্ষেত্ৰত অসমত জনমত সৃষ্টি কৰাৰ দিশত আগৰণুৱাৰ ভূমিকা লোৱা বাওঁপন্থী দলবোৰৰ ক্ষেত্ৰতো সেয়াই প্ৰতীয়মান হৈছে।

এইধৰণৰ বিভ্ৰান্তি-অপপ্ৰচাৰৰ বিৰুদ্ধে অসমৰ গণতান্ত্ৰিক সমাজ ঐক্যবদ্ধভাৱে থিয় দিয়াটোৱেই এই মুহূৰ্তত জৰুৰী দাবী। অন্যথা এন আৰ চিক ৰাষ্ট্ৰীয় ইছ্যু হিচাপে প্ৰক্ষেপ কৰিবলৈ গৈ সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰে অসমৰ জাতীয় ঐক্য থানবান কৰাৰ আশংকা বিদ্যমান হৈ পৰিছে।