/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/editorial-image-2.jpg)
যোৱা সময়ছোৱাত বিভিন্ন গোচৰক কেন্দ্ৰ কৰি ন্যায়ালয়ৰ মজিয়াত কেন্দ্র তথা বিজেপিশাসিত ৰাজ্যসমূহৰ চৰকাৰে বিচাৰপীঠৰ কঠোৰ নিৰ্দেশনাৰ সন্মুখীন হ'বলগা হৈছে। এমাহ আগতে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত প্ৰতিবাদী কৃষকৰ ওপৰত সংঘটিত হিংসাত্মক আক্ৰমণৰ ঘটনাক লৈ সর্বোচ্চ ন্যায়ালয়ে এইবাৰ ৰাজ্য চৰকাৰক পুনৰ ভর্ৎসনা কৰিলে। এইবাৰকে ধৰি বিগত কেইসপ্তাহমানৰ ভিতৰতে উক্ত ঘটনাটোক লৈ তিনিবাৰকৈ সর্বোচ্চ ন্যায়ালয়ে খেদ প্রকাশ কৰিবলগাত পৰিছে।
দুদিন আগতে ৰাজ্য চৰকাৰক নির্দেশ দিবলগা হৈছে যে অইন ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নিৰীক্ষণত লখিমপুৰ খেৰিৰ ঘটনাৰ তদন্ত চলাব লাগিব। এই নির্দেশনাত ন্যায়ালয়ৰ তৰফৰ পৰা স্পষ্টভাবে কোৱা হৈছে যে উক্ত ঘটনাক কেন্দ্র কৰি ৰাজনীতিৰ ৰং সনাটো ন্যায়ালয়ে নিবিচাৰে। সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ঘটনাৰ তদন্ত প্ৰক্ৰিয়াক লৈ ক্ষোভ প্রকাশ কৰিছে আৰু কৈছে যে সেয়া আশানুৰূপভাবে আগবঢ়া নাই।
তাৎপর্যপূর্ণভাৱে ইয়াৰ আগতে গোচৰটোৰ শুনানি প্ৰক্ৰিয়াত ন্যায়ালয়ে ৰাজ্য চৰকাৰ তথা সংশ্লিষ্ট পক্ষক অনুসন্ধান প্ৰক্ৰিয়াৰ সমস্ত তথ্য-পাতিসহ 'ষ্টেটাছ ৰিপ'ৰ্ট' দাখিল কৰিবলৈ সময়সীমা বান্ধি দিছিল। যোৱা ৮ নৱেম্বৰৰ দিনা ঘোষিত ৰায়ত মুখ্য ন্যায়াধীশৰ লগত খণ্ড বিচাৰপীঠৰ আন ন্যায়াধীশসকলে মন্তব্য কৰে যে মূল অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থতে লখিমপুৰ খেৰিত হোৱা কৃষক হত্যা আৰু তাৰ প্রতিক্রিয়াস্বৰূপে সংঘটিত হিংসাত্মক ঘটনাৰ এফ আই আৰ অৰ্থাৎ এজাহাৰ দুখনৰ এখনৰ ওপৰত আনখন জাপি দিয়াৰ চেষ্টা চলোৱা হৈছে বুলি ধাৰণা হৈছে।
ন্যায়ালয়ৰ মজিয়াত উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ অধিবক্তাই নানা যুক্তি দিয়ে যদিও বিচাৰপীঠে সেই যুক্তিত হয়ভৰ নিদিলে। উল্লেখ্য যে কিছুদিন আগতে লখিমপুৰ খেৰিত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্রৰ কনভয়ে চাৰিগৰাকীকৈ খেতিয়কক মহটিয়াই নিছিল আৰু উক্ত ঘটনাত মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ আশিস মিশ্রৰ নামো সাঙোৰ খাই পৰিছিল।
বিভিন্ন সংবাদ মাধ্যমত আনকি এই কথাও চৰ্চা হৈছিল যে মন্ত্রীপুত্ৰই কৃষকৰ ওপৰত গুলীচালনাও কৰিছিল। সেই সময়ত সমগ্ৰ ঘটনাটোৰ ভিডিঅ' ছ'চিয়েল মিডিয়াতো ভাইৰেল হৈছিল। সংযুক্ত কিষাণ মৰ্চাই গৃহ ৰাজ্যমন্ত্ৰী মিশ্ৰৰ পদত্যাগৰ দাবী উত্থাপন কৰিছিল। দৰাচলতে পঞ্জাব আৰু হাৰিয়ানাৰ পিচত কৃষকৰ অবিৰত আন্দোলন পশ্চিম উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চললৈ বিয়পি পৰিছে।
বিশেষকৈ সেই অঞ্চলৰ জাট সম্প্ৰদায়ৰ কৃষকসকলে সম্প্রতি চৰকাৰবিৰোধী অৱস্থান লৈ যোগী আদিত্যনাথ চৰকাৰক তীব্র প্রত্যাহ্বান জনাইছে। এমাহমান আগতে মুজাফফনগৰত আয়োজিত প্রতিবাদী কৃষকৰ বিশাল মহাপঞ্চায়তৰ সমাবেশতে হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ কৃষকে মিলি শাসকপক্ষৰ বিৰুদ্ধে শ্ল'গান দিছিল আৰু কৃষক নেতা ৰাকেশ টিকায়েটে আগত বিধানসভা নির্বাচনত বিজেপিক হৰুওৱাৰ হুমকিও দিছিল। তাৰ পিচৰ পৰাই মুখ্যমন্ত্রী যোগী আদিত্যনাথকে ধৰি বিজেপিৰ শীর্ষ নেতৃত্ব শংকিত হৈ পৰিছে।
বিশেষকৈ ৰাকেশ টিকায়েটৰ দৰে জনপ্ৰিয় কৃষক নেতাই পশ্চিম উত্তৰ প্ৰদেশত শাসকীয় বিজেপিৰ দুর্ভাবনা বঢ়াই তুলিছে। দৰাচলতে প্রথমফালে উত্তৰ প্ৰদেশ চৰকাৰৰ ফালৰ পৰা যিমান পাৰি দিল্লীৰ সীমান্ত অঞ্চলত সংগঠিত কৃষক আন্দোলনৰ পৰা এক নিৰাপদ দুৰত্বত অবস্থান লোৱাৰ চেষ্টা চলোৱা দেখা গৈছিল। কিন্তু যেতিয়া এই আন্দোলনৰ প্ৰভাৱ পশ্চিম উত্তৰ প্রদেশতো পৰিবলৈ ল'লে, তেতিয়া মোডী চৰকাৰৰ থৰকাছুটি হেৰোৱাৰ উপক্রম ঘটিল।
সেইবাবেই সচৰাচৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিত অভ্যস্ত মুখ্যমন্ত্রী আদিত্য নাথে এতিয়া কৈৰানাৰ দৰে ঠাইলৈ গৈ হিন্দু-মুছলমানৰ প্ৰসংগ উত্থাপন কৰিছে। কৈৰানাত কিছু বছৰ আগতে মুছলমানৰ ভয়ত হিন্দু ধর্মীয় লোকে পলায়ন কৰিবলগাত পৰিছিল বুলি একাংশ সংবাদ মাধ্যমত জোৰদাৰ প্ৰচাৰ চলিছিল। মুখ্যমন্ত্ৰীয়ে কৈৰানাত গৈ মুজাফৰনগৰৰ সাম্প্রদায়িক সংঘৰ্ষৰ কথা দোহাৰিছে।
গতিকে দেখা গৈছে যে কৃষক-নিবনুৱা অথবা ক'ভিড মহামাৰীত বিধ্বস্ত নিম্ন মধ্যবিত্ত দুখীয়াৰ কৰ্মসংস্থানৰ দৰে ইছ্যুবোৰক তল পেলাই ৰাখি বিগত বিধানসভা নিৰ্বাচনৰ দৰে উত্তৰ প্ৰদেশত পুনৰ এক ধর্মীয় মেৰুকৰণকেন্দ্রিক ৰাজনীতিৰ আখৰা ইতিমধ্যেই আৰম্ভ হৈছে। কিন্তু এই ৰাজনীতিক লৈ নানা প্রত্যাহ্বানৰো মুখামুখি হ'বলগীয়াত পৰিছে যোগী বাহিনী।
আনকি দলৰ মজিয়াতো তেওঁৰ চৰকাৰৰ বাৰ্থতাক লৈ প্রশ্ন উত্থাপন কৰা হৈছে। অলপতে উত্তৰ প্ৰদেশৰে প্রবীণ ৰাজনীতিক তথা মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে মুকলিভাৱে কৃষক আন্দোলনৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰিছে। তেওঁ কৈছে যে এটা সাধাৰণ জন্তুৰ মৃত্যু হ'লে নতুন দিল্লীৰ চৰকাৰে শোক প্রকাশ কৰিবলৈ নাপাহৰে, কিন্তু কৃষক আন্দোলনত ছহিদ হোৱা ৬০০ খেতিয়কৰ হৈ প্রার্থনা জনাবলৈ লোকসভাত এটি শোকপ্রস্তাব উত্থাপন কৰিব নোৱাৰে তেওঁলোকে।
তেওঁ এই কথাও কৈছে যে কৃষকৰ হৈ থিয় দিয়াৰ বাবে যদি তেওঁক ৰাজ্যপালৰ পদবীৰ পৰা অপসাৰিত কৰা হয়, তেন্তে তাৰ বাবে তেওঁৰ কোনো খেদ নাথাকিব। সম্প্রতি বিজেপিৰ এগৰাকী বর্ষীয়ান নেতা হিচাপে সুদীর্ঘকাল দেশসেৱাত নিয়োজিত ৰাজ্যপালগৰাকীৰ এই বক্তব্যই হয়তো উত্তৰ প্ৰদেশ চৰকাৰৰ লগতে মোডী চৰকাৰৰ কৃষকবিৰোধী অৱস্থানকে পুনৰবাৰ প্রতীয়মান কৰিলে। কিন্তু ইয়াৰ প্ৰভাৱ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত কিমান দূৰ পৰিব, সেয়া অৱশ্যে সময়েহে নিৰ্ধাৰণ কৰিব।