স্বৈৰাচাৰী পদক্ষেপ

স্বৈৰাচাৰী পদক্ষেপ

যুটীয়া সংসদীয় সমিতিয়ে যোৱা ৩১ ডিচেম্বৰত অসমৰ বাবে ভয়ংকৰ দলিলসদৃশ নাগৰিকত্ব আইন সংশোধনী বিধেয়কখনত ভোটৰ ভিত্তিত অনুমোদন জনাই এক অৰ্থত অসমবাসীৰ জাতীয় অনুভূতিত পদাঘাত কৰিলে। লগে লগে প্ৰমাণিত হ'ল যে এই বিষয় লৈ ২০১৬চনৰ পৰা যুটীয়া সংসদীয় সমিতিৰ নামত যিবোৰ কৰ্মকাণ্ড চলি আছিল, সেয়া আচলতে নাটকহে আছিল। ভাৰতীয় সংবিধানৰ মূল চৰিত্ৰকে নস্যৎ কৰি ধৰ্মৰ নামত নাগিৰকত্ব প্ৰদানৰ যি কচৰৎ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনে চলাইছে, তাত যুটীয়া সংসদীয় সমিতিয়ে ছীল-মোহৰহে মাৰি দিলে৷

যিহেতুকে যুটীয়া সংসদীয় সমিতিখন সকলো প্ৰধান ৰাজনৈতিক দলৰ প্ৰতিনিধিক লৈ গঠিত, গতিকে বিজেপিৰ এই ধৰ্মীয় এজেণ্ডাত প্ৰকাৰান্তৰে ধৰ্মনিৰপেক্ষ বুলি কৈ থকা কংগ্ৰেছকে ধৰি অন্যান্য দলবোৰৰো অনুমোদন সাব্যস্ত হ'ল৷ এতিয়া সংসদত এই বিধেয়কখন গৃহীতকৰণৰ বাধা নোহোৱা হৈ পৰিল৷ কাৰণ যুটীয়া সংসদীয় সমিতিয়ে অনুমোদন দিয়াৰ পিচত সংসদত যিকোনো বিৰোধী সদস্যই তাল-আফাল লগালেও তাৰ বাস্তৱ মূল্য একো নাথাকিব৷ যুটীয়া সংসদীয় সমিতিৰ নামত যোৱা সময়চোৱাত এটা কথায়েই প্ৰতিপন্ন হ'ল যে বিজেপিয়ে নিজৰ গেৰুৱা এজেণ্ডাক বাস্তৱায়িক কৰাৰ লক্ষ্যৰে অনা নাগৰিকত্ব আইন সংশোধনী বিধেয়কখনৰ ক্ষেত্ৰত অসমৰ কংগ্ৰেছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসাধাৰণক দেখুৱাই প্ৰতিবাদ কৰিলেও, এই বিতৰ্কিত বিধেয়কখনক তেওঁলোকে ৰাজনৈতিক অস্ত্ৰ হিচাপেহে ব্যৱহাৰ কৰাৰ কৌশল গ্ৰহণ কৰিছে৷

বৰাক উপত্যকাৰ এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে বিজেপিৰ এই এজেণ্ডাৰ প্ৰতি প্ৰকাৰান্তৰে সমৰ্থন দি, বিধেয়কখনৰ সপক্ষে বৰাক উপত্যকাত জনমত গঠনৰ পৃষ্ঠপোষকতা কৰি বৰাক-ব্ৰহ্মপুত্ৰৰ সংঘাত যুটীয়া সংসদীয় সমিতিৰ সন্মুখত উন্মোচিত কৰাৰ চেষ্টা কৰি প্ৰমাণ কৰি দিলে তেওঁলোকৰ 'ধৰ্মনিৰপেক্ষ'তাৰ চৰিত্ৰ কি! যাৰ বাবে যুটীয়া সংসদীয় সমিতিয়ে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনতাৰ প্ৰতিবাদক অংগুষ্ঠ দেখুৱাই জাতিধ্বংসী বিধেয়কখনত অনুমোদন দিবলৈ সাহস কৰিলে৷ সেই কংগ্ৰেছ নেত্ৰীগৰাকী কেৱল বৰাক উপত্যকাৰে নেত্ৰী নহয়, তেওঁ ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা যুটীয়া সংসদীয় সমিতিৰো এগৰাকী সদস্য৷ গতিকে তেওঁৰ ভূমিকা কংগ্ৰেছৰ নীতিৰেই বহিৰ্প্ৰকাশ৷

যি কি নহওঁক, ৰাজনৈতিক দলবিলাকৰ এনে ন্যস্তস্বাৰ্থজড়িত ৰাজনীতিৰ পৰিণতিতে জাতিধ্বংসী নাগৰিকত্ব বিধেয়কখনে যুটীয়া সংসদীয় সমিতিৰ অনুমোদন লাভ কৰি এটা জটিল পৰ্যায় অতিক্ৰম কিলে৷ এতিয়া সংসদত ইয়াৰ গৃহীত কৰণ যিকোনো মুহূৰ্ততে সম্ভৱ হ'ব বিজেপিৰ সংখ্যাধিক্যতাৰ পৰিপ্ৰেক্ষিতত৷ মুঠতে এতিয়া বল বিজেপিৰ ক'ৰ্টত৷ কিন্তু চৰম পৰিহাসৰ কথাটো হ'ল- কেন্দ্ৰৰ যিখন বিজেপি চৰকাৰে উত্তৰ-পূবক 'অষ্টলক্ষ্মী' বুলি কয়, ইয়াৰ বিকাশ হ'লেহে দেশৰ বিকাশ হ'ব বুলি শুৱলা বাক্যৰ ভাষণেৰে জনতাক সন্মোহিত কৰাৰ চেষ্টা কৰে, সেই চৰকাৰে এবাৰো ভাবি চোৱা নাই বিধেয়কখনে এই ভূখণ্ডৰ জনগাঁথনিত কি সাংঘাতিক প্ৰভাৱ পেলাব৷

চৰকাৰখনে এবাৰলৈও গুৰুত্ব দিব খোজা নাই ইয়াৰ মানুহৰ অনুভৱখিনিক৷ কিয় দল-মত নিৰ্বিশেষে অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে হিন্দু বাংলাদেশীৰ সংস্থাপনৰ বিৰোধিতা কৰিছে, সেই পৰিস্থিতিক অনুধাৱন কৰিবলৈ চেষ্টা কৰা নাই চৰকাৰখনে৷ যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষগৰাকীৰ আচৰণত চৰকাৰখনৰ অসমৰ প্ৰতি থকা স্বৈৰাচাৰী দৃষ্টিভংগীয়েই প্ৰতিফলিত হৈছে৷ বিজেপি নেতৃত্বৰ ভাৰতীয় আধিপত্যবাদী মনোভাৱ নথকা হ'লে তেওঁলোকে অন্ততঃ অসমবাসীৰ, বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনতাৰ প্ৰতিবাদ অনুধাৱনৰ চেষ্টা কৰিলেহেঁতেন৷ ডেৰ শতিকাজোৰা অবিৰত প্ৰব্ৰজনে এই অঞ্চলত ঘটোৱা জনসংখ্যাৰ বিস্ফোৰণৰ লগে লগে ভৌগালিক, সামাজিক, সাংস্কৃতিক জাতীয়তাবাদৰ প্ৰবক্তা আৰএছ এছ-বিজেপিয়ে উত্তৰ-পূবৰ মৌলিক চাৰিত্ৰিক বৈশিষ্ট্য হৃদয়ংগম কৰিব নোৱাৰে৷

উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, গুজৰাটৰ হিন্দী বলয়ৰ বৃত্তৰ পৰা তেওঁলোকে কথাবোৰ চিন্তা কৰে আৰু তেওঁলোকৰ সিদ্ধান্ত জাপি দিব খোজে প্ৰান্তীয় অঞ্চলবোৰত৷ বাংলাদেশীৰ আগ্ৰাসন হিন্দী বলয়ৰ সমস্যা নহয় বাবেই তেওঁলোকে পক্ষপাতিত্বমূলক বিধেয়কখনক আইনত পৰিণত কৰাৰ প্ৰক্ৰিয়াটোত এই প্ৰান্তৰ মানুহৰ আৱেগ-অনুভূতি তথা বাস্তৱ সংকটক উপেক্ষা কৰি স্বৈৰাচাৰিতা প্ৰদৰ্শনৰ স্পৰ্ধা কৰিছে৷ সেয়েহে বিধেয়কখন বাতিলৰ কথা বাদেই, অসম তথা উঃ পূবৰ জনতাৰ আৱেগ-অনুভূতিক সন্মান জনাই কেইগৰাকী বিৰোধী পক্ষৰ সদস্যই অনা সংশোধনী গ্ৰাহ্য কৰাৰ সৌহাৰ্দ্যও জেপিচিৰ বিজেপি সদস্যসকলে প্ৰদৰ্শন নকৰিলে৷

এতিয়া সংসদত বিজেপিৰ সংখ্যাৰ জোৰ আছে, গতিকে বিজেপিয়ে উঃ পূবৰ অনুভূতিক গুৰুত্ব নিদিয়াকৈ তেওঁলোকৰ ঈপ্সিত বিধেয়কখন আইনত পৰিণত কৰাৰ পদক্ষেপ ল'ব পাৰে, কিন্তু তেওঁলোকে মনত ৰখা উচিত যে এনে এক সিদ্ধান্তই ভাৰতৰ লগত অসম তথা উঃপূবৰ সংঘাতক নতুন মাত্ৰা প্ৰদান কৰিব৷ নাগৰিকত্ব বিধেয়ক আৰু বিদেশীমুক্ত নাগৰিকপঞ্জী- এই দুটা বিষয়ৰ ওপৰত অসমৰ ভৱিষ্যৎ যিহেতুকে নিৰ্ভৰ কৰিছে, গতিকে বিজেপিয়ে এই দুয়ো ক্ষেত্ৰত কি ভূমিকা পালন কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব বিজেপিৰ সৈতে অসমৰ থলুৱা জনতাৰ সম্পৰ্কৰ ভৱিষ্যৎ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in