দুৰ্যোগ-দুৰ্ঘটনা

দুৰ্যোগ-দুৰ্ঘটনা

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

দুৰ্যোগ প্ৰশমন আৰু দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত যোৱা সময়ছোৱাত ৰাজ্যখনত সংঘটিত কিছুমান ঘটনাই চৰকাৰৰ ব্যৰ্থতা উদঙাই দিছে। শেহতীয়াভাৱে দিখৌ নদীৰ দুৰ্ঘটনা আৰু ব্ৰহ্মপুত্ৰৰ বুকুত ইঞ্জিনচালিত নাও বুৰ গৈ সৃষ্টি হোৱা শোকাৱহ ঘটনাৰ পৰিপ্ৰেক্ষিততে এই কথা পুনৰ প্ৰাসংগিক হৈ পৰিছে। যদিও ভবা হয় যে অসাৱধানতাৰ ফলতে দুৰ্ঘটনাবোৰ সংঘটিত হয়, তথাপি ইয়াৰ আঁৰত যে সংশ্লিষ্ট পক্ষৰ অনিয়ম-অনীতিৰ কাৰকেও ক্ৰিয়া কৰি আহিছে, সেই কথা অস্বীকাৰ কৰাৰ উপায় নাই।

Advertisment

উত্তৰ গুৱাহাটীত যাত্ৰীৰে ভৰি থকা ইঞ্জিনচালিত নাওখনৰ হঠাতে ইঞ্জিন বন্ধ হোৱা আৰু তাৰ পাছত সেইখন উটি গৈ 'জাইকা'ৰ পানী যোগান প্ৰকল্পত লাগি চূৰ্ণ-বিচূৰ্ণ হোৱা ঘটনাই প্ৰশাসনৰ চূড়ান্ত অনিয়মৰ কথা পোহৰলৈ আনিছে। প্ৰথম কথা- ৰাজ্য চৰকাৰৰ অধীনত আভ্যন্তৰীণ জল পৰিবহণ বুলি যিটো বিভাগ আছে, তাৰ কাম-কাজৰ চোৱা-চিতা তথা পৰ্যবেক্ষণ কৰাৰ দায়িত্বত থকা দায়িত্বশীল বিষয়া-কৰ্মচাৰীসকলক এতিয়া জবাবদিহি কৰা হ'ব নে নহয়? এনে এটা অকৰ্মণ্য বিভাগ কিদৰে চলি আছে?

যাত্ৰীৰ জীৱন বিপদাপন্ন কৰি নীতি বহিৰ্ভূতভাৱে প্ৰতিদিনে ইঞ্জিনচালিত নাওবোৰ চলোৱাৰ অনুমোদন দিয়া চৰকাৰী কৰ্মচাৰীসকলক কোনে নিয়ন্ত্ৰণ কৰিছে, সেয়াও ভাবি চাবলগীয়া বিষয়। জানিব পৰা মতে উক্ত বিভাগটোক একাংশ উচ্চপদস্থ বিষয়াই পূৰ্বৰে পৰাই লুণ্ঠনৰ থলী হিচাপে ব্যৱহাৰ কৰি আহিছে। নামতহে আভ্যন্তৰীণ জল পৰিবহণ বিভাগ।

কিন্তু কাৰ্যক্ষেত্ৰত অসমৰ নদ-নদীবোৰত জল পৰিবহণৰ কোনো সু-বন্দৱস্তই নাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত যাতায়াতৰ নামত ফেৰীসেৱা চলাই থকা হৈছে যদিও সেইবোৰতো একাংশ ব্যক্তিগত মালিকানাধীন ইঞ্জিনচালিত নাৱক কামত লগোৱা হৈছে। অৰ্থাৎ নদী-নদীৰে ভৰা অসমৰ দৰে ৰাজ্যখনত আভ্যন্তৰীণ জল পৰিবহণৰ যথেষ্ট সম্ভাৱনা আছে যদিও ৰাজ্য চৰকাৰে বিষয়টোক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি আহিছে।

এই বিভাগটোৰ অধীনতথকা কিমানখন জাহাজ, নাও আদি জহি-খহি গৈছে, তাৰ হিচাপ লওঁতাও কোনো নাই। মাজুলী, ধুবুৰী, জলেশ্বৰ, ঢকুৱাখানা, ডিব্ৰুগড় আদি ঠাইত বিপজ্জনকভাৱে চলি আছে তথাকথিত ফেৰীসেৱা। তেনেস্থলত প্ৰতিমূহূৰ্ততে জীৱন বিপদাপন্ন কৰি ইঞ্জিনচালিত নাৱেৰে নদী পাৰ হোৱা জনসাধাৰণৰ নিৰাপত্তাৰ  দিশটো চোৱা-চিতা কৰিব কোনে? ইয়াৰ আগতেও ব্ৰহ্মপুত্ৰৰ বুকুত কেইবাটাও ফেৰী অথবা নাও দুৰ্ঘটনা হৈ গৈছে। বহু লোকৰ প্ৰাণহানিও হৈছে।

তেনে দুৰ্ঘটনাৰ সঠিক তদন্ত যিদৰে আজিলৈকে হোৱা নাই, সেইদৰে তাৰ পুনৰাবৃত্তি নহ'বৰ বাবে বিশেষ ব্যৱস্থাও লোৱা হোৱা নাই। একো একোটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰসাসনৰ বিষয়া-কৰ্মচাৰী, বিভাগীয় মন্ত্ৰী, বিধায়ক আদিয়ে গৈ জনসাধাৰণক আশ্বস্ত কৰাটো গতানুগতিক বিষয় হৈ পৰিছে. আচলতে দুৰ্যোগ-দুৰ্ঘটনা আদিৰ ক্ষেত্ৰত চৰকাৰে কোনো এটা কথাই গুৰুত্বসহকাৰে লোৱা পৰিলক্ষিত হোৱা নাই।

আমি অকল আভ্যন্তৰীণ জল পৰিবহণ বিভাগটোৰ কথাই ক'ব বিচৰা নাই, অসমৰ প্ৰতিটো চৰকাৰী বিভাগত চলি থকা দুৰ্নীতি-অনিয়মৰ ফল ভোগ কৰিবলগাত পৰিছে জনসাধাৰণে। উত্তৰ গুৱাহাটীৰ দুৰ্ঘটনাটোত নিহত এগৰাকী ছাত্ৰীৰ পিতৃয়ে অভিযোগ কৰাৰ দৰে 'জাইকা'ৰ দৰে বহুজাতিক প্ৰতিষ্ঠানক নীতি বহিৰ্ভূতভাৱে কাম কৰাৰ অনুমোদন দিয়া হৈছিল নেকি? তেওঁৰ মতে, যিখিনি ঠাইত প্ৰকল্পৰ খুঁটাবোৰ নিৰ্মাণ কৰা হৈছে, প্ৰথমতে হেনো সেয়া উপযুক্ত স্থান হিচাপে অনুমোদিত হোৱা নাছিল। এইধৰণৰ গুৰুত্বপূৰ্ণ বিষয়ৰ তদন্ত হোৱা উচিত।

বিদেশৰ পৰা লোৱা ঋণৰ টকাৰে চলি থকা নিৰ্মীয়মান প্ৰকল্পবোৰৰ কাম-কাজৰ পুনৰীক্ষণ পোৱাৰ প্ৰয়োজন সৰ্বাধিক। এই ক্ষেত্ৰত হোৱা দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ তদন্তৰ গতি লেহেমীয়া হোৱাটোও দুৰ্ভাগ্যজনক। দেখা গৈছে যে, ৰাজ্যৰ চৰকাৰবোৰে ৰাজ্যখনত ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি হোৱা দুৰ্ঘটনা, বিশেষকৈ পথ দুৰ্ঘটনাবোৰ ৰোধ কৰাৰ ক্ষেত্ৰতো আজিলকে ফলপ্ৰসূ ব্যৱস্থা হাতত লোৱা নাই।

বৰ্তমানৰ অত্যাধুনিক প্ৰযুক্তিৰ যুগত চৰকাৰে দুৰ্যোগ প্ৰশমন বিভাগ তথা এছ ডি আৰ এফৰ দৰে সংস্থাবোৰক উন্নতমানৰ আন্তঃগাঁথনিৰে গঢ় দিয়াৰ ক্ষেত্ৰতো পিছপৰি আছে। বিশেষকৈ অন্য ৰাজ্যৰ তুলনাত। ইফালে, ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথবোৰৰ জৰাজীৰ্ণ অৱস্থায়ো প্ৰতিদিনে সংঘটিত পথ দুৰ্ঘটনাবোৰৰ ক্ষেত্ৰত এক অনুকূল পৰিবেশৰ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে ৩১ নং ফ'ৰলেন চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম অতি নিম্নমানৰ হৈছে বুলি ইতিমধ্যে সংবাদ মাধ্যমতো চৰ্চা হৈছে।

সম্প্ৰতি ফ'ৰলেন ৰাষ্ট্ৰীয় ঘাইপথটোৰ ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। চহৰাঞ্চলৰ গুৰুত্বপূৰ্ণ ঠাইবোৰত পথৰ ইটো ফালৰ পৰা আনটো ফাললৈ পাৰ হোৱাৰ বাবে সুব্যৱস্থা নাই। আজি কিছুবছৰ ধৰি ফ'ৰলেন হাইৱেত অভাৱনীয় হাৰত দুৰ্ঘটনা বৃদ্ধি হোৱাৰ মূল কাৰণটোৱেই হৈছে অবিজ্ঞানসন্মত নিৰ্মাণ ব্যৱস্থা। বোধহয় অসমৰ দৰে ৰাজ্যতহে এনে নিৰ্মাণকাৰ্য সম্ভৱ। কাৰণ ইয়াৰ জনসাধাৰণেও প্ৰতিবাদ নকৰে আৰু চৰকাৰো উদাসীন।

তাৎপৰ্যপূৰ্ণভাৱে পথ দুৰ্ঘটনাৰোধ কৰাৰ ক্ষেত্ৰত জনসাধাৰণ আৰু চালকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ দিশতো চৰকাৰৰ এতিয়ালৈকে কোনো স্পষ্ট নীতি নাই। সামগ্ৰিকভাৱে এই দুৰ্যোগময় পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ হ'লে ৰাইজ অধিক সক্ৰিয় আৰু সজাগ থকাৰ প্ৰয়োজন আহি পৰিছে।