/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
আমি পাহৰিলে নচলিব যে অসম চুক্তিৰ ৩২ বছৰ পিছত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰাৰ পিছতহে অসমত এন আৰ চি প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে। এই ৩২ বছৰে শাসকগোষ্ঠীয়ে বিষয়টোক গেঁঠেলা মাৰি ৰাখিছিল। আজি বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে টলকিব পাৰিছে যে এন আৰ চি হ'ল অসম চুক্তিৰ আত্মা! পিছে শ্বাহে সেই কথা উপলব্ধি কৰিবলৈ ৩২ বছৰ লাগিল!
অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছৰ এই সময়ছোৱা বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰেও প্ৰায় এটা যুগ অৰ্থাৎ এক দশকৰো অধিক কাল দেশ শাসন কৰিলে। কেৱল কংগ্ৰেছ অথবা অন্য বিৰোধী দলক দোষাৰোপ কৰি আমি বিষয়টোৰ বাস্তৱতাৰ পৰা আঁতৰি আহিব বিচৰা নাই। অবৈধ বিদেশীৰ চিনাক্তকৰণ, অসম-বাংলাদেশ সীমান্তৰ সুৰক্ষা আদি প্ৰশ্নত কোনো এটা দলেই অসমৰ জনসাধাৰণক আশ্বস্ত কৰিব পৰা নাছিল। অৱশ্যে মোদী চৰকাৰৰ বিগত ৪ বছৰীয়া কাৰ্যকালতে বাংলাদেশৰ সৈতে স্থল-ৰে'লপথৰ যাতায়াত ব্যৱস্থা আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্যৰ সুবন্দৱস্ত কৰা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ কাম-কাজৰ প্ৰশংসা কৰিয়েই ক্ষান্ত থকা নাই। বৰং তেওঁ কেইবাবাৰো বাংলাদেশলৈ গৈ ৰাজআতিথ্য গ্ৰহণ কৰিছে। বাংলাদেশক আৰ্থিক সাহায্য দিছে। তাত বিশেষ অৰ্থনৈতিক পৰিমণ্ডল স্থাপন কৰাৰ চুক্তি সম্পাদন কৰিছে। আৰু কত কি! কিন্তু অসম তথা দেশত থকা বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি চমজাই দিয়াৰ বাবে এখন পত্যৰ্পণ চুক্তি সম্পাদন কৰাৰ ক্ষেত্ৰত তেওঁ সামান্যতম প্ৰচেষ্টাও নচলালে।
আজি অসমত এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ পিছত বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে পৰিস্থিতিৰ সৈতে খাপ খুৱাই ৰাজহুৱাভাৱে যি মন্তব্য কৰিছে, সচেতন মহলে তাৰ গূঢ়াৰ্থ বুজিবলৈ বাকী নাই। এই খচৰাৰ বাদ পৰা প্ৰায় ৪০ লাখ লোকক বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি শ্বাহে অহা লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে।
প্ৰশ্ন হয়- অসমৰ ৪০ লাখ বাংলাদেশীক বিজেপি চৰকাৰে চিনাক্ত কৰা বুলি কৈ সমগ্ৰ দেশতে পুনৰ এক সাম্প্ৰদায়িক মেৰুকৰণ কৰিব বিচাৰিছে নেকি? কাৰণ সেই একেজন নেতা, একেটা দলে ২০১৪ চনলৈ অবৈধভাৱে অসমত সোমোৱা বাংলাদেশী হিন্দু লোকক দেশৰ নাগৰিকত্ব দিয়াৰ বাবে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ পক্ষে জনমত গঠন কৰিছে।
অসমৰ থলুৱা জাতি-জনগোষ্ঠীৰ মাজৰ ঐতিহাসিক শান্তি-সম্প্ৰতি বিনষ্ট কৰিবলৈ এন আৰ চিৰ সম্পূৰ্ণ খচৰাৰ পৰা নানা কৰাণত বাদ পৰা লোকক বাংলাদেশী অনুপ্ৰৱেশকাৰী বোলাটো যিদৰে অবান্তৰ কথা, সেইদৰে শাসক দলটোৰ অসমপ্ৰীতিৰ নমুনাও ইতিমধ্যে আমি বহুবাৰ প্ৰত্যক্ষ কৰিছো। যি সময়ত অসমৰ ৰাইজে এখন শুদ্ধ আৰু সম্পূৰ্ণ এন আৰ চিৰ জৰিয়তে জলন্ত সমস্যাটোৰ সমাধান বিচাৰিছে, সেই সময়তে সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰে ৰাজ্যখনত এক সংঘাতময় পৰিস্থিতি সৃষ্টি কৰিবলৈ অহৰহ অপচেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এয়া অত্যন্ত গুৰুতৰ বিষয়। নিশ্চিতভাৱে এন আৰ চিৰ প্ৰক্ৰিয়াক লৈ দেশজুৰি যি বিতৰ্ক চলিছে তাৰ আঁৰত ৰাষ্ট্ৰীয় ৰাজনীতিৰ বিভিন্ন দিশ জড়িত হৈ পৰিছে।
এই মুহূৰ্তত সৰ্বভাৰতীয় পৰ্যায়ত বিজেপিয়ে এন আৰ চিৰ পক্ষে অৱস্থান লোৱা আৰু কংগ্ৰেছকে ধৰি অন্য দলবোৰে বিজেপিক বাংলাদেশী মুছলমানবিৰোধী বুলি আখ্যা দিয়া- এইবোৰ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত তৎপৰতাত বাহিৰে আন একো নহয়। প্ৰকৃত সত্যটো হ'ল- কোনেও অসমৰ বাস্তৱ পৰিস্থিতিৰ ওপৰত বস্তুনিষ্ঠ অধ্যয়ন চলোৱা নাই।
অসমৰ জাতীয় সংগঠন, ছাত্ৰ আৰু নাগৰিক সমাজে ধৰ্মনিৰপেক্ষ দৃষ্টিভংগীৰ অবৈধ বিদেশী নাগৰিকৰ সমস্যাটো সমাধান কৰাৰ বাবেই এন আৰ চি সন্দৰ্ভত জাতীয় সহমত উপনীত হৈছে। সেই কথাটোৱেই সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰে নস্যাৎ কৰিব বিচাৰিছে। এইক্ষেত্ৰত সমাজ-ৰাজনীতিৰ বৈজ্ঞানিক দৃষ্টিভংগী পোষণ কৰা বাওঁপন্থী দলবোৰেও অসমৰ জনসাধাৰণৰ মতামত আৰু পৰিস্থিতিৰ সঠিক বিশ্লেষণ কৰাত ব্যৰ্থ হৈ পৰাটো অতিকৈ দুৰ্ভাগ্যৰ বিষয় হিচাপে পৰিগণিত হৈছে।
কাৰণ ইয়াৰ দ্বাৰা এন আৰ চি প্ৰসংগত অসমৰ অসমৰ ধৰ্মনিৰপেক্ষ তথা গণতান্ত্ৰিকভাৱে জনসাধাৰণক সংগঠিত কৰা প্ৰগতিশীল মহলৰ ভূমিকাকে অস্বীকাৰ কৰাৰ দৰে হৈছেগৈ। স্বাভাৱিকতে বিদেশী নাগৰিকৰ সমস্যাটোক লৈ অসমত দিল্লীৰ বিভাজনমুখী শাসন ব্যৱস্থা অব্যাহত ৰাখিবলৈ বিচৰা শক্তিবোৰ এই ক্ষেত্ৰত উৎসাহী হৈ পৰিছে।
অসমৰ দৰে এখন ৰাজ্যৰ জাতীয় সমস্যা সমাধানৰ প্ৰশ্নটোত ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক তথা প্ৰগতিশীল মহলক একাষৰীয়া কৰি ৰাখিব পাৰিলেই তেওঁলোকৰ সাম্প্ৰদায়িক এজেণ্ডাবোৰ ফলৱতী হোৱাৰ বাট মুকলি হ'ব। সেয়েহে, অসমীয়া জাতিৰ হিত চিন্তাকাৰীসকল ইয়াৰ বিৰুদ্ধে অধিক সজাগ থাকিব লাগিব।