হিমন্ত বিশ্ব শৰ্মাই ভংগ কৰিছে নিৰ্বাচনী আচৰণ বিধি ! উপায়ুক্তক তদন্তৰ নিৰ্দেশ নিৰ্বাচনী আয়োগৰ…

হিমন্ত বিশ্ব শৰ্মাই ভংগ কৰিছে নিৰ্বাচনী আচৰণ বিধি ! উপায়ুক্তক তদন্তৰ নিৰ্দেশ নিৰ্বাচনী আয়োগৰ…

ডিজিটেল ডেস্কঃ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ পূৰ্বে বিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ। অসম জাতীয় পৰিষদে উত্থাপন কৰিছে এই অভিযোগ। অজাপৰ এই অভিযোগৰ ভিত্তিতে নিৰ্বাচনী আয়োগে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ বিষয়ত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বহু প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী বিধি উলংঘন কৰি গুৱাহাটীবাসীক পাহাৰত ভূমিৰ পট্টা দিয়াৰ লগতে প্ৰতিটো ৱাৰ্ডতে অৰুণোদয় আঁচনিৰ জৰিয়তে ১০০০ কৈ নতুন হিতাধিকাৰী নিৰ্বাচিত কৰা হ'ব বুলি ঘোষণা কৰিছিল। ইয়াৰ বাবত প্ৰতিটো ৱাৰ্ডক ১০ কোটি টকা প্ৰদান কৰিব লাগিব।

নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ত এইদৰে জনসাধাৰণক প্ৰলোভিত কৰি ভোট আদায়ৰ চেষ্টাক অসম জাতীয় পৰিষদে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা হৈছে বুলি দাবী কৰি নিৰ্বাচনী আয়োগত অভিযোগ দাখিল কৰিছে। অজাপৰ এই অভিযোগৰ ভিত্তিতেই আয়োগে উপায়ুক্ত পল্লৱ গোপাল ঝাক তদন্তৰ নিৰ্দেশ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in