চিনেমাৰ দৰে কাহিনী ! আৰক্ষীৰ কৱলৰ পৰা গো-মাফিয়াক মোকলাবলৈ দৃৰ্বৃত্তৰ সংঘৰ্ষ, দুজন নিহত…

চিনেমাৰ দৰে কাহিনী ! আৰক্ষীৰ কৱলৰ পৰা গো-মাফিয়াক মোকলাবলৈ দৃৰ্বৃত্তৰ সংঘৰ্ষ, দুজন নিহত…
  • গোসাঁইগাঁৱত আৰক্ষী আৰু গো-মাফিয়াৰ মাজত গুলীয়াগুলী।
  • আৰক্ষীৰ গুলীত দুই আন্তঃৰাষ্ট্রীয় গো-মাফিয়া নিহত।
  • গো-মাফিয়া দুজন উত্তৰ প্রদেশৰ আকবৰ বনজাৰা আৰু ছলমান বনজাৰা।
  • প্ৰথমে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুয়োগৰাকী গো-মাফিয়াক।
  • আটকাধীন দুই গো-মাফিয়াক লৈ অভিযান চলাইছিল আৰক্ষীয়ে।
  • অভিযানৰ সময়তে আৰক্ষীলৈ গুলী গো-মাফিয়া চক্রৰ।
  • নিশা প্ৰায় ১-১৫ বজাত সংঘটিত হৈছে এই ঘটনা।
  • গো-মাফিয়া দুজনক মোকলাবলৈ গুলীচালনা চক্রটোৰ।
  • পথত গছ পেলাই আৰক্ষীৰ অভিযানত বাধা দিছিল এই চক্রটোৱে।
  • গো-মাফিয়া চক্রটোক প্রত্যুত্তৰ দিয়ে অভিযানকাৰী আৰক্ষীয়ে।
  • ১৫ মিনিট ধৰি দুয়োপক্ষৰ মাজত চলে প্রচণ্ড গুলীয়াগুলী।
  • আৰক্ষীৰ গুলীত নিহত উত্তৰ প্রদেশৰ গো-মাফিয়া দুজন।
  • ঘটনাস্থলীৰ পৰা জব্দ কৰা হৈছে এটা AK47 ৰাইফল।
  • আৰক্ষীয়ে দুটা মেগজিন আৰু ৩৫ জাই সজীৱ গুলীও উদ্ধাৰ কৰিছে।
  • ঘটনাত চাৰিজন আৰক্ষী জোৱান আহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in