‘ই-শিক্ষা’ ৱেবচাইট মুকলি শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ…

‘ই-শিক্ষা’ ৱেবচাইট মুকলি শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ…

ডিজিটেল সংবাদ,শিৱসাগৰ : ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান গড়গাঁও মহাবিদ্যালয়ে কভিডকালীন জটিল পৰিস্থিতিত শিক্ষাৰ্থীসকলৰ পাঠগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ গ্ৰহণ কৰিছে এক অভিনৱ প্ৰশংসনীয় পদক্ষেপ।

অনলাইন মাধ্যমত নিয়মীয়াকৈ পাঠদান কৰাৰ সমান্তৰালভাৱে যিকোনো সময়ত, যিকোনো স্থানৰ পৰা স্নাতক পৰ্যায়ৰ ছাত্র-ছাত্ৰীসকলৰ পাঠ গ্রহণত সুবিধা হোৱাকৈ মহাবিদ্যালয়ৰ অধ্যাপকবৃন্দই পাঠ্যক্রমত সন্নিবিষ্ট বিষয়সমূহৰ দৃশ্য-শ্ৰাব্য পাঠ, স্ব-শিকন সামগ্রী (চেল্ফ লাৰ্নিং মেটেৰিয়েল),টোকা আদি প্ৰস্তুত কৰি সুশৃঙ্খলিতৰূপত এটি ৱেবচাইটযোগে আগবঢ়াইছে।

অসমৰ মহাবিদ্যালয়সমূহৰ ভিতৰত গড়গাঁও মহাবিদ্যালয়ে প্ৰথমবাৰৰ বাবে এনে সময়োচিত পদক্ষেপ গ্রহণ কৰি এক অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। যোৱাবৰ্ষত কভিডৰ প্ৰথমটো ঢৌৱে শিক্ষাক্ষেত্ৰত পেলোৱা নেতিবাচক প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত তথা অনলাইন শিক্ষাদানৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ কালছোৱাতে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তৰ উদ্যোগত এটি 'ই-ভাণ্ডাৰ'ৰ গঠন কৰি পূৰ্ব বাণীবদ্ধ তথা দৃশ্য-শ্ৰাব্য পাঠ অধ্যাপক-অধ্যাপিকাসকলে শিক্ষাৰ্থীসকললৈ অনলাইন মাধ্যমত আগবঢ়াইছিল।

সেই ধাৰণাকে বহল প্ৰেক্ষাপটত তথা সকলো শিক্ষাৰ্থীৰ বাবে উপলব্ধ হোৱাকৈ গড়গাঁও মহাবিদ্যালয়ে আৰম্ভ কৰা এই প্ৰক্ৰিয়াক পূর্ণাংগ তথা উন্নত মানসম্পন্ন কৰি তুলিবলৈ সকলো অধ্যাপক-অধ্যাপিকাই আন্তৰিকতাৰে প্ৰয়াস অব্যাহত আছে বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে।

ইতিমধ্যে ছাত্র-ছাত্ৰীসকলৰ বাবে মুকলি কৰি দিয়া 'http://gceshiksha.unaux.com/' – এই ৱেবচাইটটোৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ ধাৰাবাহিকতা পৰৱৰ্তী সময়তো অটুট থাকিব বুলি জনোৱাৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে ৱেবচাইটটোৰ গঠনৰ আৰঁৰ কথা এইদৰে ব্যক্ত কৰে – "অনলাইন মাধ্যমত নিৰ্দিষ্ট এক সময়ত সকলো অঞ্চলৰ শিক্ষাৰ্থীৰ পাঠগ্ৰহণত দুৰ্বল নেটৱৰ্ক ব্যৱস্থাদিয়ে বাধাৰ সৃষ্টি কৰে।

তদুপৰি অনলাইন পাঠদান তথা পাঠগ্ৰহণত অনভ্যস্ত শিক্ষক-শিক্ষাৰ্থী দুয়োপক্ষৰে অন্যান্য বহুতো সীমাবদ্ধতা আছে। তেনে পৰিপ্ৰেক্ষিতত বাণীবদ্ধৰূপত আগবঢ়োৱা দৃশ্য-শ্ৰাব্য পাঠৰ পুনৰাবৃত্তি কৰি চোৱা, শুনাৰ সুবিধাই পাঠগ্ৰহণ প্ৰক্ৰিয়া বহু পৰিমাণে সফল কৰি তুলিব পাৰে। ভৱিষ্যতে এই ৱেবচাইটযোগে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অনলাইন পৰীক্ষা তথা মূল্যায়নৰ বাবে পদক্ষেপ গ্রহণ কৰা হ'ব।

তদুপৰি কেৱল গড়গাঁও মহাবিদ্যালয়ৰে নহয় সকলো মহাবিদ্যালয়ৰে শিক্ষাৰ্থী তথা আগ্ৰহীসকলৰ বাবে এই ৱেবচাইটটো মুকলি থাকিব ।" উল্লেখ্য যে ৱেবচাইটটোত পাঠ্যক্রমসম্পৰ্কীয় বিষয়বস্তুৰ উপৰি মহাবিদ্যালয়ৰ উদ্যোগত বিভিন্ন সময়ত অনুষ্ঠিত আলোচনা চক্র, বিভিন্ন বিষয়ত বিজ্ঞজনে প্ৰদান কৰা বক্তৃতানুষ্ঠান, ছাত্র-ছাত্ৰীৰ সৈতে কেৰিয়াৰ বিষয়ক কথোপকথন, বিভিন্ন ডিজিটেল লাইব্রেৰীৰ লিংক, কোভিড-১৯ সম্পৰ্কীয় তথ্য ইত্যাদিৰ সংযোজনে শিক্ষাৰ্থীসকলক প্ৰকৃতাৰ্থত সহায় কৰিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in