/asomiyapratidin/media/media_files/2025/04/14/ISDrdfOxOaaIk1VjtIb4.jpg)
ডিজিটেল ডেস্কঃ বিগত দিনবোৰত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা পথ দুৰ্ঘটনাক লৈ যথেষ্ট উদ্বিগ্ন হৈ পৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই দুৰ্ঘটনাসমূহ অধিকাংশই সংঘটিত হৈছিল দ্ৰুতবেগীত চলা ডাম্পাৰসমূহৰ বাবে। নিয়ম নমনা এই ডাম্পাৰ সমূহৰ বিৰুদ্ধে অভিযান চলাবলৈ পৰিবহন তথা আৰক্ষী বিভাগক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/media_files/2025/04/14/Znjf37b9SzOJ9J9fgAXg.jpg)
যাৰ পৰিপ্ৰেক্ষিতত এই ডাম্পাৰসমূহৰ বিৰুদ্ধে যোৱা ১৩এপ্ৰিল, ২০২৫ৰ নিশাৰে পৰা অভিযান আৰম্ভ কৰিছে পৰিবহন বিভাগে। ধাৰাবাহিকভাৱে চলিব লগা এই অভিযানৰ প্ৰথম দিনটোতে ১৯৯খন ডাম্পাৰৰ নথি-পত্ৰ আৰু ভিন্ন দিশ পৰীক্ষা-নিৰীক্ষা কৰে পৰিবহন বিভাগে।
এই ১৯৯খন ডাম্পাৰৰ ভিতৰত ২৪খন ডাম্পাৰৰ বিৰুদ্ধে নিয়ম নমনাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে পৰিবহন বিভাগে। চিট বেল্ট নলগোৱাৰ বাবে ১৫খন ডাম্পাৰৰ চালকক জৰিমনা বিহে প্ৰথম দিনটোতে।
/asomiyapratidin/media/media_files/2025/04/14/1EqARzutmKPSxD7tlSZF.jpg)
ইয়াৰ বিপৰীতে পলিউশ্যনৰ ক্ষেত্ৰত থকা বিসংগতিৰ বাবে ২খন ডাম্পাৰ, সুৰাপান কৰি গাড়ী চলোৱা ৩খন ডাম্পাৰ, চালকৰ অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলোৱা ১খন ডাম্পাৰৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰে পৰিবহন বিভাগে।
/asomiyapratidin/media/media_files/2025/04/14/IcljNHWfz60jHdhkIDz6.jpg)
আনহাতে অভাৰ লোডিঙৰ অভিযোগত ৩খন ডাম্পাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি বিভাগে ১৮খন ডাম্পাৰৰ বিৰুদ্ধে আদালতত নিজাববীয়া গোচৰ ৰুজু কৰাৰ লগতে ৬খন ডাম্পাৰৰ বিৰুদ্ধে ই চালান আৰু ৩খন ডাম্পাৰ চালকৰ অনুজ্ঞা পত্ৰ বাতিল কৰে।
উল্লেখ্য যে, ৰাজ্যত প্ৰতিদিনে ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পাইছে । তীব্ৰবেগী ডাম্পাৰৰ বাবে নিতৌ ৰাজপথত দুৰ্ঘটনা সংঘটিত হৈছে । বহুতে প্ৰাণ হেৰুৱাইছে আৰু চিৰদিনৰ বাবে ঘূণীয়াও হ'বলগীয়া হৈছে । নিয়ম নমনা এই ডাম্পাৰৰ বিৰুদ্ধে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিশেষকৈ গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিদিনে এই ডাম্পাৰৰ বাবে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ লগতে পৰিবহন বিভাগৰ এই কঠোৰ স্থিতিক আদৰণি জনাইছে সচেতন ৰাইজে।
/asomiyapratidin/media/media_files/2025/04/14/toD9IAKak6z4fh2mT5Yy.jpg)