দুৰ্ধৰ্ষ মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

দুৰ্ধৰ্ষ মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ , নগাঁও : নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক ভাবে অব্যাহত ৰাখিছে অভিযান ৷ ড্ৰাগছ মাফিয়াৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীলৈকে সকলোৰে বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷

নগাঁও সদৰ থানাৰ বিষয়া মনোজ ৰাজবংশীয়ে দেওবাৰে চলোৱা এক অভিযানত জালত পৰিল এগৰাকী দুৰ্ধষ ড্ৰাগছ সৰবৰাহকাৰী ৷

গোপন সুত্ৰৰ পম খেদি বিষয়াজনৰ নেতৃত্ব যোৱা আৰক্ষীৰ দলে খ্ৰীষ্টানপট্টিত অভিযান চলায় ৷ এই অভিযান কালত গ্ৰেপ্তাৰ হয় ৰেচমা বেগম (৩৩) ৷ বেগমৰ জিম্মাৰ পৰা ১৮০ টা কন্টেনাৰ , ১২ গ্ৰাম হেৰ'ইন জব্দ কৰে ৷ ইয়াৰ বাহিৰেও নগদ ২৩ হাজাৰ টকা আৰু এখন স্কুটি জব্দ কৰে আৰক্ষীয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in