নাহৰকটীয়া জয়পুৰ উন্নয়ন খণ্ডলৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ…

নাহৰকটীয়া জয়পুৰ উন্নয়ন খণ্ডলৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ…

ডিজিটেল সংবাদ, নাহৰকটীয়া: নাহৰকটীয়া জয়পুৰ উন্নয়ন খণ্ডই লাভ কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰ। জয়পুৰ উন্নয়ন খণ্ডই বিভিন্ন চৰকাৰী আচঁনিৰ কাম কাজ সুকলমে তথা যথা সময়ত সম্পন্ন কৰাৰ লগতে উন্নয়ন খণ্ডৰ কাৰ্যালয়টো সুচাৰু ৰূপে চলাই নিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে জয়পুৰ উন্নয়ন খণ্ডক সৰ্বশ্ৰেষ্ঠ উন্নয়ন খণ্ড হিচাপে স্বীকৃতি প্ৰদান কৰে ।

জম্মুত অনুষ্ঠিত পঞ্চায়তীৰাজ দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিয়ে দীনদয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ ২০২২ শীৰ্ষক সৰ্বশ্ৰেষ্ঠ উন্নয়ন খণ্ডৰ পুৰস্কাৰ জয়পুৰ উন্নয়ন খণ্ডক প্ৰদান কৰে।অৱশ্যে বিশেষ অসুবিধা হেতুকৰ জম্মুত উপস্থিত থাকিব নোৱাৰাত পুৰস্কাৰটি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰে আৰু ৰাজ্য চৰকাৰৰ ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী ডেইজী ৰাণী শ্যামে জয়পুৰ উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোঁহাইক এই পুৰস্কাৰটি প্ৰদান কৰে।

জয়পুৰ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত ধাদুমীয়া,বৰবাম আৰু দীঘলীয়া পঞ্চায়তক লৈ আয়োজন কৰা বিশেষ গাওঁসভাত এই পুৰস্কাৰটি আনুষ্ঠানিক ভাবে প্ৰদান কৰা হয়।এই পুৰস্কাৰটিত আছে স্মাৰকসহ নগদ ২৫ লাখ টকা।উল্লেখ্য যে এই ধনৰাশিৰে জয়পুৰ উন্নয়ন খণ্ডত এক কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু অত্যাধুনিক সভাকক্ষ নিৰ্মাণ কৰিব বুলি জানিবলৈ দিয়ে খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোঁহাইয়ে।

এই বিশেষ গাওঁসভাত ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী ডেইজী ৰাণীশ্যাম,জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ৰীণা মেচ,ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ বিষয়া উজ্জল শইকীয়া,ধাদুমীয়া পঞ্চায়তৰ সভানেত্ৰী পল্লৱী হাজৰিকা,দীঘলীয়া পঞ্চায়তৰ সভানেত্ৰী পৰাণু খনিকৰ আৰু বৰবাম পঞ্চায়তৰ সভাপতি তোষেশ্বৰ হাজৰিকাকে প্ৰমুখ্য কৰি ভালে সংখ্যক লোক উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in