সুধাকণ্ঠক প্ৰদান কৰা ভাৰতৰত্ন ক’ত? দিছপুৰ থানাত দাখিল এজাহাৰ…

সুধাকণ্ঠক প্ৰদান কৰা ভাৰতৰত্ন ক’ত? দিছপুৰ থানাত দাখিল এজাহাৰ…
  • বিতৰ্কত সুধাকন্ঠৰ ভাৰতৰত্ন
  • ভাৰতৰত্ন ক'ত? তাৰ তদন্ত বিচাৰি দিছপুৰ থানাত এজাহাৰ দাখিল।
  • লেনিন সৌৰভ বৰা নামৰ এজন ব্যক্তিয়ে দাখিল কৰিছে এজাহাৰ।
  • সুধাকণ্ঠক প্ৰদান কৰা এই সন্মানৰ স্মাৰক আৰু মানপত্ৰ ক'ত তাৰ তদন্ত বিচাৰিছে ব্যক্তিগৰাকীয়ে।
  • দিছপুৰ থানাই পঞ্জীয়ন কৰা নাই এই গোচৰ।
  • সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই ৮ আগষ্ট, ২০১৯ত গ্ৰহণ কৰিছিল এই সন্মান।
  • ১০ আগষ্টত এই সন্মান লৈ তেওঁ আহিছিল অসমলৈ।
  • ১৫ আগষ্টত তেওঁ ঘূৰি গৈছিল আমেৰিকালৈ।
  • সুধাকণ্ঠৰ আন সামগ্ৰী সংগ্ৰহ কৰা কলাক্ষেত্ৰক বা ৰাজ্য চৰকাৰক দিয়া নাছিল এই স্মাৰক।
  • অনুমান কৰা হৈছে- সুধাকণ্ঠৰ পুত্ৰই ব্যক্তিগত জিম্মাত ৰাখিছে এই স্মাৰক।
  • এজাহাৰখনত অসমীয়া জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ সুধাকণ্ঠৰ এই সন্মান ক'ত আছে তাৰ অৱস্থিতি জানিব বিচৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in