কোনেও নাজানে সুধাকণ্ঠক দিয়া ‘ভাৰতৰত্ন’ এতিয়া ক’ত…

কোনেও নাজানে সুধাকণ্ঠক দিয়া ‘ভাৰতৰত্ন’ এতিয়া ক’ত…

মৃদুল কুমাৰ সন্দিকৈ

সুধাকণ্ঠক ৮ আগষ্ট, ২০১৪ত প্ৰদান কৰা হৈছিল 'ভাৰত ৰত্ন'। ভূপেন হাজৰিকাক দেশৰ সৰ্ব্বোচ্ছ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰাক লৈ উৎসাহিত আৰু আনন্দিত হৈছিল ৰাজ্যবাসীৰ লগতে তেওঁৰ গুণমুগ্ধসকল। অসমৰ সংগীত জগতৰ এইগৰাকী মহীৰূহক ভাৰত ৰত্ন প্ৰদানৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈ আহিছিল। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখৰ সৈতে সুধাকণ্ঠক মৰোনত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ কথা ঘোষণা কৰিছিল নৰেন্দ্ৰ মোডী চৰকাৰে। এই খবৰে আনন্দৰ বন্যা বোৱাইছিল ৰাজ্যত।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকা সময়ত সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই এই বঁটা গ্ৰহণ কৰা নকৰাক লৈ এক অনিশ্চয়তাৰ পটভূমি ৰচনা কৰিছিল। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত সেই সময়ত আমেৰিকাৰ পৰা এই বঁটা গ্ৰহণ কৰাক লৈ তেওঁ অনিশ্চিয়তা ব্যক্ত কৰি মন্তব্য কৰিছিল। সেই খবৰক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

পৰৱৰ্তী সময়ত এই বঁটা গ্ৰহণ কৰাৰ পক্ষত মত দিছিল সুধাকণ্ঠৰ পুত্ৰই। অৱসান ঘটিছিল ভাৰত ৰত্ন গ্ৰহণ কৰা নকৰাৰ বিতৰ্কৰ। তাৰ পৰৱৰ্তী সময়ত সলনি হৈছিল সেই পৰিৱেশ। স্বাধীনতা দিৱসৰ পূৰ্বে অৰ্থাৎ ৮ আগষ্টত অনুষ্ঠিত ভাৰত ৰত্ন প্ৰদান অনুষ্ঠানত অংশ ল'বলৈ ৫ আগষ্টতে পত্নী-পুত্ৰৰ সৈতে আমেৰিকাৰ পৰা আহি ভাৰত পাইছিলহি সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা।

নতুন দিল্লীৰ পঞ্চ তাৰকাযুক্ত তাজ হোটেলত আছিলহি তেজ হাজৰিকা। আৰু ৮ আগষ্ট, ২০১৯ৰ আবেলি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত ভাৰত ৰত্ন প্ৰদান অনুষ্ঠানত অংশ লৈছিল তেজ হাজৰিকাই। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ পৰা সেইদিনা তেজ হাজৰিকাই গ্ৰহণ কৰিছিল দেশৰ এই সৰ্ব্বোচ্ছ অসামৰিক সন্মান।

সুধাকণ্ঠৰ গুণমুগ্ধসকলৰ সপোন পূৰণ হৈছিল এনেকৈয়ে। গোপীনাথ বৰদলৈৰ পাছত দ্বিতীয়জন অসমীয়াক এই সৰ্ব্বোচ্ছ সন্মান প্ৰদান কৰা হৈছিল। সেয়া আছিল সুধাকণ্ঠৰ প্ৰাপ্য। দেশৰ সংগীত জগতৰে তেওঁ আছিল উজ্বল নক্ষত্ৰ।

৫ নৱেম্বৰ, ২০১১ত এই পৃথিৱীৰ মায়া এৰি গুছি গৈছিল সুধাকণ্ঠ। চৌদিশে সৃষ্টি হৈছিল বিৰাট শূণ্যতাৰ। সুধাকণ্ঠক অন্তিম বিদায় জনাবলৈ সমাগম হোৱা মানুহেৰে সৃষ্টি কৰিছিল অভিলেখ। সুধাকণ্ঠক প্ৰদান কৰা ভাৰত ৰত্ন লৈ ১০ আগষ্টৰ গধূলি গুৱাহাটী পাইছিলহি ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা। এনে এক বিৰল সন্মান গ্ৰহণ কৰি গুৱাহাটীলৈ অহা তেজ হাজৰিকাক অৱশ্যে ৰাজ্য চৰকাৰে বিশেষ অভ্যৰ্থনাৰ ব্যৱস্থা নকৰিলে।

ভূপেন হাজৰিকাৰ পৰিয়াল বাস কৰা নিজৰাপাৰত থকাৰ সলনি তেজ হাজৰিকা থাকিছিলহি গণেশগুৰিৰ সমীপৱৰ্তী নাৰ্ছাৰীত থকা ক'ৰ্ট ইয়াৰ্ক নামৰ হোটেলখনত। সেই হোটেলখনত ১৫ আগষ্টলৈকে আছিল তেজ হাজৰিকা। তাৰ মাজতে নিজৰাপাৰত থকা ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাৰ ঘৰলৈ গৈছিল তেজ হাজৰিকা। লগত লৈ গৈছিল সুধাকণ্ঠক প্ৰদান কৰা ভাৰত ৰত্ন।

সমৰ হাজৰিকাৰ পুত্ৰ ডাৱৰ হাজৰিকা আছিল সুধাকণ্ঠৰ পুত্ৰৰ সৈতে। এক বিশেষ সূত্ৰে জানিব পৰা মতে, সুধাকণ্ঠৰ ভাৰত ৰত্ন ক'ত ৰখা হ'ব তাক লৈ সমৰ হাজৰিকাৰ ঘৰতে হৈছিল আলোচনা। তেজ হাজৰিকাই জনাইছিল কাৰোবাৰ ঘৰত ৰখোৱাতকৈ ভাৰত ৰত্ন স্মাৰকটো এক ৰাজহুৱা স্থানত থোৱাৰ ব্যৱস্থা কৰা হ'ব।

পাৰিবাৰিক মনোমালিন্য থকাৰ বাবে সুধাকণ্ঠক প্ৰদান কৰা এই আগ্ৰহৰ ভাৰত ৰত্ন চাবলৈ তেওঁৰ পৰিয়ালৰ আনসকল সদস্য যোৱা নাছিল সমৰ হাজৰিকাৰ ঘৰলৈ। তাৰ পৰা পুনৰ ভাৰত ৰত্ন উভতাই হোটেললৈ লৈ আহিছিল তেজ হাজৰিকাই।

সেই সময়ত যথেষ্ট কেইজন ব্যক্তিৰ সৈতে ভাৰত ৰত্নটো ক'ত সংৰক্ষণ কৰা হ'ব তাক লৈ আলোচনা হৈছিল। তাৰ মাজতে সাংবাদিকক নিমন্ত্ৰণ কৰি সুধাকণ্ঠৰ পুত্ৰই এই স্মাৰক আৰু সম্বৰ্ধনা পত্ৰ এক সুৰক্ষিত স্থানত সংৰক্ষণ কৰা হ'ব বুলি সদৰী কৰিছিল।

ৰাইজেও আশা কৰিছিল অতি আগ্ৰহেৰে ৰৈ থকা সুধাকণ্ঠক প্ৰদান কৰা ভাৰত ৰত্নটো তেওঁলোকে প্ৰত্যক্ষ কৰিব। সেই ইচ্ছা অৱশ্যে এতিয়ালৈকে পূৰণ হোৱা নাই। সেই অনুষ্ঠানলৈ যোৱা কেইজনমান সৌভাগ্যবানৰ বাহিৰে আৰু সুধাকণ্ঠৰ পুত্ৰৰ সৈতে থকা ঘনিষ্ঠতাসূত্ৰে তেওঁক সাক্ষাতৰ বাবে যোৱা দুই এজনৰ বাদে কোনেও দেখা নাই এই ভাৰত ৰত্ন।

ভৱা হৈছিল- ৰাজ্য চৰকাৰৰ হাতত প্ৰদান কৰা হ'ব এই ভাৰত ৰত্ন পদক। ৰাজ্য চৰকাৰৰ এক উচ্চস্তৰীয় সূত্ৰৰ মতে সুধাকণ্ঠৰ পুত্ৰই ৰাজ্য চৰকাৰৰ সৈতে সহযোগ নকৰি এই পদক ক'ত থৈছে সেয়া অজ্ঞাতে ৰাখি ১৫ আগষ্টৰ ১২.৩০ বজাত গুৱাহাটীৰ পৰা আমেৰিকা অভিমুখে উৰা মাৰিলে সপৰিয়ালে।

ইয়াৰ মাজতে আহিছে আন এক খবৰ। ১৪ আগষ্ট, ২০১৯ৰ সন্ধিয়া সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাতি পঠিয়াইছিল তেওঁ থকা ব্ৰহ্মপুত্ৰ অতিথিশালালৈ। মুখ্যমন্ত্ৰী সোণোৱালে নৈশ আহাৰৰ বাবে নিমন্ত্ৰণ কৰিছিল তেজ হাজৰিকাক। মুখ্যমন্ত্ৰীৰ দুই ঘনিষ্ঠই একালৰ তেজ হাজৰিকাৰ এজন ঘনিষ্ঠৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰিছিল।

কিন্তু সুধাকণ্ঠৰ পুত্ৰই মুখ্যমন্ত্ৰীৰ নিমন্ত্ৰণ স্বীকাৰ নকৰিলে। জানিব পৰা মতে, সুধাকণ্ঠৰ পুত্ৰ ক্ষোভিত হৈ আছিল ৰাজ্য চৰকাৰৰ ওপৰত। আনকি তেওঁক মুখ্যমন্ত্ৰীৰ নৈশ আহাৰ সন্দৰ্ভত কথা পাতিবলৈ যোৱা এজন যোগাযোগকাৰীক তেওঁৰ হৈ মাজত মধ্যস্থতাকাৰী হ'ব নালাগে বুলি টান কথা শুনাইছিল।

ইয়াৰ সলনি সেইদিনা ৰাতি সুধাকণ্ঠৰ পুত্ৰ গৈছিল তেওঁ তৰা এক গোচৰৰ হৈ ওকালতি কৰা এজন অধিবক্তাৰ ঘৰলৈ। ইয়াৰ লগতে আন এজন বিশেষ ব্যক্তিৰ ঘৰলৈ গৈছিল সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা। মুখ্যমন্ত্ৰীৰ নিমন্ত্ৰণ অস্বীকাৰ কৰি সেইদিনা তেওঁ যোৱা এই ব্যক্তি এগৰাকীৰ ঘৰতে গ্ৰহণ কৰিছিল নৈশ আহাৰ।

সুধাকণ্ঠক প্ৰদান কৰা ভাৰত ৰত্ন সংগ্ৰহৰ বাবে মুখ্যমন্ত্ৰীৰ হাতত সেই নৈশ আহাৰতে অৰ্পণ কৰাৰ সুযোগ প্ৰদান কৰা হৈছিল যদিও সেই সুযোগ গ্ৰহণ নকৰিলে তেজ হাজৰিকাই। তেজ হাজৰিকাৰ ঘনিষ্ঠ সূত্ৰৰ মতে তেজ হাজৰিকাই হেনো ৰাজ্য চৰকাৰে তেওঁক গুৰুত্ব নিদিয়া বুলি অভিমান কৰি এই সিদ্ধান্ত ল'লে। জানিব পৰা মতে, ভাৰত ৰত্ন গ্ৰহণ কৰি অসমলৈ অহাৰ সময়ত বৰঝাৰ বিমান বন্দৰৰ পৰা তেওঁক আনিবলৈও প্ৰশাসনে কৰা নাছিল কোনো ব্যৱস্থা।

ইফালে সুধাকণ্ঠই তেওঁৰ মৃত্যুৰ আগতেই তেওঁৰ সন্মান, ব্যৱহাৰ কৰা সামগ্ৰী ক'ত সংৰক্ষণ কৰা হ'ব সেই সন্দৰ্ভত লিখি থৈ গৈছিল। এইবোৰ সামগ্ৰী কলাক্ষেত্ৰত সংৰক্ষণ কৰিব বুলি সুধাকণ্ঠই লিখি থৈ যোৱাৰ পাছতো ভাৰত ৰত্ন আৰু এই সম্বৰ্ধ্বনা পত্ৰ সুধাকণ্ঠৰ ইচ্ছা অনুসৰি পুত্ৰই কিয় কলাক্ষেত্ৰ বা ৰাজ্য চৰকাৰৰ হাতত অৰ্পণ নকৰিলে বুলি প্ৰশ্ন উঠিছে।

কেৱল ব্যক্তিগত বিদ্বেষ আৰু জেদৰ বাবেই অসম তথা সুধাকণ্ঠৰ গুণগ্ৰাহী সকলক ব্যথিত কৰি পুত্ৰ তেজ হাজৰিকাই সেই সন্মান আমেৰিকালৈ লগত লৈ গ'ল নেকি বুলি প্ৰশ্ন উঠিছে। যদি নিয়া নাই, তেনেহ'লে সেইবোৰ ক'ত আছে, তাক লৈও প্ৰশ্ন কৰিছে সুধাকণ্ঠৰ পৰিয়াল তথা গুণমুগ্ধই।

এতিয়ালৈকে কোনেও এই স্মাৰক ক'ত আছে, সেই কথা ৰাজহুৱা কৰা নাই। সুধাকণ্ঠ জীৱিত কালতে এক অনুষ্ঠান হৈ পৰিছিল। তেওঁক প্ৰদান কৰা সন্মান আৰু তেওঁৰ সামগ্ৰীসমূহৰ কৰ্তৃত্ব ৰাজ্য চৰকাৰ তথা তেওঁৰ ন্যাসৰ। এই সম্পদসমূহ ৰাজহুৱাকৈ সংৰক্ষণ কৰাৰ প্ৰয়োজন আছিল যদিও দেশৰ সৰ্ব্বোচ্ছ অসামৰিক সন্মান ভাৰত ৰত্ন এতিয়া ক'ত সেয়া কোনেও নাজানে।

সুধাকণ্ঠৰ পুত্ৰৰ সৈতে ঘনিষ্ঠ সকলেও এই সন্দৰ্ভত তেওঁলোক অৱগত নহয় বুলিহে জানিবলৈ দিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনানুষ্ঠানিকভাৱে তেওঁক সাক্ষাতৰ সময় দি বাসগৃহলৈ নিমন্ত্ৰণ কৰিছিল যদিও সেই অনুৰোধ প্ৰত্যাখ্যান কৰি ৰাজ্য চৰকাৰ, সুধাকণ্ঠ ন্যাস, পৰিয়াল সকলোকে অন্ধকাৰত ৰাখি আমেৰিকালৈ উভতা তেজ হাজৰিকাই সুধাকণ্ঠৰ ভাৰত ৰত্ন অসমত থৈ গ'ল নে লগত লৈ গ'ল তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে।

ৰাইজে বিচাৰে অসমীয়া জাতীয় জীৱনৰ সৈতে একাত্ম হৈ পৰা অসমবাসীৰ হিয়াৰ আমঠু সুধাকণ্ঠক প্ৰদান কৰা দেশৰ এই সৰ্ব্বোচ্ছ সন্মান ৰাজহুৱা স্থানত সংৰক্ষিত হ'ব লাগে। এয়া পুত্ৰ বা পৰিয়ালকৰ কাৰোৰে ব্যক্তিগত সম্পত্তি নহয় বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বহুজনে।

সুধাকণ্ঠৰ ইচ্ছা অনুসৰি ভাৰত ৰত্ন কলাক্ষেত্ৰতে সংৰক্ষিত হ'ব লাগে বুলি দাবী উঠিছে যদিও এই মুহূৰ্তলৈকে কোনেও নাজানে পুত্ৰ তেজ হাজৰিকাই ক'ত থৈ গ'ল সুধাকণ্ঠৰ এই ভাৰত ৰত্ন পদক।

১৬ আগষ্ট, ২০১৯ত দিছপুৰ থানাত এই সন্দৰ্ভত এজন ব্যক্তিয়ে ৰুজু কৰিলে গোচৰ। এই গোচৰত লেলিন সৌৰভ বৰা নামৰ সাংবাদিকজনে জানিব বিচাৰিছে সুধাকণ্ঠক প্ৰদান কৰা ভাৰতৰত্ন এতিয়া ক'ত? এই পৰ্যায় পাইছেগৈ সুধাকণ্ঠৰ ভাৰতৰত্ন। মৃত্যুৰ পাছতো অপমান আৰু বিতৰ্কৰ পৰা ৰক্ষা পোৱা নাই সুধাকণ্ঠই। দেশৰ সৰ্বোচ্চ সন্মান সুধাকণ্ঠক প্ৰদান কৰাৰ সময়ত সকলোৱে আৱেগিক হৈছিল। কিন্তু শেহতীয়া কাৰ্যকলাপে সকলোৰে চকু কপালত তুলিছে। প্ৰশ্ন উঠিছে তেজ হাজৰিকাৰ ভূমিকাক লৈ। সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ উদাসীনতাকো সমালোচনা কৰাৰ অৱকাশ আছে। এই বিতৰ্কই পুনৰ সকলোৰে হিয়াৰ আমঠু সুধাকণ্ঠৰ সন্মানৰ প্ৰতি যেন আন এক আঘাত। জাতীয় জীৱনৰে যেন আন এক অপমান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in