ধেমাজিৰ কাছাৰী ময়দানত দিনযোৰা কাৰ্য্যসূচীৰে আলি আঃয়ে লৃগাং উদযাপন

মিছিং জনগোষ্ঠীৰ লোকসকলৰ কৃষি ভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। ধেমাজিৰ কাছাৰী ময়দানত দিনযোৰা কাৰ্য্যসূচীৰে ধেমাজি টাউন টি,এম,পি,কে, আৰু ধেমাজি চৃঃচাং অপেৰ উদ্যোগত আলি আঃয়ে লৃগাং উদযাপন কৰে ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-01 at 8.58.40 PM

ডিজিটেল সংবাদ,ধেমাজিঃ  মিছিং জনগোষ্ঠীৰ লোকসকলৰ কৃষি ভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং।ধেমাজিৰ কাছাৰী ময়দানত দিনযোৰা কাৰ্য্যসূচীৰেধেমাজি টাউন টি,এম,পি,কে, আৰু ধেমাজি চৃঃচাং অপেৰ উদ্যোগত আলি আঃয়ে লৃগাং উদযাপন কৰে ৷ পুৱাই আদৰনী তোৰণ উন্মোচন কৰে মিচিং দৃৰবি কেবাঙৰ কোষাধ্যক্ষ হৰিপ্ৰসাদ মিলিয়ে । মুৰংঘৰ উন্মোচন কৰে দঃঞি-পঃল য়েলাম কেবাঙৰ সভাপতি একলব্য গামে। মুল মণ্ডপ উদ্ধোধন কৰে মিচিং আগম কেবাং ( মিচিং সাহিত্য সভা)ৰ সচিব সোমেশ্বৰ কপ্তাকে। 

WhatsApp Image 2026-03-01 at 8.08.08 PM (1)

সাংস্কৃতিক প্ৰতিযোগিতা উদ্ধোধন কৰে প্ৰতিমা পাণ্ডে সন্মান প্ৰাপক একলব্য গামে ।পৰম্পৰাগত প্ৰথাৰে নীতি নিয়ম পালন কৰাৰ লগতে ডেকা, গাভৰু আৰু বোৱাৰীসকলে অনুষ্ঠিত কৰা গুমৰাগ নৃত্য,লত্তা নৃত্য(চোতাল বিহু) আদিৰ সাংস্কৃতিক প্ৰতিযোগিতাসমূহ সুচাৰুৰূপে পৰিচালনা কৰে য়কচা কুলি,মহেন্দ্ৰ চিন্তে,কৃষ্ণকান্ত দলে আৰু প্ৰনৱ নৰহে। 

ইপিনে বিচাৰকৰ ভূমিকা পালন কৰে ক্ৰমে-বিশিষ্ট অভিনেতা তথা ঢুলীয়া কুলধৰ পেগু,দিগন্ত কুলি, নীম কুমাৰ পেগু আৰু ধনীমাই য়েইনে । অনুষ্ঠানত ধেমাজিৰ জেষ্ঠ নাগৰিক সকলক সম্বৰ্ধনা জনোৱা হয় আৰু বিভিন্ন জনগোষ্ঠীয় কৃষ্টি দলৰ ৰহনীয়া কৃষ্টিও প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু , টি, এম ,পি, কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলে , কেন্দ্ৰীয়  সম্পাদক  চান দঃঞি পাংগিং , সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ- সভাপতি মনোজ গগৈ,ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, টি.এম. পি.কিৰ কেন্দ্ৰীয় সাহিত্য সম্পাদক বিদ্যাসাগৰ দলে , তিৱা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সম্পাদক বিপুল লুম্পই ৷ 

WhatsApp Image 2026-03-01 at 8.08.08 PM

অনুষ্ঠানত প্ৰায় কুৰিটা কৃষ্টি দলে অংশগ্ৰহণ কৰা গুমৰাগ নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে মাজুলী কাৰ্কীচুক গুমৰাগ দল , দ্বিতীয় স্থান লাভ কৰে গোগামুখৰ গিপুন বিৰদুগ গুমৰাগ দল আৰু তৃতীয় স্থান লাভ কৰে গোগামুখৰ নাহৰবাৰী গুমৰাগ দলে ৷ মন্ত্ৰীয়ে বিজয়ী দল সমূহক পুৰস্কাৰ প্ৰদান কৰে ৷ সন্ধিয়ালৈ জনপ্ৰিয় কণ্ঠ শিল্পী বিনোদ বায়,দীক্ষিতা দত্ত আৰু গাৰ্গী পাটগিৰিৰ গীতৰ শৰাইৰে অনুষ্ঠানৰ সামৰণি পৰে ৷

ধেমাজি