চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত…

চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত…

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহচক্ৰ অন্তৰ্গত চিচিবৰগাঁও আৰক্ষী চকী অধীনৰ  গাইনদী পকা দলঙৰ সমীপৰ গাই নদী দেউৰী গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে বিয়লি প্ৰায় ১.২০  বজাত এক ভয়ংকৰ মুখামুৰ্খী পথ দুৰ্ঘটনা ত থিতাতে ২ জন যুৱক নিহত হয়৷ জানিব পৰা মতে দুয়োজনৰ একে ঘৰৰ ওচৰৰে ধেমাজিৰ ১নং ভৰালীচুকৰ অপূৰ্ব ভূঞাঁ(২৮) আৰু দিব্যজ্যোতি দেউৰী(২৭) নামৰ বিবাহিতা যুৱক দুজনে এখনি এল্ট' গাড়ীয়ে ধেমাজিৰ পৰা চিলাপথাৰ দিশে গৈ থকা অৱস্হাতে ডিব্ৰুগড়ৰ  পৰা ধেমাজি দিশে আহি থকা NDRF ৰ AR 02 6055 নম্বৰৰ এখন এম্বলেন্স গাড়ী আৰু ধেমাজি দিশৰ পৰা গৈ থকা উক্ত যুৱকজনৰ AS 22F 2788 নম্বৰৰ মাৰুতী এল্ট' গাড়ীৰ সৈতে তীব্ৰ বেগে মুখামুখীকৈ হোৱা সংঘৰ্ষত দুয়োজন যুৱক ক্ৰমে অপূৰ্ব ভূঞাঁ আৰু দিব্য জ্যোতি দেউৰী থিতাতে নিহত হয়| দুৰ্ঘটনা টো ইমানেই ভয়ংকৰ আছিল যে পিছত NDRFৰ দলৰ গাড়ীখনৰ  মেছিনেৰে কাটিহে গাড়ীখনৰ পৰা মৃতদেহ উলিয়াবলগীয়া অৱস্থা হৈছিল ৷

পঢ়িবলৈ ক্লিক কৰকঃ ১ মিনিটত ২৫ খবৰ…

ইফালে, অসমত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। তাৰ মাজতে শনিবাৰে ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন ঠানত কৰা ৩৮২৫ গৰাকী ক'ৰোনা টেষ্ট পৰীক্ষাত ৯১ গৰাকীয়েই কোভিড পজিটিভ হিচাপে ধৰা পৰিছে ৷ শনিবাৰে  চিনাক্ত লোক কেইজনৰ সৈতে  জিলাখনত ক'ভিড পজিটিভৰ সংখ্যা ৩৫৪৩ জনলৈ বৃদ্ধি পালে । সুস্থ হোৱা বাবে জিলা স্বাস্থ্য বিভাগে হোম আইছু'লচন আৰু চিকিৎসালয়ৰ পৰা  মুঠ ৫৬ জনক ৰিলিজ কৰিছে ৷ শনিবাৰে জিলা স্বাস্থ্য বিভাগে উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়লৈ দুজনক প্ৰেৰণ কৰিছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in